পাৰফিউম – কাজি শ্বাহাদত ইছলাম 

Pc Hippopx

পাৰফিউম

কাজি শ্বাহাদত ইছলাম 
জনিয়া, বৰপেটা 

শৰৎকালৰ আবেলি। নগৰৰ ব্যস্ত ৰাজপথৰ কাষতে থকা ‘পুনম জুৱেলাৰ্ছ’ৰ ভিতৰত এচিৰ মৃদু শব্দ আৰু সোণৰ অলংকাৰৰ জিলিকনিয়ে এক আভিজাত্যৰ পৰিৱেশ সৃষ্টি কৰিছিল। দোকানৰ মালিক মাধৱ মহন্তই তেতিয়া অতি মনোযোগেৰে গহণাৰ হিচাপ মিলাই আছিল আৰু গ্ৰাহকৰ বাবে অপেক্ষা কৰি আছিল । তেনেতে হাতত প্লাষ্টিকৰ ডাঙৰ মোনা এটা লৈ এজন বিহাৰী ফেৰিৱালা দোকানৰ ভিতৰত সোমাল।

“নমস্কাৰ শেঠজী! মোজা ল’ব? এক নম্বৰ মাল হ্যায়,” ফেৰিৱালাজনে ভঙা-ভঙা অসমীয়াত মাত লগালে।

মহন্তই প্ৰথমে গুৰুত্ব দিব খোজা নাছিল, কিন্তু ফেৰিৱালাজনৰ কথা কোৱাৰ ধৰণটো আছিল অলপ সুকীয়া। সি ক’লে, “শেঠজী, কেৱল মোজা নাই, ইয়াৰ ভিতৰত লটাৰী আছে। কুকাৰ, পাৰফিউম, বেড ক’ভাৰ— ইয়ে সব নিকলেগা। ভাগ্য আচ্চা হ’লে অৰু বহুত কুছ্ মিলিব।”

মহন্তৰ মনত প্ৰচুৰ কৌতূহলৰ সৃষ্টি হ’ল। তেওঁ সুধিলে, “দাম কিমান?”

“এপেকেট ১৫০ টকা ছাৰ,” ফেৰিৱালাজনে উত্তৰ দিলে।

মহন্তই দৰ-দাম কৰি ক’লে, “১৫০ টকা বহুত বেছি হৈছে। কমকৈ দিয়া।”

ফেৰিৱালাজনে দুখ লগা মুখ এখন কৰি ক’লে, “দেখিয়ে শেঠজী, ফ্ৰেন্সি বাজাৰত আমাৰ বহুত বড়া দোকান আছে। এতিয়া মাৰ্কেট মন্দা আছে, সেইকাৰণে ফেৰি কৰি আছোঁ। এটা পেকেটত মোৰ ১০ টকা কমিচন থাকে। আপুনি আমাৰ বড়া গ্ৰাহক হ’বা পাৰে, আপোনাক ১০ টাকা এৰি দিম। ১৪০ টকা দিয়ক, একদম পক্কা।”

মহন্তই ভাবিলে, মাত্ৰ ১৪০ টকাত যদি কিবা এটা দামী বস্তু ওলাই যায়, তেন্তে লোকচান কিহৰ? তেওঁ দহটকীয়া নোট কেইখনমান উলিয়াই ফেৰিৱালাজনক দিলে।

উত্তেজনাৰে মহন্তই পেকেটটো খুলিলে। কপালত যেন ভাগ্যদেৱী সুপ্ৰসন্ন! কুপনটোত ওলাল এটা দামী বিদেশী পাৰফিউম। যাৰ নাম লণ্ডন মিষ্ট্ৰী ছেন্ট ( LONDON MYSTRY SCENT)।

ফেৰিৱালাজনে আনন্দিত হোৱাৰ ভাও ধৰি ক’লে, “অৰে ৱাহ শেঠজী! আপোনাৰ কপাল বহুত বড়া হ্যায়। লওক আপোনাৰ ইমান দামী পাৰফিউম।” সি মোনাৰ পৰা এটা ধুনীয়া কাঁচৰ বটল উলিয়াই দিলে। “এবাৰ শুঙি চাওক ছাৰ, একদমে মাজাদাৰ চেন্ট আছে।”

মহন্তই আনন্দত আত্মহাৰা হৈ পাৰফিউমৰ সাঁফৰখন খুলিলে আৰু গভীৰকৈ নাকত শুঙিলে। কিন্তু ১-২ মিনিট পাছতেই তেওঁৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। তেওঁৰ চকুৰ আগত দোকানখন ঘূৰিবলৈ ধৰিলে আৰু তেওঁ ধপচকৈ মাটিত ঢলি পৰিল।

মালিক অজ্ঞান হোৱাৰ লগে লগে ফেৰিৱালাজনৰ চেহেৰা সলনি হৈ গ’ল। সি চকুৰ পচাৰতে কেচ কাউণ্টাৰৰ পৰা টকাৰ বাণ্ডিলবোৰ ল’লে। শ্ব’কেচৰ পৰা সোণৰ গহণাবোৰ সামৰি নিজৰ মোনাত ভৰালে। শেষত মেজৰ ওপৰত থকা মহন্তৰ গাড়ীৰ চাবিটো লৈ সুহুৰি এটা মাৰি বাহিৰলৈ ওলাই গ’ল। মুহূৰ্তৰ ভিতৰতে এখন দামী গাড়ী লৈ অপৰাধীজন ভিৰৰ মাজত অদৃশ্য হৈ পৰিল। দোকানৰ ভিতৰত পৰি ৰ’ল কেৱল এযোৰ সস্তা মোজা আৰু এটা বিষাক্ত পাৰফিউমৰ বটল। মহন্তৰ লোভৰ মূল্য আছিল তেওঁৰ জীৱনৰ সমগ্ৰ উপাৰ্জন।