কামৰূপৰ পছৰীয়াত ৭৫টা ছাগলীক বিহ দি হত্যা

কামৰূপৰ পছৰীয়াত ৭৫টা ছাগলীক বিহ দি হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপৰ পছৰীয়াত সংঘটিত এক নিকৃষ্ট-হৃদয়বিদাৰক আৰু অমানৱীয় ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।কামৰূপ জিলাৰ অন্তৰ্গত পছৰীয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাই দুই-তিনি বছৰ পূৰ্বৰ পৰাই ‘মা পদুমী ছাগলী ফার্ম’ গঢ়ি ছাগলীৰ ব্যৱসায়েৰে নতুন প্ৰজন্মক স্বাৱলম্বিতাৰ পথ দেখুৱাইছিল। ২৫০টা ছাগলীৰ ফাৰ্মখনেৰে পৰিয়ালটিৰ জীৱন-জীৱিকাৰ পথ মুকলি কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছিল। ছাগলীপালক হিচাপে বিশেষ স্বীকৃতি লাভ কৰা দিবাকৰ কলিতাই পঞ্জাব, হাৰিয়ানা আদিৰ পৰা বিভিন্ন প্রজাতিৰ ছাগলী আনি ব্যৱসায়টো চলাই আছিল। তেওঁ জানিবলৈ দিয়া মতে, ইয়াৰ একোটা ছাগলীৰ মূল্য এক লাখ টকাৰ পৰা এক লাখ চল্লিশ হাজাৰ টকা। ছাগলী ফার্মখন জাকতজিলিকা হৈ উঠাৰ সময়তে কোনোবা দুর্বৃত্তই ৭৫টা ছাগলীক খাদ্যৰ লগত বিহ দি মাৰি পেলোৱা হৃদয়বিদাৰক ঘটনাই পৰিয়ালটিক হতাশাগ্রস্ত কৰি তুলিছে। দিবাকৰ কলিতা আৰু ভনিতা কলিতাই কয় যে ছাগলীবোৰৰ বাবে খাদ্য প্রস্তুত কৰি থকা সময়তে দুজন অচিনাক্ত লোক তেওঁলোকৰ ঘৰলৈ আহে। ভনিতা কলিতাই দুয়োজনকে বহিবলৈ দি তেওঁলোকৰ পৰিচয় আৰু উদ্দেশ্য জানিব বিচৰাত তেওঁলোকে ফার্মখন চাবলৈ অহা বুলি কৈ পানী খাব বিচৰাত ঘৰৰ ভিতৰৰ পৰা পানী লৈ আহোঁতে দুয়োজনকে ছাগলীৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ ওচৰত দেখা পায় । পিছত পানী খাই তামোল খাব বুলি কৈ যাব ওলোৱাত মহিলাগৰাকীয়ে নিজৰ ঘৰতে তামোল থকাৰ কথা কোৱাত তেওঁলোকে আন কিবা খাই আহি আছোঁ বুলি কৈ তাৰ পৰা আঁতৰি যায়। মহিলাগৰাকীয়ে তেওঁলোকে এই দুষ্কাৰ্য কৰাৰ সন্দেহ প্রকাশ কৰিছে। কিয়নো সেই খাদ্য খোৱা প্ৰতিটো ছাগলীৰ মৃত্যু ঘটিছে। পশু চিকিৎসা বিভাগৰ ১২গৰাকী চিকিৎসক আহিও ছাগলীৰ জীৱন বচাব নোৱাৰিলে। দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ ছাগলী ফাৰ্মত অচিনাক্ত দুর্বৃত্তই এই কর্ম অতি গোপনে কৰি লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন কৰোৱাৰ লগতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস নিমিষতে চুৰৰ্মাৰ কৰি দিলে। এই ফাৰ্মখনৰ পৰাই অসমৰ লগতে উত্তৰ-পূবৰ ভিন্ন প্রান্তলৈ ছাগলী যোগান ধৰি আহিছিল দুয়ো পতি-পত্নীয়ে। জীৱশ্রেষ্ঠৰ এনে নিকৃষ্ট কাণ্ডক সকলোৱে একে মুখে ধিক্কাৰ দিছে আৰু ইয়াৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।