আমাৰ মাজত কিতাপৰ আদৰ আছে নে ….?
কাকলি কুমাৰী, হাজো
কিতাপ মানুহৰ নীৰৱ বন্ধু। ই কোনো শব্দ নকৰে, তথাপিও জীৱনৰ গভীৰ সত্যবোৰ কাণে কাণে ক’ব পাৰে। ই পথ দেখুৱায়, চিন্তা জাগ্ৰত কৰে আৰু মানুহক মানুহ হ’বলৈ সহায় কৰে। তথাপিও আজিৰ ব্যস্ত জীৱনত এটা প্ৰশ্ন বাৰে বাৰে মনলৈ আহে—আমাৰ মাজত কিতাপৰ আদৰ সঁচাকৈয়ে আছে নে?
এটা সময় আছিল, যেতিয়া কিতাপ ঘৰৰ আছিল। আলমাৰীৰ একোণত সজাই থোৱা কিতাপবোৰে ঘৰৰ বুদ্ধিবৃত্তিক পৰিচয় বহন কৰিছিল। সন্ধিয়া সময়ত পাতিত বহি কিতাপ পঢ়াটো আছিল দৈনন্দিন অভ্যাস। কিন্তু সময় সলনি হৈছে। মোবাইল ফোন, সামাজিক মাধ্যম আৰু দ্ৰুত বিনোদনৰ মাজত কিতাপ আজি যেন অলপ পিছ পৰি ৰ’ল।
আজিকালি বহুতে কিতাপ পঢ়াৰ প্ৰয়োজন অনুভৱ নকৰে। দুটা শীৰ্ষক, কেইটামান সংক্ষিপ্ত বাক্যই যেন যথেষ্ট বুলি ভাবি লয়। গভীৰ চিন্তা, ধৈৰ্য্য আৰু মনোনিৱেশ যি কিতাপে শিকায়, সেয়া আমি লাহে লাহে হেৰুৱাই পেলাইছোঁ। কিতাপ কিনা হয়, উপহাৰ দিয়া হয়, কিন্তু পঢ়া নহয়—এইটোও এক বাস্তৱ সত্য।
তথাপিও সকলো আশা শেষ হৈ যোৱা নাই। আজিও কিছুমান মানুহ আছে, যিয়ে কিতাপক জীৱনৰ অংগ কৰি লৈছে। গ্ৰন্থমেলা, পুথিভঁৰাল, নতুন লেখকৰ সৃষ্টি—এই সকলোবোৰে দেখুৱায় যে কিতাপৰ প্ৰতি আদৰ একেবাৰে নোহোৱা হৈ যোৱা নাই, মাথোঁ সেয়া অলপ নিস্তেজ হৈ পৰিছে।
প্ৰশ্নটো আচলতে কিতাপৰ নহয়, আমাৰ নিজৰ। আমি কিমান গভীৰ হ’ব বিচাৰোঁ? কিমান জানিব বিচাৰোঁ? যিদিনাই আমি উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিম, সেইদিনাই কিতাপ আপোনা-আপুনি আমাৰ ওচৰলৈ ঘূৰি আহিব।
কিতাপ পঢ়া মানে কেৱল সময় কটোৱা নহয়, ই নিজকে গঢ়ি তোলাৰ এক সাধনা। সেয়ে যদি আমি এটা চিন্তাশীল, সংবেদনশীল আৰু জ্ঞানসম্পন্ন সমাজ বিচাৰোঁ, তেন্তে কিতাপক পুনৰ সন্মান দিব লাগিব। কিয়নো কিতাপৰ আদৰ মানেই জ্ঞানৰ আদৰ, আৰু জ্ঞানৰ আদৰ মানেই উন্নত ভবিষ্যতৰ পথ।
