১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখেৰে সফল সামৰণি অসম গ্ৰন্থমেলা , গুৱাহাটীৰ

১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখেৰে সফল সামৰণি অসম গ্ৰন্থমেলা , গুৱাহাটীৰ
সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যক্ৰমণিকাৰ সমাপ্তি ঘটাই নিজম পৰিল খানাপাৰা বাকৰি
গ্ৰন্থমেলাত পঢ়ুৱৈয়ে প্ৰধান অলংকাৰঃ ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্য-সংস্কৃতি, নাটক-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা ১৪ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ ৷ এইবেলি অসম গ্ৰন্থমেলা , গুৱাহাটীত ১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচনা হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ ভাষণত কয়——“ গীতৰ সভাত যেনেদৰে শ্ৰোতাই প্ৰধান অলংকাৰ; তেনেদৰে গ্ৰন্থমেলাত পঢ়ুৱৈয়ে প্ৰধান অলংকাৰ ৷ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ পৰিসংখ্যাই আনন্দ দিছে ৷ মই সদায়ে কৈ আহিছোঁ যে কিতাপ পঢ়া মানুহৰ সংখ্যা কমা নাই ৷ কাৰণ মানুহে জ্ঞানৰ সাধনা কৰে ৷ প্ৰজ্ঞাৰ সাধনা কৰে ৷ জ্ঞান বা প্ৰজ্ঞাৰ মূল আধাৰ কিতাপ ৷ অৱশ্যে বহুতে ই-বুক পঢ়িবলৈ লৈছে ৷ তথাপি পঢ়ুৱৈৰ সংখ্যা কমা নাই ৷” তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ লগতে আৱেগিক বুদ্ধিমত্তাৰো প্ৰয়োজন আছে ৷ প্ৰশান্তিৰ বাবে, মানসিক সন্তুলনৰ বাবে গান শুনা আৰু কিতাপ পঢ়াৰ প্ৰয়োজন ৷ কিতাপ পঢ়ি আমি প্ৰশান্তি আৰু প্ৰেৰণা লাভ কৰিব পাৰোঁ ৷ সেয়ে গ্ৰন্থ আন্দোলনৰ প্ৰয়োজন আছে ৷ অসম প্ৰকাশন পৰিষদে অনাগত সময়তো উৎসাহেৰে গ্ৰন্থমেলা আয়োজন কৰিব বুলি আশ্বাস প্ৰদান কৰে শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ পেগুৱে ৷ সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে সাহিত্য অকাডেমী সন্মান প্ৰাপক ওড়িষাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীয়ে ৷ তেওঁ কয়——“ অসমত গ্ৰন্থক কেন্দ্ৰ কৰি যি উৎসৱ উদযাপিত হৈছে এয়া দেখি অভিভূত হৈ পৰিছোঁ ৷ এই পৰৱেশে নিশ্চিতি প্ৰদান কৰিছে যে গ্ৰন্থ কোনোদিনে শেষ হৈ নাযায় ৷অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷” অসমক দেশৰ ভিতৰতে মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম ৰাজ্য বুলি অভিহিত কৰি তেওঁ কয় যে ব্ৰহ্মপুত্ৰ নদীয়ে অসমক জীৱনীশক্তি প্ৰদান কৰিছে ৷ ইয়াৰ মানুহ, সাহিত্য-সংস্কৃতি, খাদ্যাভাস আৰু বেশভূষা অতি আকৰ্ষণীয় ৷ অসমৰ জ্ঞান চৰ্চাৰো ঐতিহাসিক সুনাম আছে ৷ সেইবাবেই অসমৰ সাহিত্য-সংস্কৃতি উন্নত মানৰ ৷ তেওঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে অসমবাসীক অভিনন্দন জনাই কয়——“ অসমীয়া আৰু উড়িয়া ভাষাৰ মিল আছে ৷ দুয়োটা ভাষাৰ প্ৰাচীনতম উৎসতে এই মিল ৰৈছে ৷ উড়িয়াৰ পৰা অসমীয়া আৰু অসমীয়াৰ পৰা উড়িয়ালৈ অধিক অনুবাদ হ’লে দুয়োটা ভাষা সমৃদ্ধ হ’ব ৷” সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ভাষণ প্ৰসংগত কয় যে অসম গ্ৰন্থমেলা এতিয়া কলকতা গ্ৰন্থমেলাৰ সমতুল্য হৈছে ৷ ইয়াৰ দৃশ্যপট আৰু কিতাপ বিক্ৰীৰ পৰিসংখ্যাই এয়া প্ৰতিপন্ন কৰিছে ৷ এয়া ভাল লগা কথা ৷ ভাষণ প্ৰসংগত তেওঁ কয়——“প্ৰকৃত সাহিত্য আৰু প্ৰকৃত সাহিত্যিকে আমাক সত্যৰ সৈতে মুখামুখি কৰাই দিয়ে ৷ গতিকে প্ৰকৃত সাহিত্য সদায়ে থাকি যাব ৷ কিন্তু এতিয়া প্ৰকৃত সাহিত্যৰ প্ৰকাশ কমি অহা দেখা গৈছে ৷ ইয়াৰ বাবে পঢ়ুৱৈ সমাজো দায়ৱদ্ধ ৷ তেওঁলোকে প্ৰকৃত সাহিত্য আৰু জনপ্ৰিয় সাহিত্যিকৰ মাজৰ পাৰ্থক্য বুজি পাব লাগিব ৷ সাহিত্য আৰু ‘পপুলিষ্ট লিটাৰাচাৰ’ৰ পাৰ্থক্য আমি জানিবই লাগিব ৷” আন এগৰাকী বিশিষ্ট অতিথি, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে অসমত গ্ৰন্থ বিপ্লৱ তৰান্বিত কৰিছে অসম গ্ৰন্থমেলাই ৷ কিন্তু আমি নিজক প্ৰশ্ন কৰাৰ সময় আহিছে যে সাহিত্যই প্ৰকৃত পোহৰ হেৰুৱাইছে নেকি ? যদি হেৰুৱাইছে তেন্তে পোহৰৰ বাট আমাক কোনে দেখুৱাব ? জ্যোতিপ্ৰসাদ আগৰৱালায়ো সাহিত্যই পোহৰ দেখুওৱাৰ কথা কৈছিল ৷ বিষয় প্ৰসংগৰে তেওঁ পুনৰ কয় ——“কপিসুলভ দৃষ্টিভংগীৰে আমি সমুদ্ৰৰ সিপাৰৰ দৰ্শন অনুসৰণ কৰোঁ ৷ অথচ দহ হাজাৰ বছৰ পূৰ্বেই বেদৰ জৰিয়তে ভাৰতীয় সভ্যতাই দৰ্শনতত্ব দেখুৱাইছিল ৷ ভাৰতবৰ্ষৰ সাহিত্যৰ এই সনাতন প্ৰমূল্য আমি জানিব লাগিব ৷ সাহিত্য-সংগীত-কলাই জগতক সুন্দৰ কৰে ৷ এয়া নাথাকিলে মানুহ শিং আৰু নেজ নোহোৱা পশুহে হ’ব বুলি ভক্তি হৰিৰ দৰে মনীষীয়ে কৈ গৈছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালায়ো কৈছে—— সুন্দৰে যে ফুলাৰ মন্ত্ৰ/ অহোৰাত্ৰি মাতে/ সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে… ৰূপান্তৰেহে জগত ধুনীয়া কৰে/ এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ… ৷ এয়ে সাহিত্যই দেখুওৱা পোহৰৰ বাট ৷ গ্ৰন্থ হৈছে জ্ঞানৰ পেৰা ৷ এই জ্ঞান মুকলি কৰি দিয়া গ্ৰন্থ সদায়ে থাকিব ৷” অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, অভিধান প্ৰণেতা সুমন্ত চলিহায়ো সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধন্যবাদসূচক বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে আজি গ্ৰন্থমেলাৰ সামৰণী সভাতে সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীক “ঐশ্বৰ্য” উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ প্ৰদান কৰা হয় ৷ এই বঁটাত আছে ৫ লাখ টকা, অংগবস্ত্ৰ, মানপত্ৰ আৰু মূল্যবান কিতাপৰ টোপোলা ৷ একেদৰে প্ৰকাশকৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ প্ৰদান কৰা হয় বান্ধৱ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰঞ্জনজ্যোতি শৰ্মাক ৷ এই বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু মূল্যবান কিতাপৰ টোপোলা ৷ দুয়োটা বঁটা প্ৰদান কৰে শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ বঁটা গ্ৰহণ কৰি সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীয়ে কয় যে বঁটাই নতুন সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ লগতে দায়ৱদ্ধতা সোঁৱৰাই দিয়ে ৷ এই বঁটা গ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে দায়ৱদ্ধ হ’বলৈ উদগনি লাভ কৰিছোঁ ৷ একেখন সভাতে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰা “ম’ডাৰ্ণ গ্ল’চাৰি ( এংলো-আছামিজ)” এপটো শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে মুকলি কৰে ৷ এপটো প্ৰস্তুত কৰিছে ভাষা প্ৰযুক্তিবিদ ড° গুণদ্বীপ চেতিয়া আৰু ভাষাবিদ ড° ভাস্কৰজ্যোতি শৰ্মাই ৷ এপটো এন্ড্ৰইড মোবাইল আৰু আই ফোনত উপলব্ধ হ’ব ৷ সভাখনত “শিশুৰ দিন” আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণীও কৰা হয় ৷ সাংস্কৃতিক প্ৰতিযোগিতাৰ বিদ্যালয় শাখাত নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলীপাৰাই প্ৰথম, চাউথ পইণ্ট স্কুল, বৰ্ষাপাৰাই দ্বিতীয়, অসম জাতীয় বিদ্যালয়, নুনমাটি, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বীৰুবাৰিয়ে তৃতীয় আৰু এছ বি অ’ এ পাব্লিক স্কুল, গড়চুকে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ মহাবিদ্যালয় শাখাত দিছপুৰ মহাবিদ্যালয়ে প্ৰথম, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু গুৱাহাটী মহাবিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সামৰণী সভাত আদৰণী ভাষণ আগবঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰে সংগতি ৰাখি এইবেলি গুৱাহাটী মহানগৰীকে ধৰি মুঠতে ৮খন ঠাইত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ’ল ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা-পৰিকল্পনা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শৰে অসম প্ৰকাশন পাৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থৰ বিক্ৰীয়ে গ্ৰন্থমেলাৰ সফলতা নিৰ্ণয় কৰে ৷ আমি ক’ব পাৰোঁ যে অসম গ্ৰন্থমেলা, গুৱাহাটীত যোৱা ১৪ দিনত প্ৰায় ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰী হৈছে ৷ সচিব কলিতাই অসম গ্ৰন্থমেলা সফল কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে চৰকাৰ-প্ৰশাসন, ছপা-বৈদ্যুতিন সংবাদ মাধ্যম, বিদ্যালয়তনিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে ৷ সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ নৰ্থ ইষ্ট পাব্লিক স্কুলৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এটি বৰগীতেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বাৰেৰহণীয়া কাৰ্যসূচীয়ে সকলোকে মুগ্ধ কৰে ৷