প্রাত্যাহিক ব্যস্ততাৰ মাজত বিনন্দীয়া বিতোপন জীৱনধাৰা
দুলুমণি দেৱী,মাকুম
পৃথিৱীপৃষ্ঠৰ সমাজখনত প্রাত্যাহিক ব্যস্ততাৰ মাজত হেঁপাহৰ মুকুতা বুটলিবলৈ যাওঁতে বহুজনৰ লগত স্নেহৰ বন্ধন অধিক কটকটীয়া হৈ পৰে৷সৃষ্টিৰ বাটত এসোপামান ৰঙীন ভাৱনাই ক্রীড়া কৰে ৷ উগুল থুগুল মনত প্রাণচঞ্চলতা জাগে ৷সংগীতৰ সুৰ সমলয় বাজে৷ জীৱন বাটত বিশ্বাসী ব্যক্তিৰ পৰা পোৱা উপহাৰে মনোজগত মধুময় কৰি তোলে ৷
কৌতুলহী মনত প্রশ্নৰ উদয় হয় সেই স্নেহৰ বান্ধোন ভিন্নৰূপ হৈ কিয় দেখা দিয়ে ?ভাবিলে আচৰিত লাগে এয়ে যে স্নেহৰ বান্ধোনত আৱদ্ধ হোৱা বিশ্বাসীজনে যেতিয়া ভুল শুদ্ধ বিশ্লেষণ নকৰি বদনাম ৰচনাত বর্তী হয়, তেতিয়াই সংঘর্ষৰ বতাহজাকে ক্রীড়া কৰে৷ মৰম স্নেহ ভাতৃত্ববোধত বাধা আহে ,সেই বিশ্বাসী জন বাই ভনী ,ককাই ভাই , বা জীৱন বাটত লগ পোৱা সুন্দৰ মনৰ গৰাকীজনো হব পাৰে , সেই সময়তে চিনাকিজনও অচিনাকি হৈ পৰে ৷মৰম স্নেহৰ মাজত সংঘাত ,সংশয় আহি পৰে৷ তাতকৈ সেই সময়খিনি আলোচনাৰ মেজলৈ যদি নিয়া হয় সমস্যাৰ সমাধান হয় আৰু অশান্তিৰ সৃষ্টি নহয় ৷ মানুহ মাত্রেই ভুল থাকে ,মানুহ মাত্রেই পাহৰণি থাকে ,বিশ্লেষণ থাকে ৷বিশ্লেষণ যেতিয়া নহয় সৌন্দর্যপিপাষু মনটোও বিদ্রোহী হৈ পৰে আৰু সংঘর্ষৰ বতাহ বলে ৷ মগজুৰ দুৱাৰেদি সোমাই সেই সংঘর্ষৰ বতাহজাক মগজুৰ কোমল কোঁহবোৰ যেতিয়া আৱৰি ধৰে তেতিয়াই সৃষ্টি হয় হিংসাৰ মজিয়াIহিংসাৰ মজিয়াত দপদপাই থাকোতে মানুহে পাহৰি যায় সম্প্রীতি ,সম্বন্বয়ৰ কথা ৷
সুবিশাল পৃথিৱীৰ বুকুত বিনন্দীয়া বিতোপন জীৱন কেনেকৈ পাব পাৰি তাক লৈ প্রায় মানুহে চিন্তা কৰে৷ এই পৃথিৱীতে পোৱা যায় সংঘাত ,সংগ্রাম ,দুখ সুখ সকলোটি ৷ তাৰে মাজত যেতিয়া সুখৰ ৰেঙণি বিয়পি পৰে তেতিয়া সকলোফালে বিনন্দীয়া বিতোপন যেন লাগে ৷কিন্তু যেতিয়া সংঘাত আহি পৰে তেতিয়া প্রকৃতিজগত খনো ভাল নলগা হৈ পৰে৷
এই পৃথিৱীত সম্পর্কৰ সুৱাসে নতুনৰ পথ দেখাব পাৰে ৷ যদিও সম্পর্কৰ ধৰণ ভিন্ন ,তথাপি ই নতুনৰ সোৱাদ দিব পাৰে বিতোপন জীৱনধাৰাও সৃষ্টি কৰিব পাৰে৷ সম্পর্ক প্রত্যেকৰে জীৱনত থাকে ,কাৰোবাৰ লগত বন্ধুত্বৰ ,কাৰোবাৰ লগত প্রেমৰ সম্পর্ক ইত্যাদি ৷এই মধুমিলনৰ সম্পর্কবোৰে আমাক লৈ যায় সংঘাতে আৱৰা সময়বোৰতো মিঠা কিছু পৰশ দিবলৈ,জীৱনটো মধুময় কৰি তোলাৰ কৌশল আয়ত্ব কৰিবলৈ লগতে সময়ৰ দৌৰত দৌৰিবলৈ যিখিনি আমাক নিজৰ মগজুৰে ঢুকি পালেও পৰিস্থিতিয়ে পাহৰাই পেলায় ৷ সম্পর্কবোৰ পুৰঠ হৱলৈ বহুসময়ৰো প্রয়োজন হয় ৷ খং ,অভিমান ,মৰম সকলোটি সম্পর্কত থাকে ৷ অন্তৰৰ নিভৃত কোণৰ পৰা গঢ় লৈ উঠা সম্পর্কই জীৱনত আঁকিব পাৰে ৰঙীণ চিত্রপট ৷
বিনন্দীয়া বিতোপন জীৱনধাৰা পোৱাৰ অন্য এটা প্রচেষ্টা হৈছে জীৱনটোক সুন্দৰকৈ সজাই পৰাই তোলা৷ সেয়া সম্ভৱ হয় একমাত্র কর্মৰাজিৰ জৰিয়তে৷ নিজৰ সৃষ্টিশীল কর্মত থাকে নিজক ভালপোৱাৰ শক্তি৷ ব্যস্ত পৃথিৱীত সংযোগৰ ধাৰা অব্যাহত ৰখাত আমাক আমাৰ সৃষ্টিৰাজিয়ে সহায় কৰে ৷ প্রত্যেক ব্যক্তিৰ মাজতে কম বেছি পৰিমানে কিছু হলেও প্রতিভা লুকাই থাকে ৷ সেইপ্রতিভা বিলাক যেতিয়া বিকশিত হবলৈ সুযোগ পাই তেতিয়াই ৰাইজে আকোৱালি লয় আৰু জীৱনটো সার্থক হৈ পৰা দৰে লাগে৷
জীৱন বাটত অলেখ সপোন আমি পুহি ৰাখো ৷পোহৰৰ পথত হেঁপাহৰ দিকচৌ বাটত আগবাঢ়ি যাবলৈ আমাৰ সকলোৰে মন যায় ৷ কিন্তু সকলোৰে সেই ইচ্ছা জানো পুৰণ কৰিব পাৰে ? সেয়া চাগৈ মুষ্টিমেয় কেইজনমানৰ বাবেহে সম্ভৱপৰ হৈ উঠে ৷ তাৰ বাবে যথেষ্ট কষ্টৰো আৱশ্যক হয় ৷
যি কি নহওঁক বিনন্দীয়া বিতোপন জীৱনধাৰা আমি তেতিয়াহে আশা কৰিব পাৰিম যেতিয়া পৃথিৱীখনৰ সকলো বস্তুতে সুন্দৰ দেখিম ৷পৃথিৱীপৃষ্ঠৰ সমাজখনতে পাব পাৰি সেই আনন্দৰ সঁফুৰা৷
সপোনবোৰ সোনালী হৈ পোখা মেলিবলৈ যেতিয়া ধৰে তেতিয়া তাত থাকে অকৃত্রিম ভালপোৱা ৷ কিন্ত মলঙি যোৱা সপোন যেতিয়া ঠন ধৰাবলৈ বিচৰা হয় তেতিয়া সেই ভালপোৱা সঠিক ঠাই পাবলৈ অহোপুৰুষার্থ প্রচেষ্টাৰ দৰকাৰ ৷ গতিকে সপোনবোৰ পৰাপক্ষত মলঙিবলৈ দিব নালাগে ৷ খোৱা বস্ত যেনেকৈ চাউল ,দাইল আদিবোৰ মলঙি গলে সাধাৰণতে খোৱা নহয় বা খাব পৰা কৰি লবলৈও ৰ’দত দিব লগা হয় আৰু ভাল হৈ থাকিলেহে খোৱাৰ উপযোগী হয় ঠিক তেনেকৈ সম্বন্ধবোৰতো ফাঁট মেলিলে যোৰা লগাবলৈ বৰ কষ্টকৰ ৷ গতিকে যোৰা লাগি থাকিবলৈ দিব লাগে মৰমৰ এনাজৰীয়ে ৷ কাজিয়াৰ মাজত সমস্যাৰ সমাধান নহয় আৰু তৃতীয় ব্যক্তিক সমস্যাৰ ভাগ লবলৈ দিয়াতকৈ শীতল মস্তিস্ক প্রয়োগ কৰা ভাল ৷ .উপায়নে স্নেহৰ বন্ধন অধিক কটকটীয়া কৰি তুলিব পাৰে৷ আগৰ দিনত আত্মীয়ৰ ঘৰলৈ গ’লে হাতত এটা মৰমৰ টোপোলা নিয়ে ৷তাত থাকে ঘৰতে কৰা শাক পাচলি ,ঘৰৰ বৰা চাউল ,কোমল চাউল ,দৈ ,পুখুৰীৰ মাছ ,পিঠা পন্না ইত্যাদি ৷যিয়ে নেকি মানুহৰ মাজত সম্পর্কৰ বান্ধোন ,মৰমৰ এনাজৰীডাল বহুত বেচি সুদৃঢ় কৰিছিল ৷ বর্তমান সময়ত প্রায়ে দেখা যায় দোকানৰ পৰা মিঠাইৰ টোপোলা এটা নিব লাগে বাবেহে যেন নিয়া হয় তেনে অনুমান হয় ৷ এয়া অৱশ্যে সময়ৰ লগত খোজমিলাই যাবলৈ কৰা প্রয়াস বুলিয়ে কব লাগিব ৷,হলেও আমাক নিজৰ কৰণীয়খিনি মর্যদাসহকাৰে ৰখাটো ভাল প্রত্যেকজন ব্যক্তিৰ বাবে ৷তেতিয়াহে আমি মৰম স্নেহৰ এখন জগত পাম ৷ইয়ে আমাক সঠিক পথত দেখুৱাব ৷
