কামৰূপ মহানগৰৰ ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই দেশৰ নিৰ্বাচন আয়োগে শনিবাৰে প্রকাশ কৰে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ২০২৬ খচৰা তালিকা। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া কার্যালয়ে প্রকাশ কৰা অনুসৰি অসমৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব ৪ লাখ ৭৮ হাজাৰ ৯৯২ জনৰ নাম। বাসস্থান সলনি কৰা ৫,২৩,৬৮০ জন ভোটাৰক চিনাক্ত কৰা হৈছে। নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ ২,৫২,০২,৭৭৫জন ভোটাৰৰ ভিতৰত ‘ডি’ ভোটাৰক বাদ দি মুঠ ২,৫১,০৯,৭৫৪জন ভোটাৰক সামৰি লোৱা হৈছিল। এই তালিকা অনুসৰি ডি ভোটাৰ ৯৩,০২১জন। ৰাজ্যত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১,২৫,৭২,৫৮৩জন আৰু মুঠ মহিলা ভোটাৰ ১,২৬,২৮,৬৬২গৰাকী। মুঠ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৭৯ গৰাকী। ইফালে কামৰূপ মহানগৰ জিলাৰ ৫টা বিধানসভা সমষ্টি ক্রমে দিছপুৰ, ডিমৰীয়া, নিউম গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকাও প্ৰকাশ কৰা হয়। আয়ুক্ত সুমিত সাত্তাৱানে এই সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰি সংশ্লিষ্ট ভোটাৰ তালিকাৰ সবিশেষ তথ্য সদৰী কৰে। আয়ুক্ত সাত্তাৱানে সদৰী কৰা অনুসৰি, প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৩৩নং দিছপুৰ বিধানসভা সমষ্টিত এইবাৰ পুৰুষ ভোটাৰৰ সংখ্যা ১,২১,১৮০জন, মহিলা ভোটাৰৰ সংখ্যা ১,২৮,৫৫২গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৪; সৰ্বমুঠ ভোটাৰৰ সংখ্যা ২,৪৯,৭৮৬গৰাকী। একেদৰে এইবাৰ দিছপুৰ বিধানসভা সমষ্টিত ভোটগ্রহণ কেন্দ্ৰ পূৰ্বৰ তুলনাত ২৩টা বৃদ্ধি কৰি মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ২৭২লৈ বৃদ্ধি কৰা হৈছে। ইপিনে, নতুনকৈ প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি ৩৪নং ডিমৰীয়া বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ১,০৭,৫২৬জন, মহিলা ভোটাৰৰ সংখ্যা ১,১৩,৫৬৭ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৬। ডিমৰীয়া সমষ্টিত মুঠ ২,২১,০৯৯গৰাকী ভোটাৰ আছে। ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ২৪০টাৰ পৰা ২৬২লৈ বৃদ্ধি কৰা হৈছে। একেদৰে প্রকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি, এইবাৰ ৩৫নং নিউ গুৱাহাটী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৪,৩৯০জন, মহিলা ভোটাৰৰ সংখ্যা ১,০১,৬২১ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৫। নিউ গুৱাহাটী সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৬,০১৫ গৰাকী। সমষ্টিটোত এইবাৰ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ২০১ৰ পৰা ২১৯লৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ৩৬নং গুৱাহাটী চেন্ট্রেল সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৮,০৯১ গৰাকী। ইয়াৰ ৯৭,৮৮৫জন পুৰুষ, ১,০০,২০২গৰাকী মহিলা ভোটাৰৰ লগতে ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। গুৱাহাটী চেন্ট্রেল সমষ্টিত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ২০১ৰ পৰা ২১৮লৈ বৃদ্ধি কৰা হৈছে। ইপিনে প্রকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি এইবাৰ ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১০,৬২৪ গৰাকী। ইয়াৰ ১,০০,৪০৭জন পুৰুষ, ১,১০,২০৯ গৰাকী মহিলা আৰু ৮গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এইবাৰ জালুকবাৰী সমষ্টিত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ২২২ৰ ঠাইত ২৪৭লৈ বৃদ্ধি কৰা হৈছে। আয়ুক্ত সুমিত সাত্তাৱানে সদৰী কৰা অনুসৰি, খচৰা ভোটাৰ তালিকাত দিছপুৰ সমষ্টিত ‘ডি’ ভোটাৰৰ সংখ্যা ৩৫২, ডিমৰীয়া সমষ্টিত ১,৭৬৫, নিউ গুৱাহাটীত ৮০, গুৱাহাটী চেষ্ট্ৰেলত ১,১৭২গৰাকী আৰু জালুকবাৰী সমষ্টিত ৪৫৩গৰাকী। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী-আপত্তি থকাসকলে ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈ দাবী-আপত্তি দর্শাব পাৰিব। বিশেষকৈ এই সন্দর্ভত সংশ্লিষ্ট সম-জিলা আয়ুক্ত কাৰ্যালয় আৰু ভোটগ্রহণ কেন্দ্রসমূহত অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ’ব। খচৰা ভোটাৰ তালিকাৰ দাবী-আপত্তিৰ শেষ দিন ২ ফেব্ৰুৱাৰী আৰু চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ’ব। দাবী-আপত্তি থকাসকলে অনলাইনযোগে ভোটাৰ হেল্পলাইন এপৰ সহায়ত দাবী-আপত্তি দর্শাব পাৰিব আৰু সবিশেষ তথ্য সন্দৰ্ভত voters.eci.gov.inত লগ অন কৰিব পাৰিব বুলি আয়ুক্ত সুমিত সাত্তাৱানে জানিবলৈ দিয়ে।
