কোকৰাঝাৰত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে নিশা প্রায় ৮ বজাত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে কোকৰাঝাৰৰ পৰিস্থিতি। আজি পুৱাৰ পৰা কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। উত্তেজিত ৰাইজে বীৰছা কমাণ্ডো ফ’ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰ জ্বলাই দিয়ে। ইয়াৰ পিছতে প্রতিবাদী জনতাক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাৰ উপৰি কন্দুৱা গেছ প্রয়োগ কৰিবলৈ বাধ্য হয়। যাৰ বাবে পৰিস্থিতিৰ অধিক অবনতি ঘটিছে। কোকৰাঝাৰত সংঘটিত এই ভয়ানক কাণ্ডক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ৩১ নম্বৰ ঘাইপথৰ কাৰিগাঁৱৰ সমীপৰ গৌৰীনগৰত সোমবাৰে নিশা প্ৰায় ৭ বজাত সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উক্ত ঘটনাত চিকনা জৌহালৌও বিস্মিত (৩২) নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে সুনীল মুৰ্মু (৪০) নামৰ লোকজনক চিকিৎসালয়লৈ অনাৰ দুঘণ্টামান পাছত মৃত্যু হয় ৷ আনহাতে, বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ থকা বাকী তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । নিহত চিকনা জৌহালৌও বিস্মিতৰ ঘৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত বাশবাৰী প্ৰথম খণ্ড গাঁৱত আৰু সুনীল মুৰ্মুৰ ঘৰ কাৰিগাঁৱৰ ওচৰৰ গুৰুং গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে, ঘটনাত আহতসকল ক্ৰমে কাৰিগাঁৱৰ ওচৰৰ গুৰুং গাঁৱৰ মহেশ মুৰ্মু (৫০), অণ্ঠাইগৗলা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে প্ৰভাত ব্ৰহ্ম (৫০) আৰু যুগিৰাজ ব্ৰহ্ম (১৭) বুলি জানিব পৰা গৈছে ।আহতসকলক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তিনিওজনৰে অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে ৷ আনহাতে, ঘটনাস্থলীত উত্তেজিত ৰাইজে চিকনা জৌহালৌও বিস্মিতে লৈ যোৱা স্কৰপিঅ’ বাহনখন জ্বলাই দিয়ে । কোকৰাঝাৰত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা । অসম চৰকাৰৰ ৰাজনৈতিক (প্ৰশাসন) বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে অসম চৰকাৰে কোকৰাঝাৰ জিলা ন্যায়াধীশৰ জৰিয়তে এক গুৰুতৰ আইন-শৃংখলা জড়িত পৰিস্থিতিৰ বিষয়ে অৱগত হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰা নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে এই ঘটনাবোৰ সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰি সামাজিক অস্থিৰতা সৃষ্টিৰ তীহ্ৰ আশংকা আছে । সেয়েহে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে কাৰ্যকৰা হোৱাকৈ জিলাখনত মোবাইল ডাটা ছাৰ্ভিচ আৰু আৰু ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে সোমবাৰৰ নিশাৰ পৰা উদ্ভৱ হোৱা ঘটনা সন্দৰ্ভত এতিয়ালৈকে ১৯ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ লগতে জিলাখনলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰাই কোকৰাঝাৰৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। ইপিনে, সমগ্র ঘটনা সন্দৰ্ভত DGP হৰমীত সিঙৰে টেলিফোনিক বার্তালাপত মিলিত হয় মুখ্যমন্ত্রী ড০ শর্মা।
