প্রথম টি-২০ত ৪৮ ৰানত জয় টীম ইণ্ডিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচ টি-২০ত ঘৰুৱা দল টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ২৩৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি গ্লেন ফিলিপছৰ ৭৮, মার্ক চেপমেনৰ ৩৯ আৰু ডাৰিল মিচেলৰ ২৮ ৰানৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৯০ ৰানহে কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ অভিষেক শৰ্মাৰ ৮৪ আৰু ৰিংকু সিঙৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ২৩৮ ৰান কৰে। ইনিংছ আৰম্ভণি সুখকৰ নাছিল ভাৰতৰ। দলীয় স্ক’ৰ ২৭ ৰানত সঞ্জু ছেমছন (১০) আৰু ঈশান কিশন (৮)ক হেৰুৱায়। অৱশ্যে ৩৫ বলত ৮৪ ৰান কৰা অভিষেকে অধিনায়ক সূর্যকুমাৰৰ সৈতে তৃতীয় উইকেটত ৯৯ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। সূর্যকুমাৰে ৩২ ৰানত বিদায় লয়। । ইফালে হার্দিক পাণ্ডিয়াই ২৫ ৰান কৰে। ৰিংকুৱে মাত্র ২০টা বলত অপৰাজিতভাৱে ৪৪ ৰান সংগ্ৰহ কৰি দলক সবল স্থিতিত উপনীত কৰায়।
