জ্ঞানৰ মুকলি পথাৰ – আয়শা ছিদ্দিকা

Pc Unsplash

জ্ঞানৰ মুকলি পথাৰ 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

সৌ খালী পথাৰৰ মাজেৰে
বজাৰ এখনত গৈছিলোঁ
বজাৰ খন আছিল জ্ঞানৰ বজাৰ।

সম্মান বুটলি শ্ৰদ্ধা নিগৰাইছে
মৰমৰ টোপোলাৰে সমৃদ্ধ
ভিন্ন ৰঙৰ জ্ঞানৰ টোপাল
বিক্ৰী কৰি আছিল ।

সুধিলোঁ এটোপাল জ্ঞানৰ
মূল্য বাৰু কিমান…?
উত্তৰ স্বৰূপ আহিল
কিঞ্চিৎ সময়ৰ মূল্যৰে
ক্ৰয় কৰিব পাৰা এই জ্ঞান।

ৰঙ বিৰঙৰ সজ্জা পৰিহিত
ভিন্ন সুৰৰ ঝংকাৰে যেন
বজাৰখন আৰু আকৰ্ষণীয় ৰূপত
উপস্থাপন কৰি তুলিছে পথাৰখনত।

তাতে আকৌ ক্ষণিকতে প্ৰয়াত
হাৰ্টথ্ৰৱৰ সোঁৱৰণী মঞ্চখনত
তাৰে ভিন্ন ভাষাৰ গীত গাই
তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেখেতৰ ৰহস্যজনক মৃত্যুৰ
ন্যায় পোৱাৰ আশাৰ ৰেঙণি স্পষ্ট হয়
অসমৰ এক আজীৱন অক্ষত
প্ৰছন্ন অভেদ্য যন্ত্ৰণা।