যোৰহাটৰ আইশী প্ৰিশা বৰাক ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মৰ

যোৰহাটৰ আইশী প্ৰিশা বৰাক ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ যোৰহাটৰ ১৪ বছৰীয়া উদ্ভাৱক ছাত্রী আইশী প্রিশা বৰা আৰু মিজোৰামৰ লুংলেইৰ ৯ বছৰীয়া সংগীত শিল্পী এষ্টাৰ লালদুহমী নামটেক ক্রমে বিজ্ঞান-প্রযুক্তি আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা, নিষ্ঠা তথা অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান কৰা হয়।ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দুগৰাকী যুৱ প্ৰতিভাক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। আইশী প্ৰিশা বৰাই প্রাকৃতিক কৃষি পদ্ধতি, বাতৰিকাকতৰ মালচিং, বাতৰিকাকতৰ আৱৰ্জনাৰে পেঞ্চিল প্রস্তুত কৰিব পৰা মেচিনৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত উল্লেখযোগ্য উদ্ভাৱন প্ৰদৰ্শন কৰিছিল। তেওঁ আঞ্চলিক পৰ্যায়ৰ ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনী, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী, আহমেদাবাদৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছকে ধৰি কেইবাটাও সন্মানীয় মঞ্চত নিজৰ বিদ্যালয় আৰু অঞ্চলটোক প্রতিনিধিত্ব কৰি আহিছে। তেওঁৰ উল্লেখনীয় কৃতিত্বৰ ভিতৰত ২০২৫ চনৰ উদ্ভাৱন মহোৎসৱত ইনস্পায়াৰ মানক ৰাজ্যিক বঁটা (২০২২) আৰু দীননাথ পাণ্ডে ছিলভাৰ উদ্ভাৱক বঁটা লাভ কৰাটো অন্যতম। বহনক্ষম সমাধান আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে কৰি অহা তেওঁৰ ধাৰাবাহিক অভিযানৰ বাবে তেওঁ বিজ্ঞান তথা প্ৰযুক্তিৰ উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে। ইফালে, অতি কম বয়সতে হৃহৃদয়স্পর্শী দেশপ্রেমমূলক গীত পৰিৱেশনেৰে সমগ্ৰ দেশৰ শ্রোতা-দর্শকক মোহিত কৰিছে এষ্টাৰ লালদুহমী নামটেই। ইউটিউবত তেওঁৰ অভিনয়ে ২ ০ নিযুতকৈও অধিক ভিউজ লাভ কৰাৰ লগতে তেওঁৰ ১১.৩ লাখতকৈ অধিক ছাবস্ক্রাইবাৰ আছে। তেওঁক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰশংসা কৰাৰ লগতে তেওঁ ২০২৪ চনৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ মুকলি অনুষ্ঠানত, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থকা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ লাভ কৰিছিল। এক সাংস্কৃতিক পটভূমিৰ পৰা অহা এষ্টাৰৰ এই যাত্রা প্রতিভা, অধ্যৱসায় আৰু আৱেগৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে পৰিগণিত হৈছে। কণমানি কন্যা শিশুটিয়ে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আইশী প্ৰিশা বৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, আইশীয়ে প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰা আদি প্ৰকল্প ৰূপায়ণ কৰিছে। নিচেই কম বয়সৰ পৰাই বহনক্ষম পদ্ধতিৰ প্ৰসাৰৰ বাবে তেওঁৰ অহৰহ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু ই আমাৰ যুৱক-যুৱতীসকলক দৈনন্দিনভাৱে বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। উল্লেখ্য যে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২০ গৰাকী শিশুক প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। অনুষ্ঠানত উপস্থিতি থাকে কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সাবিত্রী ঠাকুৰ।