এছআৰৰ ব্যাপক খেলিমেলি, ভোট চুৰিৰ চক্ৰান্তৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ

এছআৰৰ ব্যাপক খেলিমেলি, ভোট চুৰিৰ চক্ৰান্তৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ
ৰাজীৱ ভৱনত সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ সংবাদমেল
বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক এটা পুতলাত পৰিণত কৰিছেঃ ৰিপুন বৰা
দিলীপ শইকীয়াৰ বিতৰ্কিত ভিডিঅ’ কনফাৰেন্স কাণ্ডৰ ফৰেনছিক তদন্ত দাবী কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি চৰকাৰৰ সৈতে মিলি নিৰ্বাচন আয়োগে বিশেষ কূট-কৌশলৰ জৰিয়তে মহাৰাষ্ট্ৰ, হাৰিয়ানা, কৰ্ণাটকৰ আৰ্হিত অসমতো ভোট চুৰিৰ ভয়ংকৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। ৰাজীৱ ভৱনত আজি আনুষ্ঠিত এক সংবাদমেলত এই বিস্ফোৰক অভিযোগ কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই কংগ্ৰেছসহ সকলো বিৰোধী দলৰ প্ৰতিনিধিক মাতি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ এছআৰক লৈ চিন্তা কৰিবলগীয়া একো নাই বুলি কৈছিল যদিও বাস্তৱত একাধিক উদ্বেগজনক কথা পোহৰলৈ অহাৰ কথা উদাহৰণসহ আজিৰ সংবাদমেলত দাঙি ধৰে কংগ্ৰেছ নেতাদ্বয়ে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে কয় যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰতিবছৰে হোৱা সংক্ষিপ্ত সংশোধনীৰ ধৰণেৰেই হ’ব বুলি কৈছিল যদিও বাস্তৱত এখন বিপৰীত ছবিহে দেখা গৈছে। বিএলএসকলক অন্ধকাৰত ৰাখি বিএলঅ’সকলে খছৰা তালিকা উলিওৱা বুলিও সংবাদমেলত অভিযোগ কৰে সাংসদ ৰকিবুল হুছেইনে। তেওঁ কয় যে খছৰা তালিকা প্ৰস্তুতৰ পূৰ্বে দাবী আৰু আপত্তিৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি সংঘটিত হৈছিল। ৬, ৭ আৰু ৮নং ফৰ্মৰ ব্যাপক অপব্যৱহাৰ হোৱা বুলিও হুছেইনে সংবাদমেলত সদৰী কৰে। তেওঁ কয়, ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস নাই। সেয়ে বাহিৰৰ পৰা মানুহ আনিবলৈ বুলি এজন লোককে বহুতৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা কাৰ্যত ব্যৱহাৰ কৰিছে।’’ নিৰ্বাচন আয়োগৰ নিয়ম অনুযায়ী একক আপত্তিহে গ্ৰহণযোগ্য যদিও এজন লোকেই বহুতৰ বিৰুদ্ধে দিয়া ওজৰ-আপত্তিও আয়োগে গ্ৰহণ কৰাত সাংসদ হুছেইনে আশ্চৰ্য প্ৰকাশ কৰে। হুছেইনে আৰু কয়, ”নিয়ম অনুযায়ী প্ৰত্যেক সপ্তাহত কি দাবী আৰু ওজৰ-আপত্তি আহিছে সেয়া পঞ্জীয়নভুক্ত প্ৰতিটো ৰাজনৈতিক দলকে জনাব লাগে। কিন্তু তেনে কৰা হোৱা নাই। বিপৰীতে এতিয়া ব্যাপক হাৰত ভোট চুৰিৰ ষড়যন্ত্ৰ কৰা হৈছে। কোনো নিয়ম মনা হোৱা নাই যদিও নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে।’’ নিৰ্বাচনী বিষয়াসকলক মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিয়ে প্ৰভাৱান্বিত কৰিবলৈ নাম কৰ্তন কৰাৰ দৰে কথা কোৱা বিষয়টোও সংবাদমেলত উনুকিয়াই দিয়ে সাংসদ হুছেইনে। তেওঁ কয় যে এনে কাৰ্য সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু নীতি বৰ্হিভূত। এই সকলোবোৰ দেখি-শুনিও নিৰ্বাচন আয়োগে কিয় মনে মনে বহি আছে বুলিও হুছেইনে প্ৰশ্ন কৰে। আনহাতে, সংবাদমেলত আনগৰাকী কংগ্ৰেছ নেতা ৰিপুণ বৰাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে। বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক এটা পুতলাত পৰিণত কৰিছে বুলি অভিযোগ কৰি বৰাই কয় যে ইতিমধ্যে প্ৰকাশ কৰা খছৰা ভোটাৰ তালিকাত সংশোধনীৰ বাবে আবেদন কৰিব পৰাৰ কোনো নিৰ্ভৰযোগ্য ব্যৱস্থাই নাই। বৰাই কয় যে ২৭ ডিচেম্বৰত প্ৰকাশ পোৱা খছৰা ভোটাৰ তালিকা আৰু ২০২৫ চনৰ ১ জানুৱাৰীত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ মাজত কোনো বিশেষ পাৰ্থক্য নাই। খছৰা তালিকাত নতুন ভোটাৰৰ সংযোগ, মৃত ভোটাৰৰ নাম কৰ্তন আৰু স্থানান্তৰিত ভোটাৰৰ তথ্য একেলগে সন্নিবিষ্ট নকৰাত সংশোধনীৰ বাবে আবেদন কৰাত সমস্যাই দেখা দিছে বুলিও কয় বৰাই। ”নিৰ্বাচন আয়োগক এই বিষয়ে সোধাত কৈছে যে বিএলঅ’সকলে নতুন ভোটাৰ, মৃত ভোটাৰ আৰু স্থানান্তিৰত ভোটাৰৰ নামৰ তালিকা পৃথক পৃথককৈ কৰাত সেয়া খছৰাত একেলগে সন্নিবিষ্ট কৰিব পৰা নগ’ল। সেয়া চূড়ান্ত তালিকাতহে সংলগ্ন কৰিব পৰা যাব বুলি কৈছে। এনেকৈ হ’লে খছৰা তালিকা চাই সংশোধনীৰ বাবে আবেদন কৰাতো সম্ভৱ হ’ব জানো?’’-বৰাই প্ৰশ্ন কৰে। তেওঁ আৰু কয় যে আয়োগে নতুন ভোটাৰ সংযোগ অথবা পূৰ্বৰ ভোটাৰৰ নাম ইচ্ছাকৃতভাৱে কৰ্তন কৰিবলৈকে এনে ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁ কয়, ”চূড়ান্ত তালিকা প্ৰকাশ পাব ১০ ফেব্ৰুৱাৰীত। চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত সংশোধনীৰ সুবিধা থাকিব নে নাথাকে সেয়া সকলোৱেই জানে।’’ কাইলৈ যদি প্ৰতিটো সমষ্টিত ৫ হাজাৰ ৫ হাজাৰকৈ নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয় সেয়া গম পোৱাটোও সম্ভৱ নহ’ব বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। নতুন সংযোজন খছৰা তালিকাত প্ৰকাশ পোৱা হ’লে অভিযোগ দিব পৰা গ’লেহেতেন বুলি উল্লেখ কৰি বৰাই কয় যে আয়োগে এতিয়া এনেকৈয়ে তলে তলে বিজেপি চৰকাৰৰ সপক্ষে কাম কৰিবলৈ আৰম্ভ কৰিছে। সেয়ে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অনলাইন মিটিঙত বিধায়ক আৰু মন্ত্ৰীক বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ তালিকা তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিবলৈ সাহস কৰিছে বুলিও কয় বৰাই। তেনে নিৰ্দেশ দিয়া বুলি বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতো এই সন্দৰ্ভত নিৰ্বাচন আয়োগে এতিয়ালৈকে কিয় নিমাতে আছে বুলিও বৰাই প্ৰশ্ন কৰে। কথাটো মিছা হ’লেও নিৰ্বাচন আয়োগে মাত মতাতো জৰুৰী আছিল বুলিও কয় বৰাই। তেওঁ কয় যে কংগ্ৰেছ দলৰ লগতে আন বিৰোধীদলসমূহে এনে কাৰ্যৰ তদন্ত বিচাৰি কাইলৈ ৰাজ্যিক নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিব। স্মাৰক পত্ৰযোগে উক্ত কাণ্ডৰ ফৰেনছিক তদন্তৰ দাবী জনোবা হ’ব বুলিও বৰাই জানিবলৈ দিয়ে। সংবাদমেলত বৰাই আৰু কেবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে বহু ঠাইত কামৰ মাজতে বিএলঅ’সকলক সলনি কৰা হৈছে। আগৰ বিএলঅ’সকলে শাসকীয় দলৰ ৰাজনৈতিক স্বাৰ্থ পূৰণত সহযোগ কৰিবলৈ অমান্তি হোৱা বাবেই এনেদৰে সালসলনিৰ নিৰ্দেশ দিয়া হৈছে বুলিও বৰাই সংবাদমেলত অভিযোগ কৰে। একদৰে এটা বিশেষ ধৰ্ম আৰু সম্প্ৰদায়ৰ বিএলঅ’সকলক সলাবলৈ ৰাজনৈতিকভাৱে হেঁচা প্ৰদান কৰাৰ কথাও সদৰী কৰে বৰাই। একেদৰে গুৱাহাটী মহানগৰীৰ কেবাটাও বুথত হোৱা ব্যাপক খামখেয়ালিৰ কথাও সংবাদমেলযোগে সদৰী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। উদাহৰণ হিচাপে বৰাই দিছপুৰৰ ২৭নং বুথৰ ঘৰ নং ২৩ আৰু ৫৯৫-ত মালিকে গম নোপোৱাকৈয়ে অতিৰিক্ত ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়টো আঙুলিয়াই দিয়ে। ৩৬নং বুথৰ ৭টা পৰিয়ালৰ কাৰোৰে নাম তালিকাত নথকা বিষয়টোও সাংবাদিকসকলক বৰাই জানিবলৈ দিয়ে। এনেধৰণে শাসকীয় বিজেপি দলে ভোট চুৰি কৰিবলৈ উদ্যত হৈছে বুলি অভিযোগ কৰি বিষয়সমূহৰ সমাধান বিচাৰি কাইলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰাৰ অন্তত অচিৰেই নতুন দিল্লীত মুখ্য নিৰ্বাচনী আয়ুক্তকো বিৰোধী দলসমূহৰ এটা সঁজাতী দলে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও বৰাই সংবাদমেলত সদৰি কৰে৷