ডিব্ৰুগড়ৰ মিৰ্জাবাগ মছজিদৰ পেশ ইমাম মৌলনা আনোৱাৰ হুছেইনৰ স্বেচ্ছা অৱসৰ গ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মিৰ্জাবাগ মছজিদৰ পেশ ইমাম মৌলানা আনোৱাৰ হুছেইনে যোৱা ৩১/১২/২০২৫ তাৰিখেপ্ৰায় সত্তৰ বছৰ বয়সত স্বেচ্ছায় অৱসৰ গ্ৰহণ কৰে। পেশ ইমাম গৰাকীক আবেগ বিহ্বল বিদায় সম্ভাষণ জনাবলৈ মীৰ্জাবাগ ৰাইজৰ লগতে মছজিদ জামাতে এক বিদায় সভা অনুষ্ঠিত কৰে । সভাত বৃহত্তৰ ডিব্ৰুগড়ৰ বহু জামাতৰ ইমাম সকল,জামাতৰ জ্যেষ্ঠ সদস্য সকল,উপদেষ্টা সকল,সদস্য সকল,স্থানীয় যুৱ সংগঠনৰ সদস্য সকলৰ উপৰিও বহু শিশু উপস্থিত থাকি বিদায় সভাখনিক স্মৰণীয় কৰি তোলে।মছজিদ পৰিচালনা সমিতিৰ এই কামক অনন্য বুলি একমুখে বিশিষ্ট ব্যক্তি সকলে স্বীকাৰ কৰে।উপস্থিত বিজ্ঞ আলিম উলেমাসকলে এনে অনুষ্ঠানৰ আয়োজন কৰি সকলো মছজিদৰ প্ৰতিগৰাকী ইমামক যথোচিত সন্মান প্ৰদৰ্শন কৰি বিদায় দিবলৈ আহ্বান কৰে আৰু এই মহান কামৰ বাবে পৰিচালনা কমিটিৰ সদস্য-কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে।উল্লেখযোগ্য যে ডিব্ৰুগড় আমোলাপট্টিত অবস্থিত মিৰ্জাবাগৰ ঐতিহ্যমণ্ডিত পুৰণি মছজিদটি ১৮৮৯ চনত স্থাপন হৈছিল। ১৩৭ বছৰ গৰকা পুৰণি আমোলাপট্টি মিৰ্জাবাগৰ মছজিদৰ পেশ ইমাম আনোৱাৰ হুছেইন চাহাবে ১৯৭৭ চনৰ দুই ডিচেম্বৰত ঐতিহ্যমণ্ডিত মিৰ্জাবাগ মছজিদত কৰ্তব্যত যোগদান কৰি ৪৮ বছৰ ইমামতি কৰে। ইমাম অনোৱাৰ হুছেইন কৰিমগঞ্জ জিলাৰ বাগবাড়ি গাঁৱৰ নিৱাসী।তেওঁ শিক্ষা আহৰণ কৰে মদিনাতুন উলুম মাদ্ৰাছা বাগবাড়ি ,কৰিমগঞ্জত । ১৯৭৪ চনত ‘মৌলানা’ আৰু পিচত ‘ক্বাৰী’ ডিগ্ৰীলৈ ১৯৭৫ চনত শিৱসাগৰ চহৰৰ বাবুপট্টি মছজিদত ইমামতিৰে কৰ্মজীৱন আৰম্ভ কৰে।তেখেত মিৰ্জাবাগ মছজিদত ১৯৭৭ চনৰ ২ ডিচেম্বৰত পেশ ইমাম নিযুক্তি লাভ কৰে আৰু তেতিয়াৰ পৰা এক অভিলেখ সময়ৰ বাবে ৪৮ বছৰ কাল ইমামতি কৰি সেৱা আগবঢ়াই আহিছে।।মৌলনা আনোৱাৰ হুছেইন চাহাবে ৪৮ টা বছৰৰ ভিতৰত মাত্ৰ তিনিবাৰ নিজা ঘৰলৈ গৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । আনকি তেওঁ নিজেই চুটি লব নিবিচাৰিছিল।প্ৰথম কামত যোগদান কৰোতে তেখেতৰ মাহিলী দৰমহা আছিল কেৱল ১০০/-(এশ টকা)মাত্ৰ। এই সম্বৰ্ধনা অনুষ্ঠানত ফুলাম গামোছা, মানপত্ৰ আৰু সুদীৰ্ঘ দিন সেৱা আগবঢ়োৱাৰ বাবে ৰাইজে এককালীন সাহাৰ্য হিচাপে ৩ লাখ টকা উপহাৰৰ লগতে বিভিন্ন উপহাৰেৰে তেখেতক সন্মানিত কৰে ।অনুষ্ঠানত মিৰ্জাবাগ মছজিদ সমিতিৰ উপদেষ্টা আব্দুল খালেক, সভাপতি মিৰ্জা মোস্তাফা ৰহমান বেগ, উপসভাপতি মতিউৰ ৰহমান, যুটীয়া সম্পাদক জেদ এন মোস্তাইন বেগ,আবু নাচেৰ,কোষাধ্যক্ষ জুনেইদ আহমেদকে আদি কৰি আমোলাপট্টি মিৰ্জাবাগ অঞ্চলৰ বহুতো শুভাকাংক্ষী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
