ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল-মাকুম সমষ্টিত মহিলা উদ্যমিতাৰ চেক বিতৰণ

ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল-মাকুম সমষ্টিত মহিলা উদ্যমিতাৰ চেক বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ ২১,১৯৮ গৰাকী আৰু তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিৰ ২২,০৬৯ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। চাবুৱা-লাহোৱাল সমষ্টিৰ হিতাধিকাৰীৰ ২০,৫৭৫ গৰাকী গ্রামাঞ্চলৰ আৰু ৬২৩ গৰাকী নগৰাঞ্চলৰ। আনহাতে, মাকুম সমষ্টিৰ হিতাধিকাৰীসকলৰ ভিতৰত ২০,৯০০ গৰাকী গ্রামাঞ্চলৰ আৰু ১,১৬৯গৰাকী নগৰাঞ্চলৰ। এই উপলক্ষে চাবুৱাৰ দিনজয় চাহ বাগিচা খেলপথাৰ আৰু তিনিচুকীয়াৰ জনমুখ খেলপথাৰত আয়োজিত দুখন পৃথক জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ নাৰী সমাজক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি পর্যন্ত ৰাজ্যৰ ৫৫টা বিধানসভা সমষ্টিৰ ১৫ লাখ উদ্যমী মহিলাই ১০ হাজাৰ টকাকৈ প্রথম কিস্তিৰ চেক লাভ কৰিছে আৰু বাকীসকলেও অতি সোনকালে এই চেক লাভ কৰিব। তেওঁ কয় যে ইতিমধ্যে যিসকল মহিলাই এই পুঁজি লাভ কৰিছে, তেওঁলোকে কিবা নহয় কিবা উৎপাদনমুখী কামত নিজকে জড়িত কৰিছে আৰু এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিছে। চাবুৱা-লাহোৱাল আৰু মাকুম সমষ্টিৰ মহিলাসকলেও এই পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। আজি বিতৰণ কৰা ১০ হাজাৰ টকাৰ চেকখন এই আঁচনিৰ মাথোঁ আৰম্ভণিহে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী সদস্যা লাখপতি বাইদেউ নোহোৱালৈকে এই আঁচনি অব্যাহত থাকিব। অসমৰ ৮ লক্ষাধিক মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মৰ্যাদা লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে বেংক অথবা আত্মসহায়ক গোটৰ পৰা ঋণ লৈ একো একোটা উৎপাদনমুখী কামত নিজকে নিয়োজিত কৰিছে আৰু সফলতা লাভ কৰিছে। ইয়াৰে কিছুসংখ্যক মহিলাই বছৰি ১০ লাখতকৈ অধিক ধন উপাৰ্জন কৰি ‘মহালাখপতি বাইদেউ’ হিচাপেও পৰিগণিত হৈছে বুলি তেওঁ অৱগত কৰে।

ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে অসমবাসীৰ দৈনন্দিন জীৱনৰ বাবে প্রয়োজনীয় ৯০ শতাংশ বয়-বস্তু আমি বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। আমি কণী, কুকুৰা, গাহৰি, শাক-পাচলিকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ বাবে বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত দৈনিক ২৫ লাখ লিটাৰ গাখীৰৰ প্ৰয়োজন, কিন্তু অসমত দৈনিক মাত্র ৩ লাখ লিটাৰ গাখীৰহে উৎপাদন হয়, বাকী ২২ লাখ লিটাৰ আমি বিহাৰ, গুজৰাট, কৰ্ণাটকৰ দৰে ৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। তেওঁ কয় যে গুজৰাটত দৈনিক ১ কোটি ৬০ লাখ লিটাৰ আৰু কৰ্ণাটকত ৮০ লাখ লিটাৰ গাখীৰ উৎপাদন হয়। তেওঁ আক্ষেপ প্রকাশ কৰে যে বহিঃৰাজ্যৰ পৰা অসমলৈ সামগ্রীভর্তি ট্রাক অহাৰ বিপৰীতে অসমৰ পৰা খালী ট্রাক উভতি যায়। চাহৰ বাহিৰে অসমৰ পৰা বিশেষ কোনো সামগ্ৰীয়ে ৰপ্তানি নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে আলু-পিঁয়াজ, শাক-পাচলি, দাইল-চাউল আদি সকলো সামগ্ৰী বাহিৰৰ পৰা আহে, আমি ব্যৱসায় কৰোঁ আৰু ১০০ টকাৰ ৮০ টকাই বাহিৰৰ প্ৰদেশলৈ গুচি যায়। আমাৰ জাতিটোক যদি নিজৰ ভৰিৰ ওপৰত থিয় কৰাব লাগে, আমি গ্রাম্য অর্থনীতিক শক্তিশালী কৰাৰ পথ বিচাৰি উলিয়াব লাগিব বুলি তেওঁ মন্তব্য কৰে। অসমত এতিয়া মহিলা আত্মসহায়ক গোটসমূহ সংগঠিত শক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো গোটৰ প্ৰতিগৰাকী মহিলাই যদি উৎপাদনৰ কামত নিজকে জড়িত কৰিব পাৰে তেন্তে ১০ বছৰৰ ভিতৰত অসমৰ অৰ্থনীতি স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব। এখন সমাজে নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ গ্রাম্য অর্থনীতি শক্তিশালীকৰণৰ বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এখন গাঁরে নিজে ব্যৱহাৰ কৰা সকলো সামগ্রী নিজৰ গাঁওখনতে উৎপাদন কৰিব পাৰিলেহে আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰ ৰাজ্য হিচাপে থিয় দিব পাৰিব। এই উদ্দেশ্যৰেই ৰাজ্য চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি আৰু মহালাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ এই বিশেষ পদক্ষেপ হাতত লোৱা বুলি তেওঁ মন্তব্য কৰে। পূৰ্বৰ চৰকাৰসমূহে ৰাজ্যৰ নাৰী সমাজৰ শক্তিক উপলব্ধি কৰা নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে পূৰ্বৰ চৰকাৰবোৰে যদি বহু পূর্বেই এই আঁচনি হাতত ল’লেহেঁতেন অসমৰ অর্থনীতি আজি যথেষ্ট শক্তিশালী হ’লহেঁতেন।

আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভকৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব। উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। ৰাজ্য চৰকাৰে নাৰী সমাজৰ সন্মান বৃদ্ধি আৰু মহিলা সবলীকৰণৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, নিযুত মইনা, বাল্যবিবাহ ৰোধ, বহু বিবাহ প্ৰতিৰোধী আইন আদিৰ কথা বিশদভাবে ব্যাখ্যা কৰে। চাবুৱা-লাহোৱাল সমষ্টিত ৩৩,৭০৯ গৰাকী হিতাধিকাৰীয়ে বৰ্তমান অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আন ৩ হাজাৰ মহিলাকো অৰুণোদয়ৰ অধীনত শীঘ্রেই সামৰি লোৱা হ’ব। সমষ্টিটোত মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ জৰিয়তে ৩,১২৯গৰাকী ছাত্রী উপকৃত হৈছে, ৬০,৮০০খন ৰেচন কার্ড বিতৰণ কৰা হৈছে আৰু ‘এটি কলি দুটি পাত’ আঁচনিৰ জৰিয়তে ৩২,৬৭৬গৰাকী হিতাধিকাৰী উপকৃত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মাকুম সমষ্টিত ২৯,৫২২গৰাকী হিতাধিকাৰীয়ে বৰ্তমান অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আন ২-৩ হাজাৰ মহিলাকো অৰুণোদয়ৰ অধীনত শীঘ্রেই সামৰি লোৱা হ’ব। অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা ১ জানুৱাৰীত এক বিশেষ উপহাৰ লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।