লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল মুকলি প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপি নেতাসকলে বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্ণৌত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনাবলৈ ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি কৰে।এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌৰ এই ভূমি এক নতুন প্ৰেৰণাৰ সাক্ষী হৈ ৰ’ল। প্ৰধানমন্ত্ৰীয়ে লগতে দেশ আৰু সমগ্ৰ বিশ্বৰে খ্ৰীষ্টানধর্মী লোকসকললৈ পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। মোদীয়ে কয় যে ভাৰততো লাখ লাখ খ্রীষ্টানধর্মী পৰিয়ালে আজি পৱিত্ৰ বৰদিন পালন কৰিছে। তেওঁ জোৰ দি কয় যে এই বৰদিন পালনে প্ৰতিগৰাকী লোকৰ জীৱনলৈ কঢ়িয়াই আনিব অফুৰন্ত সুখ। এয়াই সকলোৰে সামগ্রিক শুভেচ্ছা। তেওঁ লগতে কয় যে ২৫ ডিচেম্বৰৰ দিনটো দেশৰ দুগৰাকী মহান ব্যক্তিৰ জয়ন্তী হিচাপে প্রসিদ্ধ। আজিৰ এই দিনটোতে জন্মগ্ৰহণ কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী আৰু ভাৰতৰত্ন মহামান্য মদন মোহন মালব্যই ভাৰতৰ পৰিচয় একতা আৰু গৰ্বৰ সুৰক্ষাৰ হকে নিজৰ জীৱন উছৰ্গা কৰিছিল।

প্রধানমন্ত্রী মোদীয়ে লগতে আৰু কয় যে এই দুয়োগৰাকী মহান ব্যক্তিয়ে তেওঁলোকৰ বিশাল বৰঙণিৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত এক পাহৰিব নোৱাৰা চিহ্ন ৰাখি থৈ গৈছে। তেওঁ আৰু কয় যে এই ২৫ ডিচেম্বৰৰ দিনটোতে মহাৰাজা বিজলী পাছিৰো জন্মবার্ষিকী। প্ৰধানমন্ত্ৰীয়ে মহামান্য মালব্যজী, অটলজী আৰু মহাৰাজা বিজলী পাছিজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ড° শ্যামাপ্রসাদ মুখার্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ বিশাল প্রতিমূৰ্তিয়ে অনুপ্ৰেৰণা যোগাই আছে। অটল বিহাৰী বাজপেয়ীৰ মন্তব্য উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ৰাষ্ট্ৰ প্ৰেৰণা স্থলে এনে এক বার্তা কঢ়িয়ায়, যিয়ে প্রতিটো খোজ, প্রতিটো প্রয়াস, ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি উৎসর্গিত হ’বই লাগিব। ৰাষ্ট্ৰক দিশ নির্দেশনা দিয়াৰ ক্ষেত্ৰত ড° শ্যামাপ্রসাদ মুখার্জীৰ নিৰ্ণায়ক ভূমিকাৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এইগৰাকীয়েই সেই ড° মুখার্জী আছিল, যিয়ে ভাৰতত দুখন সংবিধান, দুটা প্রতীক আৰু দুজন প্রধানমন্ত্রী থকা ব্যৱস্থাটোক প্রত্যাখ্যান কৰিছিল।

তেওঁ কয় যে ভাৰত স্বাধীন হোৱাৰ পিছত জম্মু আৰু কাশ্মীৰৰ যি সুকীয়া ব্যৱস্থা গঢ়ি তোলা হৈছিল, সিয়ে দেশৰ সংহতিৰ প্ৰতি গুৰুতৰ প্রত্যাহ্বান হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে গৰ্বৰে কয় যে তেওঁৰ চৰকাৰখনে সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সুযোগ লাভ কৰে আৰু আজি ভাৰতৰ সংবিধানখন জম্মু আৰু কাশ্মীৰতো সম্পূৰ্ণৰূপে বলবৎ হৈ আছে। প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল নিৰ্মাণৰ ক্ষেত্ৰত জড়িত সকলো শ্রমিক, শিল্পী, পৰিকল্পনাকাৰীৰ লগতে মুখ্যমন্ত্রী আৰু তেওঁৰ সহযোগীসকললৈ অভিনন্দন জ্ঞাপন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি অন্যান্য দলীয় শীৰ্ষ নেতাসকল উপস্থিত থাকে ।এই বিস্তৃত চৌহদটোত বাজপেয়ীৰ সমান্তৰালকৈ বিজেপিৰ মতাদৰ্শবাদী শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৬৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিও আছে । পদুম আকৃতিৰ গঠনত ডিজাইন কৰা আৰু ৯৮ হাজাৰ বৰ্গফুটত বিস্তৃত এটা অত্যাধুনিক সংগ্ৰহালয়ে দৰ্শনাৰ্থীসকলক জাতি নিৰ্মাণৰ ক্ষেত্ৰত এই নেতাসকলৰ অৱদানৰ বিষয়ে অন্বেষণ কৰিবলৈ সুবিধা প্ৰদান কৰিব ৷
