ভাৰতৰ বিৰুদ্ধে পুনৰ অধিক শুল্ক আৰোপ কৰিব আমেৰিকাই

ভাৰতৰ বিৰুদ্ধে পুনৰ অধিক শুল্ক আৰোপ কৰিব আমেৰিকাই

ৰঙিলী বাৰ্ত্তাসেৱা- ভেনিজুৱেলাত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নী ছিলিয়া ফ্ল’ৰেছসহ বন্দী কৰি নি এতিয়া  বিশ্বজুৰি নিন্দিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিশ্বজুৰি নিন্দিত হোৱাক লৈ কোনো ভ্ৰূক্ষেপ নাই মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। বৰঞ্চ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ভাৰতৰ ওপৰত শীঘ্ৰে পুনৰ ‘টেৰিফ ৱাৰ’ৰ হুংকাৰ দিছে ট্ৰাম্পে। প্রধানতঃ ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাৰ বাবেই ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই তৎপৰ হৈ পৰিছে আৰু অধিক শুল্ক আৰোপ কৰিবলৈ। এই কথা স্বয়ং মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাষ্যতেই স্পষ্ট হৈছে। ফ্ল’ৰিডাৰ ৱেষ্ট পাম বীচৰ পৰা হোৱাইট হাউছলৈ যোৱাৰ পথত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিশেষ বিমান ‘এয়াৰ ফ’ৰ্চ ৱান’ত  সাংবাদিকৰ সন্মুখত ট্ৰাম্পে ‘বন্ধু’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাও কৰে ।  ট্ৰাম্পে কয় যে ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অব্যাহত ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি শীঘ্ৰে ভাৰতৰ ওপৰত আৰু অধিক শুল্ক হয়তো আৰোপ কৰিম। প্রধানমন্ত্রী মোদী এজন খুব ভাল মানুহ। কিন্তু তেওঁ নিজেও জানে, মই সন্তুষ্ট নহয়। মোক তৃপ্ত কৰি ৰখাটো জৰুৰী আছিল। লক্ষণীয়ভাৱে কিন্তু মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে অসন্তুষ্টিৰ কাৰণ সবিস্তাৰে ব্যাখ্যা নকৰিলে। ইয়াৰ বিপৰীতে তেওঁ ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অব্যাহত ৰখাৰ কথা কৈ তেল আমদানিৰ বিষয়টোকে ইংগিতপূর্ণভাৱে বুজাই দিয়ে। যোৱা অক্টোবৰ মাহত তেওঁ দাবী কৰা মতে, প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ ক্ষেত্ৰত আমেৰিকাক আশ্বস্ত কৰিছিল। অৱশ্যে সেই সময়তে নতুন দিল্লীৰ তৰফৰ পৰা মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ এই দাবী নস্যাৎ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছিল যে আমেৰিকাৰ সৈতে ৰাছিয়াৰ পৰা তেল আমদানিক লৈ কোনো ধৰণৰ আলোচনা হোৱাই নাই। উল্লেখ্য যে, ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবেই শাস্তি হিচাপে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই। অৰ্থাৎ দুটা পৰ্যায়ত আৰোপ কৰা মুঠ ৫০ শতাংশ শুল্কৰ বোজা বহন কৰি আছে ভাৰতীয় সামগ্ৰীয়ে। আমেৰিকাৰে বাণিজ্য চুক্তিৰ অন্যতম চৰ্ত হিচাপে ৰাছিয়াৰ তেল আমদানি বন্ধ কৰাৰ অবিৰত চাপো নতুন দিল্লীৰ ওপৰত অব্যাহত আছে। একে সময়তে ৰাছিয়াৰ দুই তৈল সংস্থা ৰছনেফ্ট আৰু লুক অইলৰ ওপৰত নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰিছে ট্রাম্প প্রশাসনে। আমেৰিকাৰ এনে পদক্ষেপক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই নতুন দিল্লীৰ তৰফৰ পৰা বাৰম্বাৰ জনাই অহা হৈছে যে দেশৰ উপভোক্তাৰ প্ৰতি নজৰ ৰাখিয়েই এইক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰা হ’ব। কোন দেশৰ পৰা কিমান সস্তাত তেল পোৱা যায়, সেইটোহে ভাৰতৰ বাবে বিবেচনাৰ বিষয়। মন কৰিবলগীয়া যে ৰুছ-ইউক্রেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই মস্কোৰ তেল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল আমেৰিকাই। কিন্তু সেই সময়ত তেল বিক্রী অব্যাহত ৰখাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মোটা অংকৰ কৰ ৰেহাই দিয়াৰ ঘোষণা কৰে। ইয়াৰ লগে লগে ভাৰতেও তেল ক্ৰয়ৰ বিষয়ত পশ্চিম এছিয়াৰ দেশসমূহৰ ওপৰত নিৰ্ভৰতা কিছু হ্রাস কৰি ৰাছিয়াক প্রাধান্য দিয়ে। আনকি ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ বঢ়াই গৈ থাকে নতুন দিল্লীয়ে। সম্প্রতি চীনৰ পাছতেই ভাৰতেই হ’ল ৰুছ তেলৰ দ্বিতীয় বৃহত্তম আমদানি কাৰক। ইয়াৰ মাজতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দাবী কৰা মতে শুল্কবাণ আৰোপ কৰা সত্ত্বেও ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ হ্রাস কৰা নাই ভাৰতে। ট্রাম্প প্ৰশাসনৰ মতে ৰাছিয়াই তেল বিক্ৰীৰ ধন ইউক্রেইনৰ বিৰুদ্ধে হোৱা যুদ্ধত ব্যৱহাৰ কৰিছে। বিশ্বত বহুকেইখন যুদ্ধ সংঘটিত নোহোৱাৰ কৃতিত্ব দাবী কৰিলেও আমেৰিকাই এই পর্যন্ত ৰুছ-ইউক্রেইন যুদ্ধৰ অৱসান ঘটাব পৰা নাই। সেয়ে হয়তো হোৱাইট হাউছে ৰাছিয়াক কূটনৈতিকভাৱে আলোচনাৰ মেজত বহুৱাবলৈ তেল আমদানিৰ বিষয়টোক অস্ত্র হিচাপে বাছি লৈছে।