স্বাগতম ২০২৬
কবিতা শর্মা,নতুন দিল্লী
ঘন কুঁৱলীয়ে আৱৰি ৰাখিছে চৌদিশ । পুহ মহীয়া প্রচণ্ড শীতে চুই গৈছে সকলোকে। নিশাৰ সেই ঘন কুঁৱলীৰ আৱৰন ফালি সেন্দুৰীয়া প্ৰভাতি সুৰুজৰ ৰাঙলী ৰহণ চৌপাশে বিয়পি কঢ়িয়াই আনিছে নব বৰ্ষৰ শুভ বার্তা। নৱোদিত সুৰুজৰ ৰাঙলী আভাই যেন সকলোৰে চকু নতুন আশাৰে তিৰবিৰাই তুলিছে। এৰি থৈ অহা বিভিন্ন ঘাট – প্রতিঘাট, পোৱা – নোপোৱাৰ হিচাপ পাহৰি, সম্ভাৱনাপূর্ণ ভৱিষ্যতক আদৰিবলৈ সকলোৱে এতিয়া ন – ন প্রস্তুতি চলাইছে। মাজত মাত্র কেইটামান দিনহে বাকী। এক নতুন সম্ভাৱনা, নতুন উদ্দীপনা, নতুন আশা লৈ পদুলি মুখতে যে অপেক্ষা কৰি আছে আন এটা নতুন বছৰে … আমাৰ সকলোৰে হেঁপাহৰ ২০২৬!
এনে লাগে, সৌ সিদিনা ভৰি দিছিলোহে ২০২৫ত। সচাকে চকুৰ পচাৰতে বছৰটো কেনেকৈ যে পাৰ হৈ গ’ল গমকে নাপালোঁ। সময় নিৰন্তৰে নিৰবধি এনেকৈয়ে পাৰ হৈ গৈ আছে। আচলতে বছৰ -মাহ – দিন আদিবোৰ সময়ৰ এটা ক্ষুদ্র অংশহে মাথোঁ। এই অনন্ত ব্যাপ্ত সময়ৰ মাজতেই মানুহৰ জীৱন কাল … মানুহৰ আয়ুসৰেখা ডালো …
কেতিয়াবা এনে লাগে যেন সময় বৰ নিষ্ঠুৰ। আমি ইচ্ছা কৰিলেও সময়ক ধৰি ৰাখিব নোৱাৰোঁ। হেৰাই অহা অতীতৰ মধুৰ স্মৃতি বোৰ, মধুৰ মুহূৰ্তবোৰে আমাক কেতিয়াবা বৰকৈ আমনি কৰে । কিন্তু সেয়া কেবল আমি সোঁৱৰিবহে পাৰোঁ। অতীতলৈ ঘূৰি যাবতো নোৱাৰোঁ। জীৱনৰ অনির্দিষ্ট বাটত আমি খোেজ লবলৈ বাধ্য। হাজাৰ খলা – বমা, বাধা – বিঘিনি নেওচিও আমি আগবাঢ়ি যাব লাগিব। আগবাঢ়ি যোৱাৰ নামেই যে জীৱন।
এই পৃথিৱীত সুখ সকলোৰে কাম্য। কিন্তু সুখৰ সন্ধানত থাকি আমি কিয় পাহৰি যাওঁ যে, দুখবোৰো এই সুখৰে ছাঁ। এটা মুদ্ৰাৰে ইপিঠি -সিপিঠি। এটাক এৰি আনটো অর্থহীন। আশা কৰা মতে মানুহে জীৱনত সম্পূৰ্ণকৈ একোৱেই নাপায়। আমাৰ জীৱনলৈ যেনেকৈ কেতিয়াবা সফলতা আহে, তেনেকৈয়ে কেতিয়াবা আমি বিফলতাৰো সন্মুখীন হব লগীয়া হয়। কেতিয়াবা আপোনজনক হেৰুৱাই যদি কান্দো, কেতিয়াবা নতুনজনৰ আগমনত হাঁহিৰ নিজৰা বোৱাও … মুঠতে পোৱা – হেৰুওৱা, প্ৰাপ্তি – অপ্ৰাপ্তিৰ মাজতেই আমাৰ জীৱন। সেইবুলি জানো আমি আশা এৰি দিয়াটো উচিত? আমি আশা ৰাখিব লাগে আমাৰ জীৱনক লৈ। আমি সপোন দেখিব লাগে আমাৰ নিজৰ কাৰণে, আমাৰ আপোনজনৰ কাৰণে। এটা সুন্দৰ ভৱিষ্যত আশা ৰাখি আমাৰ হেপাঁহৰ সপোনবোৰ বাস্তৱায়িত কৰা চেষ্টা এৰি দিয়া আমাৰ উচিত নহয়। বেয়া খিনি এৰি, ভাল খিনি আঁকোৱালী লৈ জীৱনৰ বাটত আগবাঢ়ি যোৱাটোহে আমাৰ কৰ্তব্য। প্রাপ্তি বা অপ্রাপ্তি – ফলাফল যিয়েই নহওক কিয়।
সাধাৰণতে সকলো মানুহেই সুখৰ সন্ধানত থাকে যদিও, এই কথাও মিছা নহয় যে, সুখৰ সংজ্ঞা কিন্তু আমাৰ সকলোৰে বাবে একে নহয়। কাৰোবাৰ বাবে সুখৰ সংজ্ঞা যদি ভোকৰ এমুঠি অন্ন, আন কোনোবাই আকৌ পাচ তাৰকা হোটেলৰ আহাৰ খায়ো সুখী হব নোৱাৰে। ফুটপাথত শুয়েই যদি কোনোবাই সুখৰ সন্ধান কৰে, কোনোবাই আকৌ বিশাল অট্টালিকাৰ বিলাসী কোঠাত নিশা যাপন কৰিও জীৱনৰ সুখ বিচাৰি নাপায়।
আমাৰ জীৱন হ’ল সুখদুখৰ সমাহাৰ। এনে কোনো মানুহ আজিলৈকে চকুত পৰা নাই যাৰ জীৱন সকলো ফালেই পূর্ণ বা যাক সম্পূর্ণ নিখুঁট বুলি কব পৰা যায় । আচলত নিখুঁত বুলিবলৈ একোৱেই নাই। হাঁহি মুখীয়া চেহেৰাৰ আঁৰত মানুহে লুকুৱাই ৰাখে একোখন অচিন পৃথিৱী। দুখ যন্ত্ৰণাৰে ভৰা সেই স্বপ্ন ভংগৰ পৃথিৱীখন আচলতে আমাৰ প্ৰায়ভাগৰে অপৰিচিত নহয়। জীৱনৰ হাঁহি- কান্দোন, আশা – নিৰাশা, স্বপ্ন দেখা আৰু স্বপ্ন – ভংগৰ মাজৰ সুক্ষ্ম ৰেখাডালৰ সীমাৰ পৰিধি চিনিবলৈ আমি শিকিব লাগিব। তাৰ মাজেৰেই আমি আমাৰ জীৱনবোৰ ভালদৰে সজাই আগুৱাই যাব লাগিব। কাৰণ জীৱনটো বৰ ধুনীয়া। আমি ভাবিব নোৱাৰাকৈ জীৱন সকলোতকৈ উর্দ্ধত। আজিৰ যান্ত্ৰিক সময়ৰ, যান্ত্রিক পৃথিৱীখনত আমি সকলো যেন কোঙা হৈ পৰিছোঁ। প্রতিযোগিতাৰ দৌৰখনত আমি হেৰাই যোৱাৰ উপক্ৰম হৈছে। তাৰোপৰি বৰ্তমান আমিবোৰে একপ্ৰকাৰ বন্দীত্বৰ জীৱন কটাই আছো বুলিও কব পৰা যায়। আমাৰ সেই বন্দীত্ব সামাজিক মাধ্যমৰ। আমি এতিয়া ইজনে সিজনৰ লগত মুখামুখিকৈ কথা নাপাতোঁ। কথা পাতো হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্রামত। জন্মদিন হওক বা আন কিবা শুভ দিনেই হওক, দেশবিদেশ ভ্ৰমণৰ বা কাৰোবাৰ মৃত্যুৰ খবৰেই হওক, সকলোবোৰ জনাৰ এতিয়া একমাত্র উপায় হ’ল আমাৰ হাতৰ ম’বাইলটো। আটাইতকৈ বেয়া লগা কথাটো হ’ল ঘৰত দুই – তিনিখন গাড়ী থকা স্বত্বেও যিকোনো অজুহাতত কাৰোবাৰ মৃত্যুতো আমাৰ খবৰ লবলৈ যাবলৈ অসুবিধা হয়। ‘ RIP ‘ ৰ দৰে “চৰ্ট কাট” আছেই যেতিয়া। মুঠতে আমাৰ সুখ-দুখ, আনন্দ- নিৰানন্দ, হাঁহি – কান্দোন এই সকলোবোৰৰ কাৰণে বৰ্তমান আমি নিৰ্ভৰশীল আমাৰ হাতৰ ম’বাইলটোৰ ওপৰতহে। সামাজিক মাধ্যমৰ প্ৰয়োজনীয়তা বা সকাৰত্মকতা নাই বুলি কব খোজা নাই, কিন্তু ইযে মানুহৰ মাজত এক দূৰত্ব আনিছে, মানুহৰ মাজৰ সম্পৰ্কৰ আবেগ- অনুভূতিৰ যি উষ্ণতা সেয়া যে হ্রাস হৈছে, সেই কথা এশ শতাংশই সচা সকলোৱে এই কথা অলপ দকৈ ভাবি চোৱাৰ থল আছে। কেবল খাই বৈ জীয়াই থকাকে জীয়াই থকা বুলি নকয়। জীৱনটো আটক ধুনীয়াকৈ সজাই লবলৈ আমাৰ মনৰ মাজত লাগিব তীব্র হেপাঁহ আৰু আৰু নিজৰ বুলিবলৈ অলপ সময়। আমাৰ মানসিক আৰু শাৰীৰিক সকলো প্ৰকাৰৰ উত্তৰণৰ চেষ্টা আমি কৰিব লাগিব। নিজে ভালপোৱা কামবোৰ কৰিবলৈ সময় উলিয়াব লাগিব। নিজকে সুখী কৰিব লাগিব। নিজে সুখী হলেহে আমি আনকো সুখী কৰিব পাৰিম। হেৰাই যাবলৈ ধৰা আমাৰ সম্পৰ্কবোৰক পুনৰ উষ্ণ আমেজেৰে ভৰাই তুলিব পাৰিম। সময়ে আমাক যিমানেই ব্যস্ত কৰি নোতোেলক কিয়, এটা সময়ত আমি ভাগৰি পৰিমেই। জীৱনৰ এনে কিছুমান একাকী মুহুর্তত আমাক প্রয়োজন হব এনে সংগীৰ যাৰ হাতত হাত থৈ আমি আগুৱাই যাব পাৰোঁ, যাৰ কান্ধত মূৰ থৈ আমি দিনটোৰ ভাগৰ পাহৰিব পাৰোঁ, যাৰ সন্মুখত আমাৰ সকলো কথা আমি নিসংকোচে খুলি কব পাৰোঁ।
জীৱনটোৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত এই কথা ভাবি যে আমি কিমান ভাগ্যৱান যি কাৰণে এই ধুনীয়া পৃথিবীখনত খোজ দিবলৈ সুযোগ পাইছোঁ। আমি একোটা ধুনীয়া পৰিয়াল, বন্ধু-বান্ধৱীৰে পৰিপূৰ্ণ জীৱন পাইছোঁ। কেতিয়াবা ভাবি চাবচোন পুহমহীয়া জাৰত কিমান মানুহে ৰাতি ফুটপাথত শুইছে, ডাষ্টবিনৰ পৰা উচিষ্ট বুটলি পেটৰ ভোক নিবাৰণ কৰিছে, কিমান অসহায় পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰমত বহি নিজৰ সন্তানৰ মুখ এবাৰ চাবলৈ অপেক্ষা কৰি আশাৰ ক্ষণ গনিছে। আনৰ দুখ বোৰ অনুভৱ কৰিব পাৰিলেহে আমি আমাৰ আপুৰুগীয়া জীৱনৰ সুন্দৰতাৰ কথা অনুভৱ কৰিব পাৰিম।
এই বছৰটোত আমি বহুজন বিশিষ্ট ব্যক্তিক হেৰুৱালোঁ। এয়া অতি পৰিতাপৰ কথা যে আমাৰ সকলোৰে হিয়াৰ আমঠু, অসমৰ ৰত্ন জুবিন গাৰ্গকো আমি হেৰুৱালোঁ। এই সকল পুন্যাত্মাৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
তাৰে মাজতে আনন্দ-উল্লাসৰ মাজেৰে ২০২৫ ক বিদায় দিয়াৰ সমান্তৰাল ভাবে ২০২৬ বর্ষক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী। বিভিন্ন অনুষ্ঠান , বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ, নৃত্য – গীতৰ আয়োজন কৰি আপোনজনৰ সৈতে সুখৰ সময় কটাবলৈ বিভিন্ন পৰিকল্পনা কৰা হৈছে। কিন্তু এইখিনিতে এটা কথা উনুকিয়াই থোৱাটো উচিত বুলি ভাবোঁ যে নব বৰ্ষক আদৰিবলৈ গৈ যাতে পৃথিৱীখন আৰু ইয়াৰ প্ৰকৃতি, গছ-গছনি, পশু-পক্ষীৰ প্ৰতি জীৱশ্ৰেষ্ঠ মানুহে গুৰুত্বহীন মানসিকতা প্রদর্শন নকৰে। উচ্চ স্বৰত মিউজিক বজাই, ফটকা আতচবাজীৰে পৰিৱেশ মুখৰ কৰি , মাছ- মাংসৰে এসাজ দকছি খাই উচিষ্ট আৰু প্লাষ্টিক আৱৰ্জনা য’তে ত’তে পেলাই নিজৰ কৰ্তব্য সামৰি নথয়। সময়ৰ পৰিৱৰ্তন সকলোৰে বাবে। কিন্তু জীৱ-জন্তু, চৰাই-চিৰিকটিয়ে এই পৰিৱৰ্তনৰ সৈতে মানুহৰ অন্যায় নকৰে। এই কথা আমি সকলোৱে মনত ৰখা উচিত যে, সকলোৱে সহ্য কৰিলেও প্ৰকৃতিয়ে মানুহৰ এই উচ্ছৃংখলতা কেতিয়াও সহ্য নকৰে। ইতিমধ্য প্ৰকৃতিৰ ৰূদ্ৰ মূৰ্তিৰ প্ৰমাণ আমি সকলোৱে পাই থকা স্বত্তেও যদি আমি ইয়াক গুৰুত্ব সহকাৰে নলও তেতিয়াহলে ইয়াৰ পৰিণাম ভূগিবলৈ আমি সাজু হব লাগিব । নৱ বৰ্ষৰ দিনা মন্দিৰে – মছজিদে গৈ সকলো অমঙ্গল দূৰ কৰিবলৈ ভগৱানৰ ওচৰত মূৰ দোৱালেই ভগৱানে সকলো ভাল কৰি দিবনে? এনেদৰে ভগৱান সন্তুষ্ট হবনে? সকলোকে ফাকি দিলেও নিজক কেতিয়াও ফাকি দিব নোৱাৰি। এই কথা এতিয়া আমি সকলোৱে বুজিবৰ হ’ল।
নৱবৰ্ষ পালন হওক কেবল হাঁহি আৰু আনন্দৰ মাজেৰে। জীৱনৰ প্ৰতি নিষ্ঠা আৰু ভগৱানৰ প্ৰতি পবিত্ৰ উপাসনাৰ মাজেৰে। য’ত নাথাকিব প্রকৃতি আৰু পৰিৱেশৰ প্ৰতি কোনো ভাবুকি। প্রকৃতি আৰু পৰিৱেশ সুস্থ হৈ থাকিলেহে আমাৰ জীৱন থাকিব আৰু প্ৰতিটো বছৰত নৱ বৰ্ষ উদ্যাপনৰ আনন্দও থাকিব।
বয়স বাঢ়ি অহাৰ লগতে ক্ৰমবৰ্দ্ধমান অভিজ্ঞতাৰে এই কথা অনুভব কৰিব ধৰিছো যে নতুন বছৰ মানেই সকলো নতুন নহয়। নতুন বছৰে জীৱনলৈ যে কিবা এক অলৌকিক পৰিৱৰ্তন আনিব সেয়াও আশা নকৰোঁ। নতুন বছৰ মানে জীৱন সলনি কৰা নহয়, বৰঞ্চ জীৱনৰ সৈতে আমাৰ সম্পৰ্ক বোৰক অধিক শক্তিশালী কৰাৰ প্ৰয়াসহে। আৰু এয়াই আমি নতুন বছৰটোক লৈ আশাবাদী হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ।
শেষত ব্রেড পেইজলিৰ শ্ৰেষ্ঠ উক্তি এষাৰিৰে কওঁ –“কাইলৈৰ পৰা আপোনাৰ সন্মুখত ৩৬৫ পৃষ্ঠাৰ কিতাপ এখনৰ প্ৰথম খালী পৃষ্ঠা। ভালকৈ লিখিবলৈ চেষ্টা কৰক।”
নতুন বছৰে আপোনালোকৰ হৃদয় পোহৰাই তোলক। দিনবোৰ উজ্জ্বল হওক। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ – সমৃদ্ধি আৰু আনন্দ! সকলোলৈ নব বৰ্ষৰ শুভ কামনা জ্ঞাপন কৰিলোঁ।
স্বাগতম ২০২৬!
