প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান

প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী তথা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নলিনী বৰুৱাৰ মহাপ্ৰয়াণ ৷  ৯৬ বছৰ বয়সত মঙলবাৰে নিশা প্ৰায় ৮.২৬ বজাত তেজপুৰৰ বাৰহলিয়াস্থিত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে আলোকচিত্ৰ শিল্পীগৰাকীৰ । মৃত্যুৰ পূৰ্বে দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল বিশিষ্ট শিল্পীগৰাকী ।উল্লেখযোগ্য যে ১৯৩১ চনৰ ২২ এপ্ৰিলত জন্মগ্রহণ কৰা আজন্ম সংগ্ৰামী আলোকচিত্র শিল্পীগৰাকীয়ে এটা বর্ণাঢ্য জীৱন- পৰিক্ৰমাত তেজপুৰৰ পৰা আলোকচিত্র শিল্পৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাজ্য, দেশ অতিক্রমি সমগ্র বিশ্বতে বন্দিত হৈ পৰিছিল। তেজপুৰৰ সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠানেৰে মধ্যমণি অশীতিপৰ সেই শিল্পীগৰাকীৰ আলোকচিত্ৰ আমেৰিকাৰ ফটোগ্রাফী জার্নেলত প্ৰকাশ পোৱা অসমৰ একমাত্ৰ আলোকচিত্র শিল্পী আছিল। ৯০ বছৰ অতিক্ৰম কৰাৰ পাছতো নিজে চাৰিচকীয়া গাড়ী চলাই যিকোনো সভা-সমিতিৰ লগতে নিজৰ আলোকচিত্ৰৰ ব্যাৱসায়িক প্রতিষ্ঠানলৈ অহা-যোৱা কৰি থকা অতি পৰিশীলিত জীৱনবোধৰ শিল্পীগৰাকী তেজপুৰৰ সমাজ জীৱনৰ সৰ্বজন শ্রদ্ধেয় অগ্রণী ব্যক্তিত্ব আছিল। কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, কথাশিল্পী হোমেন বৰগোহাঞিৰ পৰা ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰা আৰু সেইসকল পুৰোধাই উচ্চ প্রশংসা কৰি যোৱা নলিনী বৰুৱাৰ বহু আলোকচিত্ৰ ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোকচিত্র প্রদর্শনীসমূহত প্ৰদৰ্শিত হোৱাৰ পাছত দেশ-বিদেশৰ কলা ৰসিকৰ দ্বাৰা উচ্চ প্রশংসিত হৈছিল। বিশেষকৈ দ্য ছিম্বল, মেজেষ্টিক, ফ্লাই এণ্ড ফ্লাই, ন’ ৱৰ্ড, দ্য কম্পেনিয়ন, ট্রাষ্ট, কালচাৰ, নেকেড টাচ, ছাইট, পেং অব্ বার্থ, ডেথ এণ্ড বার্থ, কেট ট্রাইঅ, ইউনিভাৰছেল, স্প্রিং কালাৰ, ওৱৰি, মিছিং বিহু ডেন্স, হেপিনেছ, এন আছামিজ গার্ল, লাইফ টুগেদাৰ, স্ট্রাগল, মাই লাইফ, দ্য চেইন, মাডাৰছ লাভ, বান্ট, টুগেডাৰনেছ, প্লে’ টাইমকে ধৰি বুজন সংখ্যক ন্যুড ফটোগ্রাফীৰে অভিলেখ গঢ়ি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধাগৰাকীৰ দেহাৱসানৰ পাছতেই তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সৈতে যোগাযোগ কৰি কাইলৈ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ তৎপৰতা গ্ৰহণ কৰে।অসমৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নলিনী বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভা বঁটাকে ধৰি আন বহু সন্মান লাভ কৰিছিল । বৰুৱাৰ বিয়োগত ৰাজ্যৰ শিল্পী, সাহিত্যিক, সাংস্কৃতিক কৰ্মীসকলৰ লগতে সাধাৰণ ৰাইজেও গভীৰ শোক প্ৰকাশ কৰে । বিভিন্ন সংগঠনে শোকসভা অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কৰ্ম চিৰস্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে । একমাত্ৰ পুত্ৰ মাধুৰ্য বৰুৱা, বোৱাৰী, বিবাহিতা কন্যা, নাতি, নাতি বোৱাৰীকে ধৰি আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি যোৱা শিল্পীগৰাকীৰ শেষকৃত্য বুধবাৰে সম্পন্ন হ’ব বুলি পুত্র মাধুর্য বৰুৱাই জানিবলৈ দিছে।