ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক ৰদ বদল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক ৰদ বদল কৰিছে। ৰাজ্য চৰকাৰে ১৪ গৰাকী জিলা আয়ুক্তক ৰদ-বদল কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে প্ৰকাশ কৰা নির্দেশনা অনুসৰি সম্প্রতি হিংসাজৰ্জৰ হৈ থকা কাৰ্বি আংলং জিলাত আইএএছ বিষয়া আৰণ্যক শইকীয়াক নতুন আয়ুক্ত হিচাপে দায়িত্ব অর্পণ কৰিছে। বর্তমানে জিলাখনৰ আযুক্তৰ দায়িত্বত থকা নিৰলা ফাংছ’পিক অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। আনহাতে আন এক গুৰুত্বপূৰ্ণ সালসলনিত কামৰূপ (মহানগৰ) জিলাৰ নতুন আয়ুক্ত হিচাপে দায়িত্ব অর্পণ কৰা হৈছে তিনিচুকীয়া জিলাৰ বৰ্তমানৰ আয়ুক্ত স্বপ্নীল পালক। কামৰূপ (মহানগৰ) জিলাৰ বৰ্তমানৰ আযুক্ত সুমিত সাত্তাৱানক তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গাৰ্গক কাছাৰলৈ বদলি কৰা হৈছে। সেইদৰে ধুবুৰীৰ জিলা আযুক্ত দিবাকৰ নাথক বঙাইগাঁৱৰ জিলা আযুক্ত হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ আয়ুক্ত তথা বড়োলেও প্রশাসনিক ষ্টাফ কলেজৰ সঞ্চালক মাছান্দা মেগডালিন পার্টিনক অসম চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা কাৰাগাৰ সঞ্চালকালয়ৰ আইজি পূৱালী গোহাঁইক দৰং জিলাৰ জিলা আযুক্ত হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ আৰু হাউছিং এণ্ড আৰবান এফেয়াৰ্ছ বিভাগৰ যুটীয়া সচিব চিমি কৰণক তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তক কাৰাগাৰ বিভাগৰ আইজি হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ জিলা আযুক্ত নৱদীপ পাঠকক ধুবুৰীৰ জিলা আযুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। আনহাতে দৰঙৰ জিলা আযুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাট জিলাৰ দায়িত্ব দিয়া হৈছে। তামুলপুৰৰ জিলা আযুক্ত পংকজ চক্ৰৱৰ্তীক বড়োলেও প্রশাসনিক ষ্টাফ কলেজৰ সঞ্চালক পদত অধিষ্ঠিত কৰা হৈছে।
