আকৌ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ-নীতিৰে ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্রদেশে নিজৰ সাংগঠনিক তৎপৰতা আৰু প্ৰচাৰ কাৰ্যসূচী ব্যাপক ৰূপত ৰাজ্য জুৰি অব্যাহত ৰাখিছে। অসম প্রদেশ বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্রেছ বিবৃতিত মুখপাত্র কল্যাণ গগৈয়ে কয় যে, ইতিমধ্যেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই “দেৱাল লিখন” কাৰ্যসূচীৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভ বুলি ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি জিলা, মণ্ডল পর্যায়ত ব্যাপক হাৰত চলাই থকাৰ লগতে আজি ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীৰ ভিতৰত “আকৌ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ”- নীতিৰে ৩৯ খন সাংগঠনিক জিলাতে জিলা কার্যনির্বাহক সভা আয়োজন কৰা হৈছে। এই কৰ্মসূচীৰ জৰিয়তে জিলা সমিতি সমূহে আগন্তুক সময়ত নিৰ্বাচনৰ বাবে নিজ-নিজ জিলাত ল’বলগীয়া পৰিকল্পনা সমূহৰ বিশ্লেষণ কৰি নিৰ্বাচনৰ প্ৰস্তুতি সমাপন কৰিব পাৰিব৷ইতিমধ্যেই মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত ৰাজ্যজুৰি চলি থকা জনহিতকৰ আৰু সংস্থাপনমূলক নিযুক্তি প্রক্রিয়া, চেমিকণ্ডাক্টৰ, সাৰ-কাৰখানাকে ধৰি উদ্যোগিক বিকাশ, অবৈধ বে-দখলকাৰী উচ্চেদ, সত্ৰ সমূহৰ সুৰক্ষা, অবৈধ বাংলাদেশী বহিষ্কাৰ, মহিলা সকলৰ সন্মানৰ বাবে বিভিন্ন পদক্ষেপ, জিলাই বিশ্ববিদ্যালয়, মেডিকেল কলেজ সংস্থাপন, কাৰিকৰী শিক্ষা প্রতিষ্ঠান, গড় হত্যা ৰোধকে ধৰি নিৰন্তৰ প্ৰজাহিতকৰ প্ৰকল্পৰ বাবে ৰাইজৰ জন সমর্থন লাভ কৰাৰ সম্ভাৱনা অধিক যদিও বিজেপি দলে কোনো ধৰণৰ আত্মতুষ্টিত গদগদ নহৈ দলীয় কাৰ্যসূচী আৰু গণসংযোগত অধিক গুৰুত্ব আৰোপ কৰি বিভিন্ন দলীয় কার্যসূচী অব্যাহত ৰাখিছে।বিশেষকৈ আজিৰ পৰা অনুষ্ঠিত হোৱা জিলা কার্যনির্বাহক সভা সমূহত ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন জ্যেষ্ঠ কাৰ্যকৰ্তাক প্ৰেৰণ কৰি আকৌ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ-নীতিৰে ৰাইজৰ মাজলৈ যোৱা সংকল্প গ্রহণ কৰিছে৷
