প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল’লে নীতিন নবীনে
ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে নীতিন নবীনে। দলৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা বিজেপিৰ ‘সংগঠন পৰ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ বিদায়ী ৰাষ্ট্ৰীয় প্ৰধান জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত নীতিন নবীনক নিৰ্বাচনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে । উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে সোমবাৰে নীতিন নবীনৰ হৈ ৩৭খন মনোনয়ন-পত্র দাখিল হৈছিল। সভাপতি নিৰ্বাচনৰ বাবে দলৰ একমাত্র প্রার্থী হিচাপে প্রক্ষেপিত হোৱা নীতিন নবীন পৰৱৰ্তী সভাপতি হোৱাটো সোমবাৰেই নিশ্চিত হৈছিল যদিও মঙলবাৰে বিজেপিৰ দলীয় নিৰ্বাচনৰ ৰিটার্নিং বিষয়া কে লক্ষ্মণে দলৰ নতুন সভাপতি ৰূপে নীতিন নবীনৰ নাম ঘোষণা কৰাৰ পাছতে মুখ্য কার্যালয়ত আনুষ্ঠানিকভাৱে পদৰ দায়িত্ব গ্ৰহণ কৰে নতুন সভাপতিগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সভাপতিগৰাকীক মিঠাই খুৱাই, ফুলৰ থোপাৰে নতুন দায়িত্বৰ বাবে সম্বর্ধনা জনায়। উল্লেখ্য যে সর্বকনিষ্ঠ ৰূপে শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্রহণ কৰা নীতিন নবীনে বিহাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেও দায়িত্ব চম্ভালি আছিল। দলৰ বিভিন্ন সাংগঠনিক কামত দীর্ঘসময় জড়িত হৈ থকা নীতিন নবীনে বিহাৰৰ পৰাই ৫বাৰকৈ বিধায়ক পদত বিজয়ী হৈছিল। দায়িত্বভাৰ লৈ নতুন সভাপতি নীতিন নবীনৰ ঘোষণা- অহা সময়ছোৱাত অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালাত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। এই আটাইকেইখন ৰাজ্যত জনবিন্যাসৰ ব্যাপক পৰিৱৰ্তনৰ কথা চৰ্চা হৈ আছে। জনবিন্যাসৰ এনে পৰিৱতনে ৰাজ্যসমূহত সমস্যাসমূহ ওলট-পালট কৰিছে। সেয়েহে বিজেপিৰ বাবে এই নির্বাচনসমূহ প্রত্যাহ্বান হ’ব। কিন্তু আমি সম্পূৰ্ণ ৰূপে বিশ্বাসী যে বিজেপিৰ কাৰ্যকৰ্তাই পৰিশ্ৰমৰ জৰিয়তে এই ৫খন ৰাজ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। সনাতন ধৰ্ম ৰক্ষা কৰাৰ বাবে আমি কিদৰে সংঘৰ্ষ কৰিব লাগিব সেই আস্থা ৰাখিব লাগিব আৰু নিশ্চিত ৰূপে দেশক সুৰক্ষিত কৰি ৰখাৰ বাবেও এই প্রত্যাহ্বান গ্রহণ কৰিব লাগিব। আনহাতে নতুন সভাপতিক উম্ম আদৰণি জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয়- মই বিজেপিৰ এগৰাকী কাৰ্যকৰ্তাহে। মোৰ বছ নীতিন নবীন। ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰণি জনাই প্রধানমন্ত্রী মোদীয়ে কয়- চর্চা হয় দেশৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ লৈছে নৰেন্দ্ৰ মোদীয়ে, ৫০ বছৰৰ তলত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে, বিগত ২৫ বছৰ প্ৰশাসনৰ মুৰব্বী হিচাপে আছে, কিন্তু এই সকলোবোৰ নিজৰ স্থানত আছে। মূল কথা হ’ল- মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কার্যকর্তা। এয়াই মোৰ বাবে গৰ্বৰ কথা। যেতিয়াই দলৰ কথা আহে, তেতিয়া নীতিন নবীন হ’ল মোৰ বছ আৰু মই তেওঁৰ কাৰ্যকর্তা। উল্লেখ্য যে নতুন সভাপতিৰ দায়িত্ব গ্ৰহণৰ দিনাই দিল্লীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ শীৰ্ষ নেতৃত্বৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা যোৱা কাৰ্যকৰ্তাসকলক উদ্দেশ্যি প্রধানমন্ত্রী আৰু নতুন সভাপতিগৰাকীয়ে ভাষণ আগবঢ়ায়। ইফালে নতুন সভাপতিগৰাকীক আজি আনুষ্ঠানিক সম্বর্ধনা জ্ঞাপন কৰিলে ৰাজ্যিক বিজেপিয়ে। কাৰ্যকৰী সভাপতি ৰূপে ইতিপূর্বে অসম ভ্ৰমণ কৰি ৰাজ্যিক বর্ধিত কার্যনির্বাহকত অংশগ্ৰহণ কৰি যোৱা নীতিন নবীনক আজি নতুন দায়িত্বভাৰ লোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো নেতাই বৰকাঁহ, নাগাৰা, জাপি আদিৰে আদৰণি জনায়। নীতিন নবীনক এখন ফুলাম গামোচাৰে সম্বর্ধনা জনায় কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।
