পলায়নৰ চেষ্টা কৰা ধৰ্ষণকাণ্ডৰ অভিযুক্তক ৰফিকুলক আৰক্ষীৰ এনকাউন্টাৰ

পলায়নৰ চেষ্টা কৰা ধৰ্ষণকাণ্ডৰ অভিযুক্তক ৰফিকুলক আৰক্ষীৰ এনকাউন্টাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাটত শনিবাৰে মানসিকভাৱে অসুস্থ যুৱতীক ধৰ্ষণ কৰা অভিযুক্ত ৰফিকুল ইছলামক দেওবাৰে কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰে ।শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰফিকুল ইছলামক ৰাণিঘুলী এলেকাৰ নিৰাপদ স্থানত ৰাখি থোৱা হৈছিল । দেওবাৰে সন্ধিয়া ৰফিকুল ইছলামক ৰাণিঘুলীৰ পৰা কোকৰাঝাৰৰ চি জে এম ক’ৰ্টলৈ আনি থকা অৱস্থাত উক্ত এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হয় । এই কথা আৰক্ষীয়ে প্ৰকাশ কৰে ৷  উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ নিৱাসী তথা আছাম এজেঞ্চী নামৰ নিৰ্মাণ সংস্থাৰ মহৰি হিচাপে কোকৰাঝাৰত কৰ্মৰত ৰফিকুল ইছলাম নামৰ পাষণ্ড এটাই কালি মানসিকভাৱে অসুস্থ যুৱতী এগৰাকীক ধৰ্ষণ কৰিছিল। অভিযোগ অনুসৰি ৰাস্তাই-ঘাটে অনাই-বনাই ঘূৰি ফুৰা পিতৃ-মাতৃহীন মানসিকভাৱে অসুস্থ যুৱতীগৰাকীক পাষণ্ডটোৱে ফুচলাই নি শিবিৰৰ কোঠাত ধৰ্ষণ কৰে আৰু ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল। উক্ত ঘটনা পিছত সদৰী হোৱাত কোকৰাঝাৰত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হয় আৰু কোকৰাঝাৰ সদৰ চহৰত প্ৰতিবাদকাৰীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত কৰি জনজীৱন অচল কৰি তোলে। প্ৰতিবাদকাৰীসকলে অভিযুক্ত ৰফিকুল ইছলামৰ এনকাউণ্টাৰ অথবা ফাঁচিৰ দাবী তুলিছিল। এনে এক পৰিৱেশৰ মাজতে দেওবাৰে কোকৰাঝাৰত অভিযুক্ত ৰফিকুল ইছলাম আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ আহত হয়। বাঁওভৰিত গুলী লগা ৰফিকুল ইছলামক সম্প্রতি উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ নিয়া হৈছে। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰফিকুল ইছলামক ৰাণীঘুলি এলেকাৰ ‘ছেভ জ’নত’ ৰাখি থোৱা হৈছিল। দেওবাৰে সন্ধিয়া ৰফিকুল ইছলামক ৰাণীঘুলিৰ পৰা কোকৰাঝাৰৰ চিজেএম ক’ৰ্টলৈ আনি থকা অৱস্থাত ৰফিকুলৰ শৌচ লগাত আৰক্ষীৰ গাড়ীখন ৰখায়। শৌচ কৰিবলৈ যোৱাৰ ছলেৰে ৰফিকুলে লগত অহা আৰক্ষীৰ অস্ত্র কাঢ়ি আৰক্ষীকে আক্ৰমণ কৰি পলায়নৰ প্ৰচেষ্টা চলায়। যাৰ ফলত ৰফিকুললৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীয়ে পাষণ্ডটোৰ বাঁওভৰিত আঘাত কৰে। আৰক্ষীয়ে আহত ৰফিকুলক কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়লৈ আনে যদিও প্রাথমিক চিকিৎসা প্রদান কৰাৰ পিছতে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাত দুজন জোৱান আহত হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। মানসিক বিকাৰগ্ৰস্ত যুৱতী এগৰাকীক ধৰ্ষণ কৰাক লৈ কোকৰাঝাৰত বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি থকাৰ সমান্তৰালভাৱে প্রতিবাদ অব্যাহত আছে। ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ দাবীত কোকৰাঝাৰ চহৰৰ শান্তিনগৰত প্ৰতিবাদ সাব্যস্ত কৰা হয়।