ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণৰ বাবে ছুইজাৰলেণ্ডত উপস্থিত মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমগৰাকী অসমীয়া হিচাপে ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত হৈছেগৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। সোমবাৰৰ পৰা ছুইজাৰলেণ্ডৰ ডাভোছত আৰম্ভ হৈছে ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ সন্মিলন। অহা ২৩ জানুৱাৰীলৈকে চলিব লগা এই সন্মিলনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১৭খনতকৈও অধিক বৈঠকত অংশগ্ৰহণ কৰিব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। পাঁচদিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰা হ’ব। ভাৰতৰ দৃষ্টিনন্দন অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি অহাৰ সময়ত অসমৰ দৰে ৰাজ্যই ক্ষিপ্ৰ উন্নয়নৰ সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত লাভকৰা উন্নয়নৰ আৰ্হি ডাভোছৰ ফ’ৰামৰ সন্মিলনত মুখ্যমন্ত্রী ড° শৰ্মাৰ জৰিয়তে উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব। এই সন্মিলনত অসমৰ বিনিয়োগ, অর্থনীতি আদিকে ধৰি অসমৰ সৰ্বাংগীণ উন্নয়নৰে জড়িত ভিন্ন বিষয়ত আলোচনা সত্ৰত মিলিত হ’ব।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্মিলনত বিশ্বৰ শীর্ষস্থানীয়, উন্নত দেশৰ ৰাষ্ট্ৰপ্ৰধানেই নহয়, বৃহৎ বহুজাতিক কোম্পানীৰ চিইঅ’, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বী আদিৰ সৈতে সাক্ষাতত মিলিত হ’ব আৰু অসম তথা ভাৰতৰ বিকাশ-উন্নয়নৰ বাবে বক্তব্য প্রদান কৰিব। দেওবাৰে নিশা দিল্লীৰ পৰা ছুইজাৰলেণ্ডলৈ বুলি উৰা মৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱাই জুৰিখত উপস্থিত হয় আৰু জুৰিখ বিমানবন্দৰত তেওঁক প্রবাসী ভাৰতীয় সমাজে উষ্ম আদৰণি জনায়। জুৰিখত মুখ্যমন্ত্রী ড° শর্মাই ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছন্মুগৰত্মমৰ সৈতে মিলিত হয় আৰু এই সাক্ষাৎকালত ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পূৰ্বৰ দৰেই ভাৰতৰ প্ৰতি উষ্ম প্রকাশভংগী আৰু অভিবাদনেৰে মুখ্যমন্ত্ৰী মুখ্যমন্ত্রী ড° শর্মাৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাতৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই কয় যে সদায়ৰ দৰেই ভাৰতৰ প্রতি তেওঁৰ উষ্ম প্রকাশভংগী আৰু অভিবাদনে আমাৰ মত বিনিময়ৰ সময়ছোৱা অধিক উজ্জীৱিত কৰি তুলিছিল।

ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ লোৱাৰ উদ্দেশ্যে জুৰিখত অৱতৰণ কৰাৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, বিশ্ব বেংকৰ সভাপতি অজয় বাংগা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে বার্তালাপত মিলিত হয়। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছন্মুগৰত্মম তথা দেশৰ অন্যতম শক্তিশালী মুখ্যমন্ত্রী অন্ধ্রপ্রদেশৰ চন্দ্ৰবাবু নাইডু তথা বিশ্ব বেংকৰ সভাপতি অজয় বাংগাৰ সৈতে বাৰ্তালাপ আৰু সান্নিধ্য সৌহার্দ্যপূর্ণ হোৱাৰ লগতে তেওঁলোকৰ সৈতে মিলিত হৈ আহ্লাদিত হোৱা বুলি অভিহিত কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে বৰ্ল্ড ইক’নমিক ফ’ৰামৰ বাৰ্ষিক সাধাৰণ সভা ২০২৬ৰ উদ্বোধনী সংগীত অনুষ্ঠান, আদৰণী গ্ৰহণ অনুষ্ঠান, গ্ল’বেল লাইটহাউছ নেটৱৰ্ক ডিনাৰকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক তথা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এই লাইটহাউছত অন্তর্ভুক্ত হৈছে অসমৰ গৌৰৱ, ডুমডুমাস্থিত হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীটো। ইয়াত ছাইটসমূহৰ নতুন গোট আৰু বিগত বছৰৰ তেওঁলোকৰ সাফল্যসমূহ উদযাপন কৰা হ’ব। লাইটহাউছ ছাইটসমূহ হৈছে- ঔদ্যোগিক ৰূপান্তৰৰ উৎকৃষ্টতাৰ অনন্য উদাহৰণ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ পাছত অৰ্থাৎ দ্বিতীয় দিনাৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠক আৰু সাক্ষাৎ থাকিব, যিবোৰে অসম তথা ভাৰতবৰ্ষক উন্নয়নী গতিশীলতা প্রদান কৰাত যথেষ্ট সুবিধা প্ৰদান কৰিব।
