যোৰহাটত যুৱ কংগ্ৰেছৰ ‘জাতি বচাওক, মাটি বচাওক’ পদযাত্ৰা
ৰঙিলী বাৰ্ত্তাসেৱা- ‘জাতি বচাওক, মাটি বচাওক’ শ্ল’গানেৰে অসমত যুৱ কংগ্ৰেছে আৰম্ভ কৰিছে ৰাজ্যযোৰা পদযাত্ৰা। লখিমপুৰত আৰম্ভ কৰা এইইই অভিযান ৫ জানুৱাৰীত মাজুলীত অনুষ্ঠিত হয় আৰু যোৰহাট জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মাজুলীত হাজাৰ হাজাৰ লোকে জাতি বচাওক, মাটি বচাওক শ্ল’গান দি বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজৰ সজাগ কৰে। এই পদযাত্ৰাক নেতৃত্ব প্ৰদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেতে। যোৰহাট চহৰত প্ৰায় ৫ কিলোমিটাৰযোৰা এক বিশাল সমদলত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মিতেন্দ্ৰ দৰ্শন সিং, সম্পাদক জেছান আহমেদ, ৰাকেশ মিনাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু কেলেংকাৰীৰ শ্ল’গান দিয়ে। এই পদযাত্ৰাত যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শুভমিত্ৰ গগৈ, সম্পাদক কৃষাণু বৰুৱা, জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা, যুৱ কংগ্ৰেছৰ অসমৰ সভাপতি জুৱেৰ আনমকে প্ৰমুখ্য কৰি নেতা-কৰ্মীসকলে যোৰহাট ষ্টেডিয়ামৰ পৰা সহস্ৰাধিক যুৱ কংগ্ৰেছীৰ এক সমদল লৈ চহৰৰ মাজমজিয়াৰে পদযাত্ৰা কৰে। সমগ্ৰ অসমত যুৱ কংগ্ৰেছে জাতি বচাওক, মাটি বচাওক শ্ল’গানেৰে বিজেপি চৰকাৰৰ অনীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাব৷
