চূড়ান্ত হ’ল বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি
ৰঙিলী বাৰ্ত্তাসেৱা- চূড়ান্ত হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। নীতিন নবীনেই হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি। সোমবাৰে নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাবে মনোনয়ন দাখিল কৰে নীতিন নবীনে । বিহাৰৰ কেবিনেট মন্ত্রী হিচাপে দীর্ঘসময় দায়িত্ব চম্ভালি যোৱা নীতিন নবীনে এইবাৰ বিজেপিৰ শীর্ষ পদত অধিষ্ঠিত হৈ শাসকীয় দলটোক নেতৃত্ব প্রদান কৰিব। উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। নীতিন নবীনৰ হৈ ৩৭খন মনোনয়ন-পত্র দাখিল হয় আৰু আটাইকেইখন মনোনয়ন-পত্র বৈধ বুলি ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নির্বাচনত ৰিটার্নিং বিষয়া কে লক্ষ্মণে ঘোষণা কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নামত একমাত্র মনোনয়ন দাখিল হৈছে। নীতিন নবীনৰ সপক্ষে দাখিল কৰা মনোনয়নত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডাকে ধৰি আটাইকেইগৰাকী বিজেপিৰ শীর্ষ নেতাই প্ৰস্তাৱক আছিল। মনোনয়ন দাখিলৰ অন্তিম সময়সীমাৰ পূৰ্বে দাখিল কৰা ৩৭খন মনোনয়ন-পত্ৰৰ ভিতৰত ৩৬খন মনোনয়ন আহিছিল বিভিন্ন ৰাজ্যৰ পৰা। কেইবাখনো বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রী, শীর্ষ নেতাকে ধৰি বহুকেইজনে নীতিন নবীনৰ হৈ মনোনয়ন দাখিল কৰে। বিদায় সভাপতি জে পি নাড্ডাৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজু, যোগী আদিত্যনাথ, প্রমোদ সাৱন্ত, পুষ্কৰ সিং ধামি, নায়াব চাইনীকে ধৰি কেইবাজনো নেতাই নীতিন নবীনৰ হৈ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। প্ৰায় দুঘণ্টাজোৰা আয়োজনত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। কাৰ্যতঃ সভাপতি পদৰ বাবে নীতিন নবীনেই একমাত্র প্রার্থী হোৱাত বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হিচাপে মঙলবাৰ অৰ্থাৎ আজি তেওঁৰ নাম ঘোষণা কৰা হ’ব। উল্লেখ্য যে বিগত ২৫ বছৰ ধৰি বিজেপিৰ বিধায়ক হিচাপে নির্বাচিত হৈ অহা নীতিন নবীন বর্তমান বিহাৰ চৰকাৰৰ আইন আৰু ন্যায়, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নীতিন নবীনক যোৱা ১৪ ডিচেম্বৰত বিজেপিৰ কাৰ্যকৰী সভাপতি ৰূপে নিযুক্তি দিয়া হৈছিল। ২০২০ চনৰ পৰা বিজেপিক নেতৃত্ব দি থকা জে পি নাড্ডাৰ স্থানত আজি আনুষ্ঠানিকভাৱে নীতিন নবীনে দায়িত্বভাৰ চম্ভালিব।
