কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমিপূজন প্ৰধানমন্ত্ৰীৰ

কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমিপূজন প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে অসমত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্রকল্প (৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমিপূজন কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত এক বিশাল জনসভা সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ইতিপূৰ্বে কৰা কাজিৰঙা ভ্ৰমণৰ স্মৃতি সোঁৱৰণ কৰি কয় যে দুবছৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কটোৱা মুহূৰ্তবোৰ মোৰ জীৱনৰ বিশেষ অভিজ্ঞতাৰ ভিতৰত অন্যতম। অসম ভ্রমণে মোৰ বাবে সদায়ে অপৰিসীম আনন্দ কঢ়িয়াই আনে। শনিবাৰে গুৱাহাটীত বাগুৰুম্বা দ’হৌ উৎসৱত অংশগ্রহণ কৰিছিলোঁ। য’ত বড়ো জনগোষ্ঠীৰ যুৱতীসকলৰ নৃত্য প্রদর্শনে এক অভিলেখ গঢ়িছে। নিজ ভাষণত প্রধানমন্ত্রী মোদীয়ে ১০ সহস্রাধিক শিল্পীয়ে অংশগ্রহণ কৰা বাগুৰুম্বাৰ অসাধাৰণ উপস্থাপন-খামৰ ছন্দ-চিফুঙৰ সুৰৰ কথাও উল্লেখ কৰে। এই অনুষ্ঠানে সকলোকে মন্ত্রমুগ্ধ কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে বাগুৰুম্বাৰ অভিজ্ঞতাই মোৰ মন চুই গৈছিল। বিগত বৰ্ষত মই ঝুমইৰ বিনন্দিনী মহোৎসৱতো অংশগ্ৰহণ কৰিছিলোঁ। এইবাৰ মাঘ বিহুৰ সময়ত পুনৰ অসম ভ্ৰমণৰ সুযোগ লাভকৰিলোঁ। এমাহ পূর্বে কেতবোৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অসমলৈ আহিছিলোঁ। এনে অনুষ্ঠানে আমাৰ চৰকাৰৰ বিকাশ ভি, বিৰাছত ভি মন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছে।  ভাষণৰ আৰম্ভণিত অসমীয়াতে ‘অসমৰ প্ৰকৃতিপ্রেমী ৰাইজক আন্তৰিক প্ৰণাম’ জনাই প্রধানমন্ত্রী মোদীয়ে অসমৰ অতীত, বর্তমান আৰু ভৱিষ্যতৰ কলিয়াবৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে কলিয়াবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰমুখ আৰু উজনি অসমৰ সংযোগৰ কেন্দ্ৰ। কলিয়াবৰৰ পৰাই মহাযোদ্ধা লাচিত বৰফুকনে মোগল আক্রমণকাৰীক খেদি পঠিয়াবলৈ কৌশল ৰচনা কৰিছিল। তেওঁৰ নেতৃত্বতে অসমৰ জনসাধাৰণে সাহস-ঐক্য-দৃঢ়তাৰে পৰাস্ত কৰিছিল মোগল সেনাক। এয়া কেৱল সামৰিক বিজয় নহয়, বৰঞ্চ অসমৰ গৌৰৱ তথা আত্মবিশ্বাসৰ সবল নিদর্শন। আহোম শাসনৰ পিছৰে পৰা কলিয়াবৰে কৌশলগত গুৰুত্ব বজাই ৰাখিছে। আমাৰ চৰকাৰৰ কাৰ্যকালত এই অঞ্চলটো এতিয়া পৰিণত হৈছে যোগাযোগ তথা উন্নয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত। প্রধানমন্ত্রী মোদীয়ে নিজ ভাষণত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাকো স্মৰণ কৰে। বিশেষকৈ সুধাকণ্ঠই কাজিৰঙাৰ সৌন্দৰ্যক সুন্দৰকৈ বৰ্ণনা দিয়াৰ কথা উল্লেখ কৰি কয় যে ড° ভূপেন হাজৰিকাৰ গীতৰ কলিত কাজিৰঙাৰ প্ৰতি থকা প্রেম আৰু প্ৰকৃতিৰ সৈতে অসমীয়া জনসাধাৰণৰ সম্পৰ্ক উভয়ে প্রতিফলিত হৈছে।

কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যানেই নহয়, বৰঞ্চ অসমৰ আত্মা আৰু ভাৰতৰ জৈৱ-বৈচিত্র্যৰ এক অমূল্য মণি। ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। কাজিৰঙা আৰু ইয়াৰ বন্যপ্রাণীক সুৰক্ষা দিয়াটো কেৱল পৰিৱেশ ৰক্ষা কৰাই নহয়, অসমৰ ভৱিষ্যৎ তথা অনাগত প্ৰজন্মৰ প্ৰতিও এক দায়িত্ব।  কাজিৰঙাক একশিঙীয়া গঁড়ৰ বাসস্থান বুলি আলোকপাত কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বানপানীৰ সময়ত যেতিয়া বন্যপ্রাণীবোৰে ওখ ঠাই বিচাৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লাগে তেতিয়া এক সমস্যাৰ সৃষ্টি হয়। সেই সময়ত সম্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাৰ হকে চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্রহণ কৰিছে। চৰকাৰৰ প্ৰচেষ্টা হৈছে- বনাঞ্চলখন সুৰক্ষিত কৰি ৰখাৰ লগতে যাতায়াত সুগম কৰি তোলা। এই দৃষ্টিভংগীৰ অধীনত কলিয়াবৰৰ পৰা নুমলীগড়লৈ প্রায় ৭,০০০ কোটি টকা ব্যয়েৰে ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। য’ত ৩৫ কিলোমিটাৰ উচ্চ বন্যপ্রাণী কৰিড’ৰো আছে। ওপৰেৰে যান-বাহন পাৰ হ’ব আৰু তলেৰে বন্যপ্ৰাণীৰ গতি-বিধি বাধাহীনভাৱে চলি থাকিব। ইয়াৰ আৰ্হি গঁড়, হাতী আৰু বাঘৰ পৰম্পৰাগত গতি-বিধিৰ পথৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে। এই কৰিড’ৰে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগৰ ক্ষমতাও উন্নত কৰিব। সেইদৰে নতুন ৰে’লসেৱাৰ লগতে ৰাইজৰ বাবে মুকলি কৰিব নতুন সুযোগ। প্রকৃতি সুৰক্ষা হ’লে নতুন সুযোগৰো উদ্ভাৱন হয়। এই প্রসংগতে তেওঁ ‘এক পেড় মা কে নাম’ৰ বিষয়ে উল্লেখ কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে বহু দিন ধৰি প্ৰকৃতি আৰু প্ৰগতি ইটোৱে সিটোৰ বিৰোধী বুলি বিশ্বাস কৰা হৈছিল। কিন্তু আজি ভাৰতে বিশ্বক দেখুৱাই দিছে- অর্থনীতি আৰু পৰিৱেশ দুয়োটা একেলগে আগবাঢ়িব পাৰে। বিগত দশকত বনাঞ্চল আৰু গছৰ সংখ্যা বৃদ্ধি পাইছে। এক পেড় মা কে নাম অভিযানত মানুহে অংশগ্রহণ কৰিছে উৎসাহেৰে। যাৰ অধীনত ২৬০ কোটিতকৈও অধিক গছ ৰোপণ কৰা হৈছে। ২০১৪ চনৰ পৰা বাঘ আৰু হাতী সংৰক্ষিত বনাঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰতত এসময়ত বিলুপ্ত হোৱা চিতাবাঘ এতিয়া পুনৰ অনাৰ ফলত ই পৰিণত হৈছে আকৰ্ষণৰ নতুন কেন্দ্রবিন্দু। অসমেও ঐতিহ্য সংৰক্ষণ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ সৈতে উন্নয়ন কেনেদৰে একেলগে আগবাঢ়িব পাৰে সেয়া বিশ্বক দেখুৱাই দিছে। অসমৰ উন্নয়নে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এক্ট ইষ্ট পলিচীয়ে এক নতুন দিশ লাভ কৰিছে। যেতিয়া অসম আগবাঢ়িব, উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িব, তেতিয়া চৰকাৰৰ প্ৰচেষ্টা তথা জনসাধাৰণৰ আস্থা অঞ্চলটোৱে নতুন উচ্চতাত উপনীত হ’ব।এই অনুষ্ঠানত  ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, কৃষ্ণেন্দু পাল, চৰণ বড়ো, সাংসদ তথা ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কামাখ্যা প্ৰসাদ তাছাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।