১ এপ্ৰিলৰ পৰা দেশজুৰি আৰম্ভ হ’ব লোকপিয়লৰ প্ৰথম পৰ্যায়
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় চৰকাৰে আগন্তুক লোকপিয়ল সন্দর্ভত বুধবাৰে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰে। চৰকাৰে ঘোষণা কৰা মতে ,অহা ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০২৭ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ কাম চলিব। দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নিজাববীয়াকৈ এই সময়ছোৱাৰ ভিতৰতে ৩০দিনীয়া সূচীৰে লোকপিয়লৰ কাম সম্পন্ন কৰিব। ইয়াৰ লগতে গৃহ নির্মাণ আৰু গৃহ তালিকাকৰণৰ কামো সম্পন্ন কৰা হ’ব। লোকপিয়ল আইন ১৯৪৮ৰ ধাৰা ৩ আৰু ১৭ (ক)ৰ লগতে লোকপিয়ল অধিনিয়ম ১৯৯০ৰ ৬ (ক) আৰু ৬ (ঘ)ৰ নিয়ম অনুসৰি চৰকাৰে এই অধিসূচনাত ঘোষণা কৰে যে ২০২৭ বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণৰ কাম নিজাববীয়া গণনাৰ বিকল্প হিচাপে ধৰা হ’ব। ঘৰে ঘৰে কৰা গৃহ তালিকাকৰণ কামৰ নিৰ্দিষ্ট ৩০ দিনৰ পূৰ্বৰ ১৫ দিনত এই কাম কৰিব লাগিব। ২০২১ বর্ষত অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল ক’ভিড সংকটৰ বাবে অনুষ্ঠিত নোহোৱাত সম্প্রতি লোকগণনাৰ প্ৰথম পৰ্যায়ৰ সূচী মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই কাম দুটা পৰ্যায়ত কৰা হ’ব। গৃহ তালিকাকৰণ আৰু গৃহ নিৰ্মাণ পিয়লৰ পিছত জনসংখ্যা গণনা ১ এপ্রিল, ২০২৬ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৭ৰ ভিতৰত সম্পন্ন কৰা হ’ব। এইক্ষেত্ৰত কেন্দ্রীয়শাসিত অঞ্চল লাডাখ আৰু বৰফ পৰা এলেকা জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডক নিলগাই ৰখা হৈছে। উল্লেখ্য যে যোৱা বছৰৰ ১২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১১,৭১৮.২ কোটি টকা ব্যয়সাপেক্ষে ২০২৭ বৰ্ষৰ ভাৰতৰ লোকপিয়ল সম্পন্ন কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। জনগণনাৰ পৰ্যায়ত নাগৰিকৰ জাতিগত পৰিচয়ো আহৰণ কৰা হ’ব। এই লোকপিয়লত প্রায় ৩০ লাখ ক্ষেত্রকর্মী নিয়োজিত হ’ব। ভাৰতৰ এই লোকপিয়ল বিশ্বৰ সৰ্ববৃহৎ প্রশাসনিক আৰু পাৰিসাংখ্যিক অনুশীলন বুলি কোৱা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে ডিজিটেল প্রক্রিয়াৰে সম্পন্ন হ’ব লোকপিয়ল। এইক্ষেত্ৰত ডাটা সংগ্ৰহৰ বাবে ম’বাইল এপ আৰু নিৰীক্ষণৰ উদ্দেশ্যত এটা কেন্দ্রীয় প’র্টেল ব্যৱহাৰ কৰা হ’ব। ইয়াৰ জৰিয়তে উন্নতমানৰ দাতাৰ নিশ্চিতি লাভ কৰিব পৰা যাব। এই লোকপিয়লৰ প্ৰক্ৰিয়াত প্ৰতিটো পৰিয়ালৰ ঘৰলৈ ক্ষেত্ৰকৰ্মীসকল যাব আৰু গৃহ তালিকাকৰণ আৰু গৃহ নির্মাণ পিয়ল তথা জনগণনাৰ বাবে সুকীয়া সুকীয়া প্রশ্নাৱলী প্রদান কৰা হ’ব। ৰাজ্য চৰকাৰসমূহে গণনাকাৰীসকলক নিযুক্তি দিব। এই গণনাকাৰীসকল বিশেষকৈ চৰকাৰী শিক্ষক হ’ব। তেওঁলোকে নিজৰ নিজৰ নিয়মীয়া দায়িত্ব পালন কৰাৰ উপৰি পিয়লৰ ক্ষেত্ৰকৰ্ম সম্পাদন কৰিব। এই প্ৰক্ৰিয়াটো নিৰীক্ষণৰ বাবে চেঞ্চাছ মেনেজমেন্ট এণ্ড মনিটৰিং ছিষ্টেম, চমুকৈ চিএমএমএছ নামৰ এটা প’ৰ্টেল ইতিমধ্যে মুকলি কৰা হৈছে। জনসাধাৰণে এই পিয়ল এপ বা প’ৰ্টেলৰ জৰিয়তে ৩০দিনীয়া গৃহ তালিকাকৰণ পৰ্যায়ৰ পূৰ্বৰ ১৫ দিনৰ ভিতৰত আত্মগণনা কৰিব পাৰিব। ডিজিটেল পিয়লৰ বাবে উপযুক্ত নিৰাপত্তাজনিত বৈশিষ্ট্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে।
