বৰ্তমান সমাজত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা – মনোৰঞ্জন বৰা

Pc New Horizon Gurukul

বৰ্তমান সমাজত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা

 মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও

সুস্বাস্থ্যৰ মূল মন্ত্ৰ হৈছে শাৰিৰীক শিক্ষা। স্বাস্থ্য ভালে থাকিলে সুখ শান্তি বহু পৰিমাণে বৃদ্ধি পায়। শৰীৰক নিৰোগী কৰি ৰাখিবলৈ আৰু শক্তিশালী কৰি তুলিবলৈ উপযুক্ত শাৰীৰিক শিক্ষাৰ প্ৰয়োজন হয় , যাৰ দ্বাৰা মানুহে সাফল্য অৰ্জন কৰিব পাৰে।
সুস্থ-সবল শৰীৰ মানুহৰ বাবে মূল্যৱান সম্পদ স্বৰূপ। যুৱক-যুৱতী লগতে আদহীয়া লোকেও এই শিক্ষা গ্ৰহন কৰিব পাৰে। শাৰীৰিক শিক্ষাৰ উদাহৰণ স্বৰূপে আমি খেলা-ধূলা, খোজকাঢ়া , যোগ – প্ৰাণায়াম  ইত্যাদি সমূহ ধৰিব পাৰোঁ। শাৰীৰিক শিক্ষাৰ লগত জড়িত ব্যক্তিয়ে সদায়ে শৰীৰক অনিষ্ট কৰিব পৰা দ্ৰৱ্যৰ পৰা নিজকে আঁতৰাই ৰাখে । সেই বাবেই সুস্থ-সবল লোকৰ মাজত স্বাভাৱিকতে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কম হোৱা দেখা যায়। উপযুক্ত শিক্ষাৰ দ্বাৰা মানুহৰ সৌন্দৰ্য আৰু কম পৰিমাণে আয়ুস বৃদ্ধি পায় লগতে মনতো আনন্দৰ সঞ্চাৰ হয়। মানুহক জীৱনৰ কঠোৰ সময়তো যুঁজিবলৈ শিকাই  । দুখ-ভাগৰ,  এলাহ  দূৰ কৰিব পৰা শক্তি প্ৰদান কৰে।নিয়মিত ব্যায়ামৰ জৰিয়তে স্বাস্থ্যৰ উন্নতি হয় আৰু ৰোগৰ সম্ভাৱনা কমে।
 আজিৰ সময়ত এই শিক্ষাৰ গুৰুত্ব বাঢ়িব ধৰিছে।  ৰাসায়নিক সাৰযুক্ত খাদ্যই মানৱ শৰীৰত ভাবুকিৰ সৃষ্টি কৰিছে লগতে আমি এতিয়া আগৰ দৰে পৰিশ্ৰম নকৰি  যন্ত্ৰপাতিৰ ওপৰত বেছি গুৰুত্ব দিব ধৰিছোঁ যাৰ ফলস্বৰুপে আমাৰ হাত-ভৰি দুৰ্বল যেন অনুভৱ কৰিব ধৰোঁ আৰু মনৰ বিৰক্তি বৃদ্ধি পায়। আগতে মানুহে দূৰ-দূৰণিলৈ খোজ কাঢ়ি যাত্ৰা কৰিছিল , শাৰীৰিক পৰিশ্ৰম কৰিছিল বাবে মানুহৰ মাজত বেমাৰ কম হৈছিল।
বৰ্তমান নিজৰ স্বাস্থ্যৰ যত্ন ল’বৰ বাবে এই শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়। সাম্প্ৰতিক কালত আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আৰু দুৰ্বৃত্তৰ পৰা আত্মৰক্ষা কৰিবলৈ সমৰ কলা আয়ত্ত কৰাটো আৱশ্যকীয় হৈ পৰিছে। শাৰীৰিক শিক্ষাৰ দ্বাৰা আমাৰ দেহৰ  মাংসপেশীৰ বিকাশ ঘটে। এই শিক্ষাৰ দ্বাৰা মানুহৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ধৰে । কিন্তু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অবিহনে এই শিক্ষা সম্পূৰ্ণ নহয় । লেতেৰা পৰিৱেশ, অপৰিষ্কাৰ খাদ্য  , লেতেৰা নখ , লেতেৰা পানী আদি বহুতো ৰোগৰ মূল কাৰণ।
 সকলো মানুহ যদি শাৰীৰিক শিক্ষাৰ দ্বাৰা শিক্ষিত হয় তেন্তে নিশ্চয় সমাজত শান্তি বিৰাজ কৰিব লগতে বিভিন্ন ৰোগ ,  প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অলপ পৰিমাণে হ’লেও বৃদ্ধি পাব।