ভাল দিনৰ বাবে কবিতা
প্ৰভাত বণিয়া
মনোৰম ফুলৰ শৰাই তোমাৰ বাবেই আগবঢ়াইছো তুমি সুখী হোৱা
সুন্দৰ মনৰ অধিকাৰী হোৱা
ধুনীয়া হোৱা, বিনয়ী ভাৱৰ গৰাকী হৈ
জগত সুন্দৰ কৰা প্ৰতিনিয়ত হওঁক তোমাৰ জীৱনৰ পণ
সবল সুঠাম সুশ্ৰী নিটোপল দেহ
তুমি উজলি উঠা
সুজলা সুফলা
আমাৰ কবিতাৰ সভাত
ফুলৰ শৰাই অতি হেঁপাহেৰে
তোমাৰ বাবেই আগবঢ়াইছো
হে মোৰ ভবিষ্যত প্ৰজন্ম
তুমি সুখী হোৱা
জ্ঞানী হোৱা
তোমাক স্বাগতম ।
