ব্ৰহ্মপুত্ৰৰ সিপাৰে
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
ব্ৰহ্মপুত্ৰৰ সিপাৰে
কুঁৱলী আছন্ন এখন গাঁও
ওখ ওখ কংক্ৰিটৰ টান টান
দেৱালেৰে আবৃত বিলাসী বাসভৱন
চাৰিচকীয়া জাকজমক বাহনৰ ভিৰ
অলিয়ে গলিয়ে আধিপত্যৰ
সুবাসত মতলীয়া প্ৰতিজন
নিজৰ বাদে অইন কাকো নেদেখে।
একতাৰ নাম গোন্ধ নাই ক’তো
ভাতৃত্বৰ আমেজৰ পৰা বহু নিলগত
স্বাৰ্থন্ধৰ মোহত প্ৰতিবন্ধী হৈ হৈ
জীৱনৰ মাধুৰ্য তাতেই শেষ কৰে।
অসমৰ বুকুৰ মাজত অৱস্থিত সি
তথাপি যেন উমান নাপায়
এই দেহৰ দূৰৱস্থাৰ মৰ্মান্তিক বতৰা
ক’ত যে পৰি দাঁতিৰ কাষত অসুস্থ হৈ।
কেতিয়াবা ৰেইল লাইনৰ কাষত
অ’ভাৰ ব্ৰিজৰ তলত নহ’লে আকৌ
নৰ্দমাৰ কাষত ৰাতি ভোকে উজাগৰে
কটাইছে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি
কাৰ অহাৰি আছে খবৰ এটা ল’বলৈ
পানী এবটল আগবঢ়াই দিবলৈ
এসাঁজ ভাত পেট পূৰাই খুৱাবলৈ।
সকলো ব্যস্ত টকা ঘটি আধিপত্য
বিস্তাৰ কৰাৰ প্ৰতিযোগিতাত
যাৰ সুবাদে হেৰাই গৈছে লাহে লাহে
মানৱতাৰ, সৰলতা আৰু কোমলতা।
সৰুতে শুনিছিলোঁ, পঢ়িছিলোঁ
ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা সুন্দৰ গাঁওখনৰ
মনোৰম বৰ্ণনা, ওখ ওখ অট্টালিকাৰ কথা
জন নগৰীত জনসমুদ্ৰৰ কাহিনী
বিলাসী জীৱন ধাৰণৰ মোহনীয় বৰ্ণনা
ক’তো কোৱা নাছিল যে
তাত মাথোঁ মানুহৰ ৰূপত যন্ত্ৰ থকাৰ কথা
যাৰ আবেগ, দয়া, মমতা, সহানুভূতি
কোনো এটা গুণ নাই বুলি
কোৱা নাছিল উচ্চ-নীচ , জাত-পাত
ধনী-দুখীয়াৰ মাজত ভেদ-ভাৱ থকা বুলি
গাঁৱৰ সহজ সৰল মানুহো সেই গাঁওত গ’লে
আধুনিকতাৰ মুখা পিন্ধি শিষ্টাচাৰ, সদাচৰণ
সকলো পাহৰি যাই বুলি ।
সঁচাই ব্ৰহ্মপুত্ৰৰ সিপাৰৰ গাঁওখন ৰহস্যময়ী
যাৰ স্পৰ্শত এজন সাধাৰণ ব্যক্তিও
অসাধাৰণ আচৰণ কৰিবলৈ আৰম্ভ কৰে,
নম্ৰ-ভদ্ৰ, শান্ত-শিষ্টো কন্যাও পাহৰি যায়
নিজৰ অৱস্থান, নিজৰ অস্তিত্বৰ কথা।
