১৮ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ আধাৰশিলা কৰিব মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অহা ১৮ জানুৱাৰীত এলিভেটেড কৰিড’ৰ উদ্বোধন কৰিবলৈ পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ’বলগীয়া চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে এলিভেটেড কৰিড’ৰে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুক ৰক্ষা কৰিব। সাধাৰণতে কলিয়াবৰৰ পৰা বোকাখাত পাবলৈ ১.৫-২ ঘণ্টা সময় লাগে যদিও এই কৰিড’ৰ সম্পূৰ্ণ হোৱাৰ পাছত আধা ঘণ্টাৰ ভিতৰত ৰাইজে বোকাখাত পাব। এই সুবিধাই গুৱাহাটী-যোৰহাটৰ মাজৰ দৈৰ্ঘ্য চাৰি ঘণ্টালৈ হ্ৰাস কৰিব। এই বৃহৎ প্ৰকল্পৰ অহা ১৮ জানুৱাৰীত শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দর্ভত ইতিমধ্যে নিবিদা প্রক্রিয়াও আগবাঢ়িছে বুলি মুখ্যমন্ত্রীয়ে লগতে কয়।
