অসমত হঠাৎ সক্রিয় হৈ পৰিছে মৌলবাদী শক্তিঃমুখ্যমন্ত্রী 

অসমত হঠাৎ সক্রিয় হৈ পৰিছে মৌলবাদী শক্তিঃমুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে হঠাৎ অসমত মৌলবাদীৰ তৎপৰতা । ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি তথা ভূমি উচ্ছেদৰ আলম লৈ মৌলবাদী শক্তিসমূহে সংখ্যালঘু অধ্যুষিত এলেকাত থিতাপি লৈ ৰচিছে ৰাজ্যখনক অশান্ত কৰাৰ ব্লু-প্রিন্ট। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা অৱগত কৰিলে। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়- অসমক লৈ এক বহুত ডাঙৰ ষড়যন্ত্র চলি আছে। এই বিষয়টো নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত আলোচনা কৰা হৈছিল। যোৱা চাৰে চাৰি বছৰ অসমখন সম্পূৰ্ণৰূপে শান্ত আছিল। হঠাৎ অসমত মৌলবাদী শক্তিসমূহ সক্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা কেইবাজনো জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পাছত এইকেইজন জেহাদীৰ পৰাই এই তথ্য পোহৰলৈ আহিছে। বাংলাদেশতো শেহতীয়াকৈ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। উল্লেখ্য যে অসম আৰক্ষীৰ এছটিএফে অভিযান চলাই নামনি অসমৰ কেইবাখনো জিলা আৰু ত্ৰিপুৰাৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই জেহাদীকেইজনৰ ওপৰত চলোৱা জেৰাৰ পাছতে অসমক অশান্ত কৰাৰ বহু তথ্য পোহৰলৈ আহিছে। আৰক্ষী সূত্রই ইতিমধ্যে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনৰ প্রাক্ষণত অসমক অশান্ত কৰিবলৈ জেহাদীকেইজনক বাংলাদেশৰ পৰা বিশেষ নির্দেশ দিয়া হৈছিল। ইয়াৰ বাবে গ্ৰেপ্তাৰ হোৱা জেহাদীকেইজনৰ দুজন জেহাদীয়ে বাংলাদেশত ইয়াৰ বাবে প্রশিক্ষণো লৈ আহিছিল। সেয়াই নহয়, মৌলবাদী কাম-কাজ আগুৱাই নিয়াৰ বাবে ধন সংগ্ৰহতো নামি পৰিছিল এই জেহাদীকেইজন। তদুপৰি বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰন্থ বিতৰণেৰে জেহাদৰ প্ৰতি দুখীয়া মুছলমান যুৱকক আকৰ্ষণ কৰাৰ চেষ্টা চলাই থকা জেহাদীকেইজনৰ লক্ষ্য আছিল কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰা। অসম আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত এই জেহাদীকেইজন গ্ৰেপ্তাৰ হোৱাৰ পাছত ৰাজ্যখনক লৈ চুবুৰীয়া বাংলাদেশৰ মৌলবাদী সংগঠনে ৰচনা কৰা ষড়যন্ত্রও অধিক স্পষ্ট হৈছে। মুখ্যমন্ত্রী ড° শর্মাই সমগ্র বিষয়টো সন্দৰ্ভত ৰাইজক অধিক সতর্ক হৈ থাকিবলৈ আহ্বান জনাই কয়- নির্বাচনলৈ আমি সাৱধান থাকিব লাগিব। সকলোৱে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। আনহাতে, ২০২৬ ৰ নিৰ্বাচনৰ বাবে ভোটাৰ লিষ্টত নাম কৰ্তনৰে বিজেপিৰ ভোট চুৰি আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ ভিডিঅ’ কনফাৰেন্সযোগে বিজেপি বিৰোধী ভোটাৰৰ ৬০ টা সমষ্টিত নাম কৰ্তন নিৰ্দেশৰ অভিযোগে যোৱা তিনিদিন ধৰি ৰাজ্য তোলপাৰ কৰিছে । এই প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নিজাববীয়া স্পষ্টীকৰণ । বিৰোধীয়ে অনা ভোট চুৰিৰ অভিযোগৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকাত নাম কৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু নিৰ্বাচন আয়োগত অভিযোগ প্ৰদান কৰাটো সাংবিধানিক অধিকাৰ বুলি যুক্তি প্ৰদৰ্শন কৰে । ভোটাৰ তালিকাত নাম কৰ্তন কৰিবই লাগিব বুলি কৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়, “নামতো কৰ্তন কৰিবই লাগিব ৷ এজন মানুহৰ যদি মৃত্যু ঘটিছে, এজন মানুহৰ যদি নাম দুই জেগাত উঠিছে — ৰাজনৈতিক দলে তাত অভিযোগ দিব লাগিব নে নাই ? এইটো ইলেকচন কমিটিৰ গাইডলাইনতে আছে যে বি এল এ সকলে অভিযোগ দিব বুলি ৷ কিন্তু অভিযোগ দিলেই নাম কটা নাযায় ৷ অভিযোগ দিলে প্ৰথমে মানুহজনৰ ঘৰলৈ নটিচ যাব ৷ তেওঁ উত্তৰ দিব । যদি এজন মানুহৰ দুই জেগাত নাম থাকে সেইটো কোনে মানি ল’ব ?’’ তেওঁ লগতে কয়, ‘‘গতিকে কংগ্ৰেছৰ এজেণ্টে অভিযোগ দিব লাগে, ৰাইজৰ দল আৰু বিজেপি দলেও অভিযোগ দিব লাগে ৷ এইটো সংবিধান প্ৰদত্ত অধিকাৰ । সেইকাৰণেই বি এল এ নিযুক্তি দিব লাগে ৷ কংগ্ৰেছও দিছে ৷’’