ডাভোছত বৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত প্রথমগৰাকী অসমীয়া হিচাপে অংশ ল’ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব সন্মানজনক ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্রহণ কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যসমূহে এই ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত পূর্বে দেশক প্রতিনিধিত্ব কৰি আহিছে যদিও এইবেলি প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত এই সুযোগ দিয়াটো অসমৰ সমাজ-অর্থনীতিৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় হিচাপেও চিহ্নিত হৈছে। এই বিশেষ কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডাভোছ অভিমুখে উৰা মাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাভোছত থাকি বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চিইঅ’, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ লগত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অসমক প্রতিনিধিত্ব কৰিব আৰু তেৱেই হ’ব ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া। স্মর্তব্য যে যিকোনো ৰাজ্য, উদ্যোগ প্রতিষ্ঠান বা দেশে ইয়াত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে। এডভান্টেজ আছাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত বৰ্ল্ড ইক’ন’মিক ফ’ৰামত অংশগ্রহণে অসমৰ বিনিয়োগ, অর্থনীতি আদি বিষয়ত এক বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে বর্ল্ড ইক’ন’মিক ফ’ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি দেশ-বিদেশৰ ৰাষ্ট্ৰপতি এই ফ’ৰামৰ সন্মিলনত উপস্থিত থাকিব। আক্ষৰিক অর্থতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰাটো নৱবৰ্ষৰ প্ৰথম সময়খিনিত অসম আৰু অসমীয়াৰ বাবে ভাল খবৰ হিচাপে বিবেচিত হৈছে। ৫দিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লব আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰা হ’ব। ভাৰতৰ দৃষ্টিনন্দন অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। অসমৰ ক্ষিপ্র উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। গুৰুত্বপূর্ণ ক্ষেত্রসমূহত উল্লেখযোগ্য অগ্রগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে, য’ত অসমেও এক মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে- এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভিন্ন পৰিকল্পনা ফ’ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্রত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্রযুক্তিগত উদ্ভাৱনত অসমক আগশাৰীলৈ লৈ যোৱাৰ দিশত নিশ্চিত পদক্ষেপ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ফ’ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল’ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ- প্ৰস্তুত কৰ্মশক্তিৰ সুৰক্ষা, ভ্রমণ আৰু পৰ্যটন-১০ ব্রিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থল, স্বাস্থ্য আৰু স্বাস্থ্যসেৱা মঞ্চকে ধৰি ৪খনকৈ আলোচনা-সত্রত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ অংশ হিচাপে নিজ ৰাজ্যৰ ঔদ্যোগিক অগ্রগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সৰ্ববৃহৎ বাণিজ্য সন্মিলনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে। উল্লেখ্য যে বর্ল্ড ইক’ন’মিক ফ’ৰাম এক অলাভযুক্ত সংস্থা, যাৰ প্ৰতিষ্ঠা ১৯৭১ চনত হৈছিল। ই প্রকৃততে বিশ্বৰ সর্ববৃহৎ অতিশয় কাৰ্যকৰী বাণিজ্যিক সন্মিলন। ইয়াৰ পৰিসৰ কেৱল বাণিজ্যতে সীমাবদ্ধ নহয়। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আর্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা। অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন ৯খন ৰাজ্যই এই সন্মিলনত ভাগ লোৱাৰ সুযোগ পাইছে। এই সন্মিলনত দেশৰ ৫গৰাকী মুখ্যমন্ত্ৰী আৰু ৪ গৰাকী কেন্দ্রীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। স্পিৰিট অৱ ডায়েলগ বিষয়বস্তুৰে ইক’ন’মিক ফ’ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমিকণ্ডাক্টৰসদৃশ নতুন প্রকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন লাভেৰে অসম সমৃদ্ধ হ’ব। তদুপৰি ভাৰতৰ লগতে এই ফ’ৰামত বিশ্বৰ আন ৫০খন দেশেও ভাগ ল’ব।
