পোহৰৰ যাত্ৰা – চিমী বৰুৱা

Pc Pixabay

পোহৰৰ যাত্ৰা

 চিমী বৰুৱা, মৰিগাঁও ,চৰাইবাঁহী

চিৰাচৰিত এই যান্ত্ৰিকতাত
যতি পেলাই এবাৰ ভাবা,
বুকুৰ মাজৰ হেঁপাহবোৰক
নতুনকৈ কেনেকৈ জগাবা?
কলমৰ আগত সপোন জাগক
শব্দত নামি আহক সাহস,
প্ৰতিটো খোজত জিলিকি উঠক
নিজক গঢ়াৰ এক অদম্য পিয়াহ।
আঁউসীৰ এই ক’লা ডাৱৰ ফালি
সূৰ্যটো এদিন উদয় হ’বই,
পৰিশ্ৰমৰ সেই ঘামৰ টোপালে
সাফল্যৰ গানটো গাবই।
সেয়ে থমকি নৰবা কেতিয়াও
পাৰ হ’ব লাগে যিমানেই বাধা,
পোহৰৰ দিশে আগুৱাই যোৱাই
হওক তোমাৰ একমাত্ৰ সাধনা।