শিখা শর্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ

Pc MyNeta

শিখা শর্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা শিখা শর্মাক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।  উল্লেখ্য যে মহানগৰীৰ পাথৰ কুঁৱেৰীস্থিত নীলাচল এপার্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা শিখা শৰ্মাৰ দুদিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিছিল। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰা শিখা শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত ২/২৬ নম্বৰত গোচৰ ৰুজু হৈছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰাইছিল আৰু আদালতে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত দিছিল।  শিখা শর্মাক পাণবজাৰ মহিলা থানাৰ পৰা পোনে পোনে আদালতলৈ নিয়ে আৰক্ষীয়ে। আদালতে শিখা শৰ্মাৰ জামিন মঞ্জুৰ নকৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে, শিখা শৰ্মাই জামিন কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেই লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। পাণবজাৰ মহিলা থানাৰ পৰা আদালতলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শিখা শর্মাই অসংলগ্নভাবে কয় যে কংগ্ৰেছৰ বাবেই তেওঁ জামিন পোৱা নাই। তেওঁ কয়- ‘মানহানি গোচৰ জামিনযোগ্য হোৱা সত্ত্বেও মোৰ বিৰুদ্ধে কিয় জামিনবিহীন হ’ল। মই লিখা কথাৰ সকলো উত্তৰ আদালতত দিম।’