ছয় মাঘত তোলৈ অনুভৱৰ দুকলম
মৃগাংক বৰুৱা, গোলাঘাট
আজি ছয় মাঘ
তোৰ জন্মদিন
জন্মদিন আহে প্ৰতি বছৰে যদিও
দেখিবি সূৰ্যটি প্ৰতি পুৱাতেই নতুন
যাৰ উত্তাপত জীয়াই তুলিব পাৰি ন’ ন’ সপোন
মইও দেখোঁ তোৰ মুখনিত
শালিকী পুৱাৰ ৰ’দালি
আৰু মনত পৰে
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কথাষাৰি–
“ৰাতি যিমানেই কঠিন হ’ব
প্ৰভাত সিমানে উজ্জ্বল হ’ব
চাৰিওফালৰ পৰা আন্ধাৰে
আৱৰি ধৰিলেও ভয় নকৰিবা প্ৰভাত হ’বই।”
তোৰ মঙ্গল কামনাৰে আয়, বোপায়ে
গোঁসাই ঘৰৰ থাপনাৰ প্ৰতিচ্ছবি এখনো
সদায়েই হৃদয়ত ৰাখে
মন গলেই প্ৰাৰ্থনা এটি জুৰিবলে…
জন্মদিন আহে প্ৰতি বছৰে
আইৰ আচলৰ উমত
লাই হালে জালে আবেলিৰ বতাহে শুনা ক্ষণটি
নাহে যদিও দুনাই
ওৰেটো জীৱনলৈ সেই নিচুকনি গীতৰ সুৰতেই
জীৱনৰ লয় আৰু গতি বিচাৰি পাবি
জানিবি বিফলতাইহে সফলতা আনে
তেতিয়াহে সফলতাৰ সিটোপাৰে
অনাবিল আনন্দ থাকে…
আজি ছয় মাঘ
তোৰ জন্মদিন
দুবৰি-তুলসীৰে গঙ্গা আৱাহন কৰা পানী
তোৰ মূৰত ছটিয়াই কওঁ
ডাঙৰ মানুহ হবি
মানুহক দুখ নিদিয়া মানুহ
অহংকাৰ দূৰতে ৰাখিবি
জনপ্ৰিয়তা, সফলতা সময়ে দিব
আকাশৰ সৈতে কথা পাতি
তোৰ সপোনবোৰ সদায়েই জীয়াই ৰাখিবি…
