সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব বিচাৰিছোঁঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছ আৰৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তনৰ বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে। ৰাজ্যত চলি থকা ভোটাৰ তালিকা সংশোধনীত শাসকীয় দলটোৱে বহু ভোটাৰৰ নাম কৰ্তন কৰা বুলি বিৰোধীয়ে তুলি অহা অভিযোগক উভতি ধৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মই নিজেই কৈ আছো যে যিমান পাৰে সন্দেহজনক লোকসকলৰ ওপৰত অভিযোগ দিয়ক। আমি সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচাৰিছোঁ। আমি আমাৰ বিএলঅ’সকলক মই নিৰ্দেশ দিছোঁ যাতে সন্দেহজনক মিঞা মুছলমানৰ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে ভোটাৰ তালিকাৰ সংশোধনীৰ নামত নির্বাচন আয়োগৰ বিসংগতিপূর্ণ কাম-কাজক লৈ বিৰোধীয়ে যথেষ্ট সৰৱ হৈ থকাই নহয়, শেহতীয়াকৈ বিধায়ক অখিল গগৈ তথা কংগ্ৰেছেও অভিযোগ তুলিছে যে বিজেপিয়ে বিএলঅ’ৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তন কৰি আন বহু লোকৰ নাম অন্তর্ভুক্ত কৰিছে। বিষয়টোক লৈ যোৱা সময়ছোৱাত চলি থকা ব্যাপক প্রতিক্ৰিয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত দল তথা চৰকাৰৰ স্থিতি স্পষ্ট কৰি লখিমপুৰত মুখ্যমন্ত্ৰীৰ ঘোষণা-ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত মিঞা মুছলমানৰ নাম আমি যাতে কাটিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম। আমি আমাৰ বিএলঅ’সকলক নির্দেশ দিছোঁ যে সন্দেহযুক্ত মানুহৰ নাম তালিকাত দেখা পায় তেন্তে নির্বাচন আয়োগক অভিযোগ দিব। মুখ্যমন্ত্রীয়ে কংগ্ৰেছ দলক উদ্দেশ্যি কয়- ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰো স্বাধীনতা আছে। তেওঁলোকেও অভিযোগ দিব পাৰে। কাৰোবাৰ নাম যদি ভোটাৰ তালিকাত উঠা নাই, কংগ্রেছ দলেও তেনে নাম অন্তর্ভুক্ত কৰাৰ কাৰণে আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে একেই স্বাধীনতা কংগ্ৰেছ দলৰো আছে, ৰাইজৰ দলৰো আছে, চিপিএম-চিপিআই দলৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো উত্থাপন নকৰি বিৰোধী দলসমূহে ৬, ৮নং প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব লাগে। ইফালে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিএলঅ’সকলক ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া বুলি অখিল গগৈয়ে অনা অভিযোগক সভাপতি দিলীপ শইকীয়াই নস্যাৎ কৰাৰ পাছত তেওঁ যে সত্য কৈছে তাৰ বাবে আজি কামাখ্যা মন্দিৰত শপত লোৱাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। এই প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- শপত লোৱাৰ কি প্রয়োজন আছে, মই নিজেই কৈ আছোঁ। মই সমগ্র অসমতে বিধায়ক, বিএলঅ’-১, বিএলঅ’-২ সকলোকে নির্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহৰ নাম যদি তালিকাত আছে তেন্তে অভিযোগ দিয়ক। ইয়াত শপত ল’বলগা কি আছে? এয়া আমাৰ সংবিধানপ্রদত্ত অধিকাৰ। এই অধিকাৰ একমাত্র বিজেপিয়ে লোৱা নাই, কংগ্ৰেছৰো একেই অধিকাৰ আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কোৱাতকৈ যিদৰে বিজেপিৰ সদস্যসকলে গ্রাউণ্ডত কাম কৰি আছে, তেওঁলোকেও গ্রাউণ্ডত কাম কৰক। আমিতো বাধা দিয়া নাই। স্মর্তব্য যে বিৰোধীয়ে উত্থাপন কৰি থকা ভোটাৰ তালিকা সংশোধনীৰ বিসংগতিৰ বিষয়টোৱে শেহতীয়াকৈ যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক ভিডিঅ’ কনফাৰেঞ্চক লৈ। এই ভিডিঅ’ কনফাৰেঞ্চত বিজেপিৰ সভাপতিগৰাকীয়ে বিএলঅ’সকলক ভোটাৰ তালিকাৰ পৰা একাংশ লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিয়া বুলি বিধায়ক অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ কালি দিলীপ শইকীয়াই নস্যাৎ কৰাৰ বিপৰীতে আজি মুখ্যমন্ত্রী ড° শর্মাই স্পষ্টকৈ উল্লেখ কৰে যে ভোটাৰ তালিকাৰ পৰা বিএলঅ’সকলক সন্দেহযুক্ত লোকৰ নাম কৰ্তনৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত আবেদনৰ নিৰ্দেশ দিছে। কোনো কাৰণতে যাতে সন্দেহযুক্ত লোকৰ নাম তালিকাত অন্তর্ভুক্ত নহয় সেই দিশত নজৰ দিবলৈ বিএলঅ’সকলক নির্দেশ দিয়াৰ কথা স্পষ্ট কৰে।
