অমৰ – ৰশ্মি ৰেখা দুৱৰা

Pc Mahabahu.com

অণুগল্প

অমৰ

ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়

চৌদিশে ধূসৰ বিৱৰ্ণ।এয়া কি দেখিছোঁ! মোবাইলৰ স্ক্ৰীণখন মোহাৰি লৈছোঁ।সঠিক তথ্যৰ বাবে নিউজ চেনেলবোৰ খুচৰিবলৈ ধৰিলোঁ।চিনাকি সকলোৰে ফে’চবুক,ৱাটচএপত একেটাই প’ষ্ট।”প্ৰিয় ব্যক্তিজন চিৰদিনৰ বাবে গুচি গ’লগৈ,উভতি নহাৰ বাটেৰে।”

জোৰকৈ বিষ এটাই বুকুখন বিন্ধিলে।শব্দহীন হৈ পৰিলোঁ।অলপপৰ ৰৈ নিজকে শান্তনা দিলোঁ,তুমি সদায় আমাৰ হৃদয়ত আছিলা আৰু সদায় থাকিবা।তোমাৰ কৰ্মৰাজীৰ দ্বাৰা।