সাঁতোৰবিদ,সমাজ কৰ্মী ৰমেন দাসৰ বিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাঁতোৰ জগতৰ এগৰাকী মহীৰূহ স্বৰূপ, অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱৰ লৌহপুৰুষ প্ৰেমদা কান্ত শৰ্মা বটাঁ প্ৰাপক গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, অসম চুইমিং ক্লাৱ আৰু অসম জগিং ক্লাৱৰ অন্যতম প্ৰতিষ্ঠাপক,কামৰূপ মহানগৰ জিলা ন্যায়াধীশৰ দ্বাৰা মনোনীত হৈ ঐতিহাসিক শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় মেনেজিং সমিতিৰ সদস্য,কামৰূপ নাট্য সমিতিৰ সদস্য,বাৰোৱাৰী নামঘৰ, শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয় তথা নৱৰং ক্লাৱৰ অন্যতম প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় আন্তৰ্জাতিক খ্যাতিসম্পন্ন কেইবাগৰাকীও সাঁতোৰবিদক সৃষ্টি কৰি ইতিহাস ৰচিবলৈ সক্ষম হোৱা সমাজ কৰ্মী ৰমেন দাসৰ বুধবাৰে ৰাতিপুৱা ৯.৪৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হোমত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭৫ বছৰ হৈছিল। বিশিষ্ট ব্যক্তিগৰাকী বিয়োগত গুৱাহাটীত শোকৰ ছাঁ পৰে। অসম ক্ৰীড়া সন্থাৰ সভাপতি, বিশিষ্ট সাঁতোৰবিদ তথা আন্তৰ্জাতিক খেলুৱৈ সংগঠক,গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি কৈলাশ শৰ্মা আৰু কামৰূপ নাট্য সমিতি তথা নৱৰং ক্লাৱৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগতে উগ্ৰতাৰা দেৱালয়ৰ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকাকুল পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে এটি পুত্ৰ আৰু এগৰাকী জীয়ৰী এৰি থৈ যায়।
