অতৃপ্ত আত্মা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
সূৰুযৰ কিৰণত আজি যেন মাদকতা নাই। ৰুক্ষতাৰ ভাৱ যেন স্পষ্ট। বতাহৰ নিশ্বাসত এক অদ্ভুত শিহৰণ বৈ আছে। পৰিৱেশ যেন শান্ত। গছৰ পাতেও লৰচৰ কৰাত যেন এক সীমাৰেখা অংকণ কৰিছে। দূৰৰ পৰা মাথোঁ কেঁচুৱাৰ কান্দোনৰ শব্দ ভাঁহি অহাৰ বাদে গাঁওখন যেন মৰিশালিলৈ ৰূপান্তৰিত হৈছে। মানুহ বাদেই কোনো কোনো জীৱ জন্তুৱেও যেন শব্দ কৰাৰ সাহস কৰিব পৰা নাই।
মাথোঁ চৰাইবিলাক গাঁওৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ অহা যোৱা কৰি আছে। যেন কোনো এক ভয়ংকৰ ঘটনাৰ সাক্ষী স্বৰূপ সাক্ষ্যদান কৰিবলৈ উদ্যত কিন্তু বিচাৰকৰ আসনৰ পৰা হে সাক্ষ্য দিয়াৰ অনুমতি পোৱা নাই সেইবাবে সাক্ষ্য দিব নোৱাৰি অনাকাংক্ষিত ঘটনাৰ বৰ্ণনা দিয়াৰ চেষ্টা কৰি আছে । গাওঁৰ মানুহে চৰাইৰ ভাষা বুজিলে নে নাই কিন্তু চৰাইয়ে তাৰ বৃথা চেষ্টা অব্যাহত ৰাখি উৰি থাকিল গাওঁৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ।
গাওঁৰ পশ্চিমফালে থকা সৰু বাঁহনীডৰাৰ ওচৰতে গাঁওখনৰ সুখ দুখৰ সাক্ষী হিচাপে স্থিৰে ৰৈ থকা ওখ শিমলু গছৰ তলত গাওঁৰ মানুহে জুম বান্ধিছে পুৱাৰ পৰাই। কিন্তু কোনো চিঞৰ বাখৰ নাই কোনো হৈ চৈ নাই ,না আছে কোনো অপৰাধবোধ। আছে মাথোঁ এক অদৃশ্য আৰু অপ্ৰকাশিত আতংক। এক কাংক্ষিত ভয় । এই ঘটনা যেন তেনেই স্বভাৱিক। হোৱাৰ কথা আছিল বুলিয়ে হৈছে। কিন্তু ভিতৰৰ উজ্বলিত ভয় যেন তথাপি মূৰ দাঙি আৰু বাঢ়ি আছে । কিন্তু চেহেৰাৰ অভিব্যক্তিত সেই ভয়ৰ ছাপ যেন অস্পষ্ট। যেন একো হোৱা নাই কৰ্মফল হে এইয়া।
প্ৰতিদিনৰ দৰেই যোৱা ৰাতিও কান্দোনৰ শব্দ ভাহি আহিছিল সেই শিমলু গছৰ ওচৰৰ পৰা। কিন্তু গাঁওবাসীয়ে গুৰুত্ব দিয়া নাছিল । কাৰণ ৰুণজুনৰ মৃত্যুৰ পিছৰ পৰা প্ৰতিদিন সেই একে ঠাইৰ পৰা প্ৰতি দুভাগ ৰাতিত কান্দোনৰ শব্দ ভাঁহি আহে। কেতিয়াবা চিঞৰি চিঞৰি, কেতিয়াবা সৰু ছোৱালীৰ দৰে আৰু কেতিয়াবা ভৰ্ৎসনা মিহলি ক্ৰন্দন। সেইবাবেই গাঁওৰ মানুহৰ এই কান্দোনৰ শব্দ যেন চিৰপৰিচিত। ভয় জাগ্ৰত হ’লেও যেন অস্বভাৱিক কোনো বিষয় নহয় এইটো।
হস্তিনাপুৰ গাওঁখন এটা সময়ত সুখৰ সমুদ্ৰ আছিল। কোনো হাই কাজিয়া নথকা হিংসা নথকা সৰগতুল্য ।গাওঁৰ মুখিয়ালজনৰ কথাই আছিল গাঁওবাসীৰ কাৰনে ঈশ্বৰবাক্য। সকলোৰে মুখিয়ালজনক যিমান ভাল পাইছিল সিমান সম্মান আৰু শ্ৰদ্ধাৰো যেন কমতি নাছিল।
কিন্তু ৰুণজুন অলপ বেলেগ প্ৰকৃতিৰ ছোৱালী আছিল। তেঁও সকলো বিষয়ত মুখিয়ালৰ সিদ্ধান্ত সঠিক বুলি অস্বীকাৰ কৰি প্ৰতিবাদ কৰা বিধৰ ছোৱালী আছিল। যাৰ বাবে মুখিয়ালজনৰ লগত বহুদিন বাক-বিতণ্ড নোহোৱা নহয়। এইবোৰ বিষয়লৈ সমীৰৰ লগতো কাজিয়া হয়। কিন্তু কাজিয়া হ’লেও সমীৰৰ বাহিৰে ৰুণজুনৰ আৰু আছে কোন,তাতে আকৌ ৰুণজুন সমীৰৰ সন্তানৰ মাক হ’বলৈ গৈ আছে। হেজাৰ হওক মুখিয়ালৰ বংশধৰ তাইৰ উধৰত। মুখিয়ালজনে এতিয়াও সেই বিষয়ে অৱগত নহয় সেইটো বেলেগ কথা।
শিমলু গছৰ তলৰ পৰা যেন এক ভয়ানক ভয়ৰ বা বৈ গোটেই গাঁওখন বিয়পি পৰিছে। ইতিমধ্যে গাওঁৰ সকলো মানু্হ তাতেই জুম বান্ধিছে। সেই কাংক্ষিত মৃতদেহ দুটা চোৱাৰ বাবে। এজনীৰ চুল উখৰা হৈ লাওখোলাৰ পৰা বেলেগ হৈ পৰি আছে। চকু এটা তুলি কপালত লগাই থোৱা, এটা চকুত জোঙা লোঁ এটাৰে ফুটা কৰি থৈছে।
মূৰটো কটা শৰীৰ পৰা বেলেগ হৈ আছে। হাত ভৰিৰ ছাল ছিঙি শিমলু গছৰ ডাল এটাত ওলমাই থোৱা আছে আন এটা মৃত দেহৰ সৈতে বান্ধি। এনেকুৱা দৃশ্য যেন নতুন নহয়।
কেইদিনমান আগতেও একেই ঠাইতে এটা মৃত দেহ পৰি আছিল। মুখৰ ছাল সম্পূৰ্ণ ছিঙা আৰু হাত ভৰি কাটি আঙুলিবোৰ টুকুৰা টুকুৰ কৰি থোৱা। যেন কোনোবাই মানুহ এটা কাটি বিক্ৰী কৰাৰ কাৰণে ভগাই থোৱা আছে যাৰ যি অংশ পছন্দ লৈ যাব পাৰে।
গাওঁবাসীয়ে ইয়াৰ তাণ্ডৱৰ পৰা মুক্তি পোৱাৰ দিহা দিশ বিচাৰিও কোনো পথ পোৱা নাই। তাৰ আত্মা তৃপ্ত হ’লেই যেন এই মৃত্যু তাণ্ডৱ বন্ধ হৈ যাব।
গাওঁত এবাৰ মহামাৰীয়ে দেখা দিছিল। বহু লোক এই মহামাৰীত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তেতিয়া গাঁওবাসীয়ে এই মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ বাবে মুখিয়ালজনৰ ওচৰত পৰামৰ্শ বিচাৰিলে। মুখিয়ালজনে ক’লে কুল দেৱতা তেঁওলোকৰ ওপৰত অসন্তুষ্ট সেইকাৰণে গাঁওৰ মানুহৰ ওপৰত এনে মহামাৰীৰ ৰূপে অভিশাপ দিছে। গাওঁবাসীয়ে উপায় বিচৰাত মুখিয়ালজনে কিছুদিনৰ সময় ল’লে।
প্ৰায় তিনিদিনমান পিছত মুখিয়ালজনে ঘোষণা কৰিলে গাঁওৰ ছোৱালী এজনীৰ ওপৰত ডাইনী এটা লম্ভি এনেকৈ মহামাৰী বিয়পায় আছে। এতিয়া সেই ছোৱালীজনীক চিতাগ্নিত নিদিলে গোটেই গাঁওখন মহামাৰীত শেষ হৈ যাব।
গাওঁৰ মানু্হখিনিয়েও কথাটো বিশ্বাস কৰি ল’লে।
কাৰ্য্যক্ৰমৰ দিন ধাৰ্য্য কৰা হ’ল। ছোৱালীজনীক এই বিষয়ে অৱগত কৰিবলৈও হাক দিলে। আৰু জ্ঞাত হ’লে অমান্তি হ’ব বুলি গাওঁৰ মানুহখিনিয়েও মনে মনে কথাটো গোপন ৰাখিলে।
সমীৰৰ লগত কথা পাতি ৰুণজুন আহি শুৱাপাটিত পৰিল। তাইৰ মনটো আজি ভাল লাগি আছে । কাৰণ সমীৰে কৈছে দেউতাই মানে মুখিয়ালজনে সিহঁতৰ লগতে অনাগত সন্তানটোক মানি লৈছে । কিছু দিনৰ ভিতৰত ধুম ধাম আয়োজনেৰে হোমৰ গুৰিত বহিব দুয়ো। এইবোৰ ভাবি ভাবি ৰুণজুন টোপনিৰ ৰাজ্যত হেৰাই গ’ল।
তাই চকু মেলিলে যেতিয়া জুইৰ তাপ তাৰ কাপোৰ ভেদ কৰি গাত লাগিল তেতিয়া। ইতিমধ্যে তাইৰ শৰীৰত জুই লাগিছে। ছট ফটাই তাই উঠাৰ চেষ্টা কৰোঁতে হাত ভৰি টানকৈ বন্ধা অনুভৱ কৰিলে। তাই চিঞৰিলে,বৰকৈ চিঞৰিলে কিন্তু কোনেও তাইৰ চিৎকাৰ যেন শুনা নাপালে। আৰু শুনা পালেও যেন অলপ দয়া নহ’ল । সকলো আজি স্বাৰ্থপৰ হৈ গৈছে । নিজক ৰক্ষা কৰাৰ কাৰণে এজন জীৱন্ত প্ৰাণ জুইৰ বুকুত এৰি দিছে। তাৰ চিঞৰ, আকুতি,জীৱন ভিক্ষা, তাইৰ চকু পানীয়ে যেন কোনো এজন মানুহৰ মন গলাব নোৱাৰিলে তেতিয়া।
গাঁওবাসীয়ে যেন মুখিয়ালজনৰ অপ্ৰীতিকৰ ৰহস্যজনক মৃত্যুৰ পিছত কথাটো বুজি পাইছিল। আৰু আত্মোউপলব্ধি কৰি নিজক ক্ষমা কৰিব পৰা নাছিল। আৰু তেখেতৰ মৃত্যুও যে নিশ্চিত সেইটো স্বীকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছিল। আৰু সেইকাৰণে চাগে ইমান মৃত্যু আৰু মৃতদেহ দেখিও আতংকিত নহয়। গাঁওৰ পৰা পলাই যোৱাৰো সুবিধা নাই। এটা পৰিয়াল যাবলৈ লৈছিল পিছদিনা ৰাতিপুৱা সেই পৰিয়ালৰ গোটেই কেইজনৰ মৃতদেহ সেই শিমলু গছত ওলমাই থোৱা দেখা পাইছিল। তেতিয়াৰ পৰা আৰু পলাই যোৱাৰ কাৰণে কোনেও চেষ্টা কৰা নাছিল।
আজি যি দুজন ব্যক্তিৰ মৃতদেহ ইয়াত পোৱা গৈছে তাৰে এটা সমীৰৰ ঘৈনিয়েক। মাত্ৰ তিনিমাহ মাহ আগতে ছোৱালী এজনী জন্ম দিছে। অপৰ্ণাৰ কু-কথাতে মুখিয়াল জনে ৰুণজুনক মহামাৰীৰ কাৰণ সজাই হত্যা কৰিছিল আৰু পুতেক সমীৰক নিজে মৰাৰ হুমকি দি বিয়া পাতি দিছিল। ৰুণজুন নথকাৰ সাত বছৰ পাৰ হৈ যোৱাত সমীৰেও পিতাকৰ কথাত বিয়া পাতি ল’লে। আৰু সেই ৰাতিৰ পৰা আৰম্ভ হ’ল গাঁওখনৰ বেয়া দিন।
মুখিয়ালজনক হত্যা কৰাৰ আগতে ৰুণজুনে মুখিয়ালজনৰ ওচৰত সুধিছিল…
: মোক কিয় জুইত পুৰি হত্যা কৰিলি…?
ইমান ভৰাঠ কণ্ঠস্বৰ শুনি মুখিয়ালজনৰ ভয়ত অন্তৰ আত্মা শুকাই গ’ল আৰু ইফাল সিফালে কণ্ঠস্বৰ অনুসৰণ কৰি বিচাৰিব ধৰিলে।
খোলা খিৰিৰ পৰ্দা বতাহত উৰি আছিল যদিও বাহিৰত বতাহৰ চিন-চাব নাছিল।
তাতেই দেখা পালে এটা অস্পষ্ট ৰূপত ভাঁহি অহা এটা চিনাকী মুখ। মুখখন সম্পূৰ্ণ পুৰি গৈছে। হাত ভৰিও পুৰি ছালবোৰ লেৰেলি গৈছে। চুলিকোছা বতাহত উৰি আছে। চকুত মনি নথকা বগা এটা অৱৰণে যেন এক দৰ্দনাক ঘটনাৰ সাক্ষী স্বৰূপ স্থিৰে ৰৈ আছে। আৰু প্ৰতিশোধৰ অগ্নিশিখা যেন ধাও ধাও কৈ জলিছে বগা চকুযোৰিত।
কণ্ঠস্বৰ এতিয়া যেন অলপ কোমল হ’ল
: মই কি দোষ কৰিছিলোঁ। মোৰ অনাগত সন্তানটোৱে কি দোষ কৰিছিল। যিয়ে পৃথিৱীৰ পোহৰো দেখা নাপালে। তাইৰ মুখত ‘ মা ‘ শব্দটোও শুনা নাপালোঁ। সি আপোনাৰ নিজৰ বংশৰ এগছি চাকি আছিল। সকলো জানিও, মানি লৈও কিয় এনে কৰিলে।
মুখিয়ালজন যেন ভয় আৰু অপৰাধবোধত মুখেৰে একো মাতিব পৰা নাই। মাথোঁ ক’লে মোক অপৰ্ণাই……. কথাতো সম্পূৰ্ণ হোৱাৰ আগতেই ডিঙিত চেপি ধৰা অনুভৱ কৰিলে। আৰু লাহে লাহে শৰীৰ নিস্তেজ হৈ পৰিল।
এনেকৈ কেইবাবাৰ হ’ল পিছত চকু দুটা ওলোটাই সিলিং ফেনৰ লগত ওলমি থাকিল।
সেই দিনৰ পিছৰ পৰা প্ৰতিটো ৰাতি যেন যমদূত নিজে নামি আহে গাঁওখনত আৰু গাঁৱৰ মানুহৰ শান্তিৰ টোপনি যেন নিজে হাতে কাঢ়ি এক অজান ভয়ৰ সূচনা কৰি দিয়ে প্ৰতিজন মানুহৰ মনত।
