নিস্তব্ধ এটি নিশাই বিনালে – ছেলিমা বেগম 

Pc Unsplash

নিস্তব্ধ এটি নিশাই বিনালে 

ছেলিমা বেগম 
নগাঁও

নীলা আকাশ খন শুই আছে,
চাৰিওফালে নিস্তব্ধ নীৰৱতা
মনৰ মাজত বাজি উঠিছে।
সেই হেৰাই যোৱা বেদনা
উফ্ঃ গল্ডী মাজ নিশা আৰু তুমি
তোমাৰ স্মৃতি বোৰ বৰ আমনি কৰে।
কুঁৱলীৰ সেউতী ফালি তোমাৰ সমাধিস্থলীত উপস্থিত উফ্ঃ! গল্ডী
কোনো মতে বুজাব নোৱাৰি নিজকে
কেনেকৈ কি হৈছিল সেই দিনা!
কোনে কাঢ়ি নিলে তোমাৰ প্ৰাণ বায়ু ?
জানা গল্ডী মাজ নিশাৰ চিঞৰ
কোনেও শুনা নাই আজি
তুমি কাষত নাই তথাপিও
ৰাতিৰ মধুৰ জোনাক পোহৰ বিলাই আছে।
সেই ৰঙা নীলা বাতি জ্বলি আছে।
কিন্তু মোৰ অন্তৰখন জ্বলি-পুৰি ছাই হৈছে
নিষ্ঠুৰ নিয়তি তোমাক উঠাই লৈ গৈছে
মাজ নিশা তোমাৰ আত্মাই কথা কয়
সেই বাটৰ কাষত থকা খালি চকি খনত বহি
আৰু মই আবেগিক হৈ চাই থাকোঁ নিস্তব্ধ হৈ
উফ্ঃ গল্ডী মাজ নিশাৰ চিঞৰ কোনে শুনিব !