তোমাৰ হাঁহিতে প্ৰেম
প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ
তোমাৰ চকুলৈ চালে
প্ৰেমৰ জোনাক নামে
তুমি চাগে নাজানা
তুমি মোৰ দুচকুত
নিবিচাৰিবা আকৌ
দুপাখি বেলি
এসাগৰ মৰম
বিচাৰিলে বুলিৰে
গুজি দিব নোৱাৰোঁ
মোৰ বুকুৰখন
হেৰুৱাব নুখুজো
দুনাই তোমাৰ সেই
কাঁচি জোনৰ হাঁহিত
মোৰ তেজাল কলিজাখন।
