শিক্ষাৰ্থীসকলৰ বাবে  প্রয়োজনীয় গ্রন্থ : ‘প্ৰেৰণাৰ উৎস’ – ড° বুলজিৎ বুঢ়াগোহাঁই

শিক্ষাৰ্থীসকলৰ বাবে  প্রয়োজনীয় গ্রন্থ : ‘প্ৰেৰণাৰ উৎস’

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

‘প্ৰেৰণাৰ উৎস’ নামৰ প্ৰৱন্ধ সংকলনখন চিত্তৰঞ্জন ওজাই সম্পাদনা কৰিছে। গ্রন্থখনৰ ‘সম্পাদকৰ একলম’ত চিত্তৰঞ্জন ওজাই এনেদৰে লিখিছে – ‘… ‘প্ৰেৰণাৰ উৎস’ শব্দ দুটা শুনিলেই ক’ব নোৱাৰাকৈয়ে মনলৈ প্রেৰণা আহে। নিজে নিজে কিবা এটা কৰাৰ প্ৰতি অনুপ্রাণিত হওঁ। ৰেখা প্রকাশনৰ স্বত্বাধিকাৰী শ্রীদেবেন কলিতাই এই বিষয়টো লৈ এখন গ্রন্থ সম্পাদনাৰ প্ৰস্তাৱ আমাৰ আগত ৰখাত ভালেই পালোঁ। ছাত্র-ছাত্রীসকলক অনুপ্রাণিত কৰিব পৰা এখন গ্রন্থ প্ৰকাশৰ কাম হাতত লৈ কেবাটাও কথা বিবেচনা কৰিবলগীয়া হ’ল। জেন জি আৰু জেন আলফা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা আগত ৰাখি গ্ৰন্থখনৰ বিষয়বস্তু প্ৰস্তুত কৰবলৈ চেষ্টা চলোৱা হৈছে। সফলতা প্রাপ্তিৰ বাবে প্রযুক্তিৰ উপযুক্ত প্রয়োগ বিশেষভাৱে প্রয়োজন। প্রযুক্তিৰ জগতখনত ভৱিষ্যতে বিশেষভাৱে প্রভাবিত কৰিব পৰা দুটা বিষয় হ’ল- কৃত্রিম বুদ্ধিমত্তা আৰু কোৱান্টাম বিজ্ঞান। নতুন প্রজন্মই এই বিষয়ে কিছু কথা জানিব পাৰিলে ছাত্র-ছাত্রীসকল উপকৃত হ’ব। বিজ্ঞান আৰু প্রযুক্তি বিষয়ত আগবঢ়াৰ বাবে সঠিক পথ বিচাৰি লোৱাত সহায় হ’ব।…’

‘প্ৰেৰণাৰ উৎস’ গ্রন্থখনত অন্তৰ্ভুক্ত প্ৰৱন্ধসমূহ হ’ল – আৰণ্যক শইকীয়াৰ ‘সঠিক উত্তৰৰ সন্ধানত’,হৃষীকেশ গোস্বামীৰ ‘মা প্ৰেৰণাৰ সোঁত’,দীপক কুমাৰ দাসৰ ‘বিজ্ঞানৰ পদূলি: উদুলি-মুদুলি’,দীপ মেধিৰ ‘লক্ষ্য যদি দিগন্ত’, ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘সন্তানৰ কেৰিয়াৰ গঠনত পিতৃ-মাতৃৰ ভূমিকা’,ড° কুলেন্দু পাঠকৰ  ‘কোৱান্টাম বিজ্ঞানৰ শতবার্ষিকী আৰু কোৱান্টাম কম্পিউটাৰ’,হিৰণ্য কুমাৰ নাথৰ ‘সপোন, সংশয় আৰু সম্ভাৱনা’,জ্যোতি খাটনিয়াৰৰ ‘সংগ্রাম জীৱনৰ অন্য নাম’,দীপক গোস্বামীৰ ‘শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তা’,অভিজিত শৰ্মা বৰুৱাৰ ‘আত্মবিশ্বাস আৰু সফলতা’,ড° সত্যজিৎ ভূঞাৰ ‘জীৱনৰ অৰ্থ-উদ্দেশ্য’,ড° ভার্গব জ্যোতি চহৰীয়াৰ ‘অন্তৰাত্মাৰ আহ্বান আৰু প্ৰাৰ্থনাৰ শক্তি’,দেৱাঞ্জন বৰঠাকুৰৰ ‘টাইম মেনেজমেণ্টৰ পোমোডেৰো কৌশল’,চিত্তৰঞ্জন ওজাৰ ‘জানো মোৰ গতি নাই গতিৰ বাহিৰে’,মুনিন্দ্র বৈশ্যৰ ‘যন্ত্রণা ভোগৰ আনন্দ’,লুকুমা আইজনীৰ ‘ভাল মানুহ হোৱাৰ আখৰা’ আৰু শেষত লেখক পৰিচিতি আছে ।

আৰণ্যক শইকীয়াই ‘সঠিক উত্তৰৰ সন্ধানত’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে ডাঙৰ হ’লে ডাক্তৰ নে অভিযন্তা হ’ব লাগে নেকি—এই প্ৰশ্ন বহু শিক্ষাৰ্থীৰ জীৱনত স্বাভাৱিকভাৱে আহে। কিন্তু জীৱনৰ পথ কেৱল এই দুটাতে সীমাবদ্ধ নহয়। শিক্ষক, বিজ্ঞানী, সাহিত্যিক, শিল্পী আদি বহু পেশাতো সফলতা লাভ কৰিব পাৰি। কৈশোৰ বয়সত দোদোৰ-মোদোৰ স্বাভাৱিক, আৰু সময়, অভিজ্ঞতা তথা আগ্ৰহেই সঠিক পথ নিৰ্ণয় কৰে। যি পথেই বাছনি কৰা হওক, একাগ্ৰতা, উৎকৃষ্টতা আৰু সৃজনশীলতাই সফলতাৰ মূল চাবিকাঠি।

দীপ মেধিয়ে ‘লক্ষ্য যদি দিগন্ত’ শীৰ্ষক প্ৰবন্ধত উপদেশ হিচাপে দুটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। প্ৰথমতে, দ্রুতগতিত পৰিৱৰ্তনশীল পৃথিৱীখনত জ্ঞান তৰল আৰু সদায় বিকশিত হয় বুলি কোৱা হৈছে। সেয়ে বিশেষকৈ বৈজ্ঞানিক ক্ষেত্ৰত আগবাঢ়ি যোৱাসকলৰ বাবে মৌলিক জ্ঞান আৰু গুণসমূহ গভীৰভাৱে বুজাটো অতি প্ৰয়োজনীয়, কাৰণ এই ভেটিয়ে সকলো নতুন যুগত সহায় কৰে। দ্বিতীয়তে, বয়সৰ লগে লগে আত্মবিশ্বাস সদায় বৃদ্ধি পায় বুলি ভাবাটো ভুল; জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানে আত্মবিশ্বাস হ্ৰাস কৰিব পাৰে। এই অৱস্থা স্বাভাৱিক আৰু প্রয়োজন হ’লে বিশ্বাসযোগ্য লোকৰ পৰা সহায় লৈ আত্মবিশ্বাস পুনৰ গঢ়ি তোলা উচিত।

ড° বুলজিৎ বুঢ়াগোহাঁয়ে ‘সন্তানৰ কেৰিয়াৰ গঠনত পিতৃ-মাতৃৰ ভূমিকা’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে সন্তানৰ ভৱিষ্যৎ গঢ় দিয়াত পিতৃ-মাতৃৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। পিতৃ-মাতৃয়ে পথ প্ৰদৰ্শন, উৎসাহ আৰু মানসিক সমৰ্থন যোগাই সন্তানক নিজৰ আগ্ৰহ আৰু শক্তি চিনাক্ত কৰিবলৈ সহায় কৰে। নিয়ন্ত্ৰক নহয়, অংশীদাৰ হিচাপে আগবাঢ়িলে সন্তানে সচেতনভাৱে কেৰিয়াৰ বাছনি কৰিব পাৰে। এই সমৰ্থনমূলক ভূমিকাই আত্মবিশ্বাস, সহনশীলতা আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতা বিকাশ কৰি সন্তানক দায়িত্বশীল আৰু সমাজৰ উপকাৰী নাগৰিক হিচাপে গঢ়ি তোলে।

‘প্ৰেৰণাৰ উৎস’ নামৰ গ্ৰন্থখন শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ  বাবে এখন অতি মূল্যৱান গ্ৰন্থ। এই গ্রন্থখনৰ প্রকাশক শ্রীদেবেন কলিতা ,ৰেখা প্রকাশন গুৱাহাটীআৰু ইয়াৰ মূল্য ১৫০ টকা । গ্রন্থখনত মুঠ ১১৯ পৃষ্ঠা আছে আৰু গ্রন্থখনৰ প্রথম প্রকাশ: ডিচেম্বৰ, ২০২৫। গ্ৰন্থখন সম্পাদনা কৰি পাঠকসমাজলৈ  আগবঢ়াই দিয়াৰ বাবে চিত্তৰঞ্জন ওজা তথা  লেখকসকলক ধন্যবাদ জনাইছো ।