ৰাজ্য চৰকাৰে শীঘ্ৰে দিল্লীলৈ প্ৰেৰণ কৰিব মন্ত্ৰীগোটৰ প্রতিবেদন
ৰঙিলী বাৰ্ত্তাসেৱা- অচিৰেই দিল্লীলৈ প্ৰেৰণ কৰা হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন।মন্ত্ৰীগোটৰ অধ্যক্ষ তথা জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বদ্ধ পৰিকৰ ৰাজ্য চৰকাৰ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখন আমি প্ৰস্তুত কৰি অসম চৰকাৰক অর্পণ কৰিলোঁ। অসম চৰকাৰে প্ৰতিবেদনখন যিকোনো সময়ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। দল-সংগঠনৰ এই বিষয়ক লৈ মতামত দিয়াৰ স্বাধীনতা আছে। তেওঁলোকে মতামত দিছে। কেইবাবছৰ ধৰি আমি তেওঁলোকৰ মতামত শুনিলোঁ। প্রতিবেদনখনত আমি জনজাতিকৰণৰ প্ৰস্তাৱ কৰিছোঁ আৰু প্ৰতিবেদনখন আমি কেন্দ্ৰলৈ প্ৰেৰণ কৰিম। অন্য কোনো সংগঠনৰ কিবা আপত্তি বা পৰামৰ্শ থাকিলে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। উল্লেখ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ প্ৰথমৰ পৰা বিৰোধিতা কৰি অহা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ ওজৰ-আপত্তি সম্পর্কীয় তথ্যসম্বলিত প্রতিবেদন দাখিল কৰিছে। সমন্বয়ৰক্ষী সমিতিয়ে সুভাষ চাকমাৰ অধ্যক্ষতাত গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে তৈয়াৰ কৰি দাখিল কৰা এই প্রতিবেদনযোগে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্রতিবেদনখন প্রত্যাখ্যান কৰাৰ কথা ৰাজ্য চৰকাৰক জনাইছে। সমন্বয়ৰক্ষী সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সম্পূর্ণৰূপে নাকচ কৰিছে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সৰৱ হৈ থকা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৰ্গই জনজাতিৰ মর্যাদা বিচাৰি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামসহ বহু কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি নিৰ্বাচনৰ পূৰ্বেই জনজাতিৰ মৰ্যাদা দিবলৈ দাবী কৰিছে।
