মডাৰ্ণ হাইস্কুল ছিনিয়ৰ বিদ্যালয়ত প্ৰদৰ্শনী অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে এই বছৰো গুৱাহাটীৰ গীতানগৰস্থিত মৰ্ডান হাইস্কুল ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খনে ২৩ ডিচেম্বৰ ২০২৫ বৰ্ষত বাৰ্ষিক বিদ্যালয়ৰ প্ৰদৰ্শনী অনুষ্ঠানখন অনুষ্ঠিত কৰিছিল। এই অনুষ্ঠানখনিত বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক শ্ৰী সুজয় মজুমদাৰ আৰু নিৰজু ৰায়দেৱক। বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠাত ছাত্ৰ -ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভাৰে বিভিন্ন ধৰণৰ মডেল, চিত্ৰ ইত্যাদি বাৰ্ষিক বিদ্যালয়ৰ প্ৰদৰ্শনী অনুষ্ঠানখনত প্ৰদৰ্শিত কৰিছিল। ভৱিষ্যতে শিক্ষাৰ লগতে ছাত্ৰ -ছাত্ৰীসকলক একো একোজন সুদক্ষ ব্যৱসায়িক গঢ় দি তোলাৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল এনেদৰে গুৱাহাটীৰ গীতানগৰস্থিত মৰ্ডান হাইস্কুল ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খনে বিদ্যালয়ৰ বাৰ্ষিক প্ৰদৰ্শনী অনুষ্ঠানখনি সুকলমে উলহ- মালহেৰে আয়োজিত কৰিবলৈ সক্ষম হৈছিল।
