অস্তিত্বৰ আৰ্তনাদ
এহিয়া আহমেদ
বৰথল কছাৰীগাঁও, মৰিগাঁও
নদীৰ বুকুত ক্ষত হৈ
চৰ-চাপৰি জন্মে, আকৌ লুপ্ত হয়;
সেই ক্ষতৰ ওপৰতে গঢ় লয়
চৰৰ মানুহৰ জীৱন-ধাৰণৰ স্বপ্ন।
বালিত লিখা নামবোৰ
নদীয়ে পঢ়িবলৈ নিদিয়ে,
জোৱাৰৰ আগতেই মচি পেলায়
একোটা পৰিচয়, একোটা অস্তিত্ব।
ঘামত সিজে যাৰ অন্ন,
ৰ’দে পুৰে দেহৰ ছাল;
তথাপিও তেওঁলোকৰ নিৰলস শ্ৰম
সন্দেহৰ চকুত যেন অপবিত্ৰ!
মাতৃভূমিৰ কোলাত জন্ম লৈয়ো
‘মাতৃ’ বুলি মাতিবলৈ আজি ভয়;
নিজৰ মাটিত থিয় হৈয়ো
প্ৰমাণ বিচাৰি ফুৰিব লাগে
আইন-আদালতৰ কাগজৰ বুকুত
নাম বিচাৰি বিচাৰি
আয়ুস নাইকীয়া হৈ পৰে;
শিশু বৃদ্ধ হয়, আৰু বৃদ্ধ হয় নিঃশেষ।
নিশাৰ নিস্তব্ধতাত
চৰ-চাপৰিৰ কেঁচা ঘৰৰ পৰা
উঠে এক নীৰৱ প্ৰশ্ন—
“আমি জানো এই মাটিৰ সন্তান নহয়?”
হে সমাজ,
নদীৰ সোঁত যেনেকৈ ৰুদ্ধ কৰিব নোৱাৰি,
তেনেকৈ চিৰকাল দমাই ৰাখিব নোৱাৰি—
মানৱতাৰ ক্ষুধা আৰু ন্যায়ৰ আৰ্তনাদ।
