পঞ্চভূতত বিলীন প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থ

পঞ্চভূতত বিলীন প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থ

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন হ’ল অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ। বৃহস্পতিবাৰে শিলচৰ শ্মশানঘাটত ৰাষ্ট্ৰীয় মর্যাদাৰে ভাৰতীয় জনতা পাৰ্টীৰ বর্ষীয়াণ নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্ৰপুৰকায়স্থৰ শেষকৃত্য সম্পন্ন হয়। বুধবাৰে সন্ধিয়া ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হোৱা কবীন্দ্ৰ পুৰকায়স্থক বৃহস্পতিবাৰে পুৱা শিলচৰৰ বাসগৃহত অজস্র নেতা-কর্মী গুণমুগ্ধই উপস্থিত হৈ প্রিয় ৰাজনীতিবিদগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে। তাৰ পিছত এখন পুষ্প সজ্জিত বাহনত গায়ন-বায়নৰ খোল-তাল পৰিৱেশনেৰে শিলচৰ চহৰেৰে শ্ৰদ্ধাঞ্জলি যাত্ৰা কৰি কাছাৰ জিলা বিজেপি কার্যালয়লৈ লৈ যোৱা হয়। দলৰ বিষয়াসকলে তাত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজেপি কার্যালয়ত মন্ত্রী কৌশিক ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক দীপায়ন চক্রবর্তীসহ অন্যান্য দলীয় বিষয়ববীয়াই শেষ শ্রদ্ধা নিবেদন কৰে। তাৰ পাছত তেওঁৰ নশ্বৰ দেহ জিলা ক্রীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয়। তাত কবীন্দ্ৰ পুৰকায়স্থক ৰাষ্ট্ৰীয় সন্মানেৰে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কবীন্দ্ৰ পুৰকায়স্থক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ সৈতে উপস্থিত আছিল মন্ত্রী কৌশিক ৰায়, মন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক দিপায়ন চক্ৰৱৰ্তী, বিধায়ক নীহাৰ ৰঞ্জন দাসকে ধৰি অন্যান্য নেতা।  ইয়াৰ পিছত শিলচৰৰ আৰ এছ এছৰ কাৰ্যালয়ত তেওঁৰ নশ্বৰদেহ লৈ যোৱা হয়। তাত শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁক শিলচৰ শ্মশানঘাটলৈ নিয়া হয়।শ্মশানলৈ কঢ়িয়াই নিয়াৰ পিছত তেওঁক অসম চৰকাৰৰ তৎপৰতাত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থ প্রতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গার্ড অৱ অনাৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ বেণ্ড বাদনৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মর্যাদা প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ জিলা আয়ুক্ত আয়ুষ গার্গে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থ প্রতিম দাসে সম্পূৰ্ণ অসম আৰক্ষীৰ মৰ্যাদাৰে শ্রদ্ধা জ্ঞাপন কৰে। পিছত তেওঁৰ পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থই ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাজেৰে মুখাগ্নি কৰি শেষকৃত্য সম্পন্ন কৰে।ইপিনে কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান ঘটাত বৃহস্পতিবাৰে কাছাৰ জিলাৰ‌ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকিয়াই কয়, কবীন্দ্ৰ পুৰকায়স্থক বাদ দি অসম বিজেপি দলে একো ভাবিব নোৱাৰে। তেওঁ অভিভাৱক স্বৰূপ আছিল। বহু ঘাত প্ৰতিঘাতৰ সম্মুখীন হৈ উত্তৰ পূব ভাৰতত বিজেপিৰ সংগঠনৰ কাম কৰি গৈছিল। বৰাক উপত্যকাৰ উন্নয়ন বাবে তেওঁ বহু কাম কৰি গৈছে। তেওঁৰ আশীৰ্বাদ মুৰত লৈ বিজেপি দল আগবাঢ়ি যাব।