আমাৰ দৃষ্টিত য়াটত থকা প্রতিজনেই সমানেই দোষীঃগৰিমা গাৰ্গ

আমাৰ দৃষ্টিত য়াটত থকা প্রতিজনেই সমানেই দোষীঃগৰিমা গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ (মহানগৰ) জিলা আৰু সত্ৰ আদালতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ চতুৰ্থটো শুনানি আদালতত অনুষ্ঠিত হয়। জ্যেষ্ঠ অধিবক্তা কৰি দিয়া বিশেষ অধিবক্তাৰ দলে শুনানিত শিল্পীগৰাকীৰ হৈ আদালতৃত যুক্তি প্ৰদৰ্শন কৰে। শুনানিৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে কয় যে আমি যিমান পাৰোঁ ভালদৰে গোচৰটো আগবঢ়াই নিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰিম। আৰক্ষীয়ে এতিয়ালৈকে যিমানখিনি তথ্য আমাক প্রদান কৰিছে, সেই সকলোখিনিৰেই শুনানিত অংশ ল’ম। উল্লেখ্য যে আদালতত জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু নর্থ-ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী শ্যামকানু মহন্তই জামিন আবেদন দাখিল কৰে। ইয়াৰ পূৰ্বে অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ আৰু আনগৰাকী দেহৰক্ষী পৰেশ বৈশ্যই আদালতত জামিন আবেদন দাখিল কৰিছিল। আদালতে উক্ত ৫খন জামিন আবেদনৰ শুনানিৰ বাবে অহা ২২ জানুৱাৰী দিন নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাহিৰেও অহা ৩০ জানুৱাৰীত আদালতে অভিযুক্তকেইজনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেমিঙৰ শুনানিও ল’ব। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে আদালতত অভিযুক্ত ৫জনৰ জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দর্শাব বুলি মন্তব্য কৰে। চৰকাৰী অধিবক্তা জিয়াউল কামাৰে জনায় যে হাফলং কাৰাগাৰত গা বেয়া হৈছে অভিয়ুক্ত শেখৰজ্যোতি গোস্বামীৰ ৷ সেয়ে চিকিৎসাৰ বাবে আৱেদন কৰিছে শেখৰজ্যোতি গোস্বামীয়ে । যিহেতু চিকিৎসা মৌলিক অধিকাৰ । সেয়ে চৰকাৰী অধিবক্তাই চিকিৎসা প্ৰদানৰ কোনো বিৰোধিতা কৰা নাই আদালতত ৷ ইপিনে শুনানিত অংশ লৈ প্রিয় শিল্পী পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰে চৰকাৰে নিয়োগ কৰা অধিবক্তাৰ দলক লৈ সন্তুষ্টি প্রকাশ কৰে। শিল্পী পত্নী গৰিমাই কয় যে দলটো দেখি আমাৰ ভাল লাগিছে। সবলভাবে যুঁজখন তেওঁলোকে আগুৱাই নিব পাৰিব বুলি আমাৰ বিশ্বাস জন্মিছে। অৱশ্যে শুনানিৰ সময়ছোৱাত শ্যামকানু মহন্তকে ধৰি ৭জন অভিযুক্তৰ মুখমণ্ডলত কোনোধৰণৰ অনুশোচনাৰ ভাব আজিও প্রত্যক্ষ নকৰিলে বুলি গৰিমাই লগতে কয়। তেওঁ আৰু কয় যে আটাইতকৈ যিটো ভয়ানক শাস্তি আছে  সেইটো দিব লাগে। অসুৰ বধ হ’বই লাগিব। শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক সকলো সত্য কথা আদালতত জনাবলৈ আহ্বান জনায় গৰিমাই। তেওঁ কয় যে নিজৰ ভাতৃ হিচাপে আৰু এজন আৰক্ষী বিষয়া হিচাপে সম্পূর্ণ দায়িত্ব তেওঁৰ আছে। সকলো ঘটনাৰ চাক্ষুষ প্রমাণ তেওঁ। নিজৰ পৰিয়ালৰ বাবে এইখিনি কষ্ট কৰাটো তেওঁৰ কৰ্তব্য। অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনা য়াটত উপস্থিত থকা প্রতিজন প্রবাসী অসমীয়াকে সমানেই দোষী বুলি মন্তব্য কৰি গৰিমাই কয় যে তেওঁলোকে সকলো কথা চকুৰে দেখিছে। জুবিনৰ চিকিৎসাৰ দিশটোত বহু অৱহেলা কৰিছে। আমি ভিডিঅ’টোত সকলো দেখিছোঁ। ১৪-১৫জন মানুহৰ সন্মুখৰ পৰা এজন মানুহ হঠাৎ নাইকিয়া কিদৰে হৈ যাব পাৰে? জুবিন গাৰ্গক কেৱল বিনোদনৰ মাধ্যম হিচাপেহে তেওঁলোকে বিচাৰিছিল নেকি? কোনোধৰণৰ দায়িত্ব তেওঁলোকৰ নাছিল নেকি? শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰেও অধিবক্তাৰ দলটোৰ প্রশংসা কৰি কয় যে আমি যিহেতু সত্যত আছোঁ, গতিকে বিজয় আমাৰ নিশ্চিত। জ্যেষ্ঠ অধিবক্তা অপূর্ব শর্মাই আজিও চৰকাৰে দিয়া অধিবক্তাৰ দলক আদৰণি জনাই কয় যে বিশেষ আদালত এখন চৰকাৰে গঠন কৰি দিলে প্ৰাণৰ শিল্পীয়ে শীঘ্ৰে ন্যায় পোৱাৰ বাট প্রশস্ত হ’ব। চৰকাৰে ইচ্ছা কৰিলে এয়া নিশ্চয়কৈ সম্ভৱ হ’ব।