বিশিষ্ট লেখিকা ড০ ভাৰতী দত্তলৈ ‘লেখিকা সমাৰোহৰ ভ্ৰমণ সাহিত্য বঁ‌টা’ প্ৰদান

বিশিষ্ট লেখিকা ড০ ভাৰতী দত্তলৈ ‘লেখিকা সমাৰোহৰ ভ্ৰমণ সাহিত্য বঁ‌টা’ প্ৰদান: অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা উপস্থিত

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ড০ ভাৰতী দত্তলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বিজু ডেকা সোঁ‌ৱৰণী ভ্ৰমণ সাহিত্য বঁ‌টা আগবঢ়াইছে। ইউৰোপ ভ্ৰমণৰ সোঁ‌ৱৰণ, দেশে- বিদেশে নামৰ দুখন জনপ্ৰিয় ভ্ৰমণ কাহিনীৰ লেখিকাগৰাকীৰ বুজন সংখ্যক ভ্ৰমণ সম্পৰ্কীয় লেখা বিভিন্ন কাকত- আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে। ৪ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত সমাৰোহৰ ত্ৰিংশতিতম কলিয়াবৰ অধিৱেশন আৰু সোণালী জয়ন্তী সমাৰোহত লেখিকাগৰাকীক এই বঁ‌টাটি প্ৰদান কৰা হয়। মুকলি সভাত ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত সহ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। বঁ‌টা প্ৰদান অনুষ্ঠানত অসম সাহিত্যসভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিত বৰাও উপস্থিত আছিল।এই বঁ‌টাত আছে এটি স্মাৰক, অংগ বস্ত্ৰ, প্ৰশস্তি পত্ৰ,নগদ ধনৰাশি ।