২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

PC - Daily Excelsior

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ এই আগমনতে গুৱাহাটীত মুকলি হ’ব আৰক্ষী আয়ুক্তৰ অত্যাধুনিক কার্যালয়।  কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা প্ৰকল্প উন্মোচনৰ লগতে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু যান-বাহন আৰক্ষীৰ চিচি টিভি নেটৱকো মুকলি কৰিব। ইয়াৰ বাবে অসম আৰক্ষীত চলিছে ব্যাপক প্রস্তুতি। বিশেষকৈ খানাপাৰাত মুকলি হ’বলগা ৮ মহলীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোৰ জৰিয়তে অসম আৰক্ষীৰ আধুনিকীকৰণৰ উদাহৰণ দাঙি ধৰিবলৈ বিচৰা হৈছে। মন কৰিবলগীয়া যে গুৱাহাটী আৰক্ষী আয়ুক্ত গঠনৰ পিছৰে পৰা স্থায়ী কাৰ্যালয় এতিয়ালৈ হৈ উঠা নাছিল। প্ৰথমতে কাছাৰীত থকা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা, পৰৱৰ্তী সময়ত নামনি অসমৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰু শেহতীয়াকৈ সচিবালয়ৰ প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদৰ পৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় পৰিচালিত হৈ আছে। আয়ুক্তৰ কাৰ্যালয়ৰ স্থায়ী ঠিকনা হিচাপে পৰিচিত হ’বলগা এই ৮ মহলীয়া বিশাল ভৱনটো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰাৰ প্ৰাক্‌মুহূৰ্তত ইয়াৰ প্ৰস্তুতিৰ বুজ ল’লে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে। ৮ মহলীয়া এই অত্যাধুনিক অট্টালিকাটোৰ প্ৰতিটো মহলাতে আধুনিকতাৰ সম্পূৰ্ণ দিশ তুলি ধৰা হৈছে। অট্টালিকাটোৰ অষ্টম মহলাটোত থাকিব আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ কোঠা তথা কেবিনেট। এই মহলাটোতে থাকিব এটা কনফাৰেঞ্চ কম। সপ্তম মহলাত থাকিব ডিচিপিসকলৰ কেবিনেটসহ কোঠা। ষষ্ঠ মহলাত থাকিব ক্রাইম আৰু অপাৰেচন ব্রাঞ্চ। যান-বাহন শাখা আৰু ডিচিপিৰ বাবেও বিশেষ কোঠা সাজু কৰা হৈছে পঞ্চম মহলাত। এই অট্টালিকাটোত প্রতিগৰাকী বিষয়াৰ বাবে থাকিব ড্রেছিং তথা ৰেষ্ট ৰুম। অট্টালিকাটোৰ লগতে থাকিব এটা তিনিমহলীয়া বেৰেক। য’ত থাকিব গাড়ীচালক, পিএছঅ’সকল। গ্রাউণ্ড মহলাত থাকিব দুটাকৈ প্রেক্ষাগৃহ। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষী আয়ুক্তৰ এই বিশাল ভৱনটো মুকলি কৰাৰ লগতে যান-বাহন আৰক্ষীৰ বাবে প্ৰস্তুত কৰা ইন্টেলিজেন্ট চিটী ছার্ভিলেঞ্চ ছিষ্টেম (আইচিএছএছ)ৰ অধীনত চিচি টিভি নেটৱৰ্ক এটাও মুকলি কৰিব। এই চিচি টিভি নেটৱৰ্কৰ জৰিয়তে যান-বাহন আৰক্ষীয়ে গুৱাহাটীৰ যান-জট তথা নিৰাপত্তাৰ দিশটোত নজৰ দিব পাৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্রমণসূচীতে খানাপাৰাত প্রায় নির্মাণ সম্পূর্ণ হৈ উঠা জ্যোতি-বিষ্ণু প্রেক্ষাগৃহটো মুকলি কৰিব। ৫ হাজাৰ লোকে একেসময়তে অনুষ্ঠান উপভোগ কৰিব পৰা প্রেক্ষাগৃহতো পূব ভাৰতৰ ভিতৰতে বিশাল প্রেক্ষাগৃহ। এই দুটা অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ বটদ্ৰৱাত উপস্থিত হৈ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি উলিওৱা বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ আগমনক লৈ ইতিমধ্যে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে জিলা প্রশাসনে।