সম্পৰ্কবোৰক কেতিয়াও টকাৰে জোখা উচিত নহয়
শৈলেন কুমাৰ, মিৰ্জা
বৰ্তমান সময়ত সামাজিক নীতিআদৰ্শৰ স্খলনে ব্যক্তিগত সম্পৰ্ক আৰু সম্বন্ধবোৰতো আউল লগোৱা পৰিলক্ষিত হৈছে ৷ মানে আগৰ গৰু যিটো দিশে যায় পাছৰ গৰুৱে সেইদিশে গতি কৰিব ৷ যদি সম্পৰ্কবোৰত নিষ্ঠা নাথাকে পাছত সেই সম্পৰ্কবোৰে বোজ যেন অনুভৱ হব ধৰে ৷ সম্পৰ্ক স্বাধীন আৰু স্বনিৰ্ভৰশীল নহলে অসহায় আৰু সুবিধাবাদী হোৱাটো স্বাভাৱিক হৈ পৰে ৷ বৰ্তমানৰ সময়ত সকলোৱে ব্যস্ত কোনোৱে কাৰোবাবে খন্তেক সময় ৰৈ ভাবিবলৈ আহৰি নাই ৷ ভোগবাদ আৰু বস্তুবাদী সমাজখনত স্বাৰ্থই সৰ্বব্যাপী চৌদিশে৷ কিন্তু আমি স্বাৰ্থত অন্ধ হৈ বাৰু নিজকে পাহৰি গৈছোঁ নেকি? আমি আনক দোষাৰোপ কৰোঁ কিন্তু নিজক প্ৰশ্ন কৰাটো আত্মসন্মান ঘাটি হোৱা যেন অনুভৱ হয় ৷ বিজ্ঞজনে কয় টকাপইচা,ধনসম্পত্তি হেনো খন্তেকীয়া,আজি আত্মঅভিমানী হৈ আমি পাহৰি যাওঁ পৰিসমাপ্তিৰ সময়ত মানসন্মান,যশস্যা সকলো চাৰিখন কান্ধত উঠি অন্তিম যাত্ৰাৰ সহপাঠী হয় ৷ অজুহাত আৰু অভিযোগ জীৱনত নাথাকিলে মানুহৰ শান্তি হয় ৷ কিন্তু মোহাচ্ছন্ন পৃথিৱীৰ মায়াজালত আবদ্ধ হৈ আমি হৈ পৰোঁ একোএকোজন নিচাসক্ত ৷ নিচাহৰ ভাগ আকৌ বেলেগ বেলেগ সাংসাৰিক নিচাহ,ভৌতিক নিচাহ,সমাজ কল্যাণৰ নিচাহ,তামসিক নিচাহ,সাত্যকি নিচাহ,ৰাজসিক নিচাহ ইত্যাদি ৷ ভুলবোৰ শুধৰণি কৰাটোও জীৱনৰ এক সংজ্ঞা ৷ এজনৰ উন্নতি আনজন সম্বন্ধীয়ৰ বাবে চকুৰ কুটা দাঁতৰ হুল হৈ পৰে ৷ আমি আৰাম প্ৰিয় মানুহ কষ্টকৰ জীৱন আমাৰ মুঠেই সহ্য নহয় ৷ আমাৰ অধিকাংশৰে বৰ্তমানৰ চিন্তা বক্ৰপথৰে ধনসম্পত্তি গঢ়া ৷ আমি নিজস্ব সন্মানৰ কথা জীৱনৰ সৰ্বস্ব ত্যাগ কৰি হ’লেও অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু প্ৰতিবেশীৰ সন্মান ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ নকৰোঁ ৷ আমি জন্মৰে পৰা হিংসুক কিন্তু জীৱনত মানুহ হবলৈ পৰিস্থিতিয়ে শিকাই ৷ আমি ষড়যন্ত্ৰকাৰী কিন্তু ভুক্তভোগী আমি নিজেই,আমি অজ্ঞানতা আৰু অন্ধকাৰক প্ৰশ্ৰয় দিয়া মানৱৰূপী দানৱ ৷ সৃষ্টি য’ত ধ্বংসও ত’ত ৷ সংগ্ৰাম আৰু ত্যাগ অবিহনে মানুহ কেতিয়াও মানুহ নহয় ৷ ভেদাভেদ আৰু আপোনপৰৰ নিকৃষ্ট মানসিকতাই আমাক দিনকদিনে শোষণ কৰি আহিছে ৷ স্বাৰ্থপৰ সমাজৰ মাজত অধৰ্ম আৰু অনীতিৰ মাজত সত্য আৰু নিস্বাৰ্থবাদী শিখা প্ৰজ্বলিত কৰিব পাৰিলেহে সম্পৰ্ক আৰু সম্বন্ধবোৰ ধৰি ৰাখিব পৰা যায় ৷ অন্যথা সকলো হৈ পৰে এক বোজা স্বৰূপ ৷ টকা,ধনসম্পত্তি কেতিয়াও এটা সম্পৰ্ক সম্বন্ধৰ পৰিধি হব নোৱাৰে যদিহে সেই সম্পৰ্ক আৰু সম্বন্ধত নিস্বাৰ্থবাদী মনোভাৱ নিয়োজিত হৈ থাকে ৷
